পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
সাহিত্য


তেওঁৰ নামে ইয়াৰ নামকৰণ কৰা হৈছে। এই ধূমকেতুটো পঁয়সত্তৰ বছৰৰ মূৰে মুৰে দেখা দিয়ে। আমি ওপৰত-কোৱা চনৰ ষোল এপ্ৰিলৰ দিনা ইউৰোপত ইয়াক দেখিছিল; সেই তাৰিখৰপৰা তিনি দিনলৈ ইয়াৰ যিবোৰ ফটো হৈছিল, তাত কেৱল এটা ডাঙৰ ডিম্বাকাৰ মূৰহে দেখিছিল; একৈশ এপ্ৰিলৰ দিনা তাৰপৰা সৰু সৰু নেজ ওলোৱা দেখিবলৈ পায়, পাচত সেই নেজ ক্ৰমে বাঢ়িবলৈ ধৰে। গোটাই ব'হাগ মাহ ই শুক্ৰগ্ৰহৰ ওচৰতে ওলাইছিল; তাৰ পাচত ক্ৰমে ই সূৰ্য্য আৰু পৃথিবীৰ ওচৰ চাপে। জেঠৰ চাৰি তাৰিখে এই হেলিৰ ধূমকেতুৰ নেজ পাঁচকোটি মাইলৰো বেচি দীঘল হৈছিল; সেইদিনা ভাৰতবৰ্ষত আৰু পৃথিবীৰ অন্যান্য বহুত ঠাইত ধুমুহা বতাহ, বৰষুণ, বজ্ৰপাত আদি হৈছিল। আহাৰ মাহত হেলিৰ ধূমকেতু পশ্চিম আকাশত কৰ্কট আৰু সিংহৰাশিৰ ওচৰত দেখা গৈছিল, তাৰ পাচত ই সৰু হৈ অদৃশ্য হয়।