পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৭৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
সাহিত্য


দিবলৈ ওলায়? বেজীৰ আগত যিমান মাটি ঢাক খায় সিমান পৰিমাণৰ মাটি মোক এৰি দিবলৈও তুমি স্বীকাৰ কৰা নাছিল, এতিয়া কেনেকৈ বা সমুদায় ভূমণ্ডল দান কৰাঁ? এইবোৰ বলিয়ালি এৰাঁ; মনত ৰাখিবা এতিয়া তোমাৰ জীৱন আমাত আৰু আমাৰ জীৱন তোমাত নিৰ্ভৰ কৰিছে। তুমি আমাক জয় কৰি অখণ্ড ভূমণ্ডল শাসন কৰাঁ, নাইবা আমাৰদ্বাৰা নিহত হৈ পৰম মনোহৰ লোকলৈ গতি কৰাঁ। তুমি পাহৰিলানে, আমাক অগ্নিত দগ্ধ কৰিবলৈ যত্ন কৰিছিলা! সাপৰ বিষ খুৱাই পানীত ডুবাবলৈও ক্ৰুটী কৰা নাছিলা! তুমি ৰাজ্য হৰণ কৰি দ্ৰৌপদীক কি ব্যৱহাৰ কৰিছিলা? এইবোৰ কাৰণত তুমি জীয়াই থাকিব নোৱাৰিবা; পানীৰপৰা উঠাঁ আৰু আমাৰ লগত যুদ্ধ কৰাঁ। ”

 এইদৰে যুধিষ্ঠিৰ আৰু তেওঁৰ ভ্ৰাতৃসকলৰ তৰ্জ্জন-গৰ্জ্জন আৰু কটুবাক্যবোৰ কাণত পৰাত ৰজা দুৰ্য্যোধন অস্থিৰ হল। তেওঁ ঘনাই ঘনাই দীঘল হুমুনিয়াহ পেলাবলৈ ধৰিলে; আৰু পাচত হাত কঁপাই কঁপাই কলে—“হে পাণ্ডৱসকল, তোমালোক নিজ সুহৃৎ আৰু ৰথ-বাহনে সৈতে আছা, মই অকল; মোৰ ৰথ নাই, বাহন নাই, মই অতি কষ্টত আছোঁ। হে যুধিষ্ঠিৰ, তোমালোকে এজন এজনকৈ মোৰ লগত যুদ্ধ কৰাঁ। যুদ্ধত এজনৰ লগত একেসময়তে বহুতে ৰণ কৰা ন্যায়সঙ্গত নহয়। বিশেষ মোৰ কবচ নাই, মোৰ শৰীৰৰ অত্যন্ত ক্ষত-বিক্ষত, তদুপৰি মই শ্ৰান্ত আৰু আপদগ্ৰস্ত। মই তোমালোকৰ কাকো