সাহিত্য - সপ্তম ভাগ/সঙ্গ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ ৬২ ]

সঙ্গ।

সত্য শৌচ দয়া  মৌন বুদ্ধি লজ্জা
 শ্ৰী যশ ক্ষমা যত।
সম দম মহা  ভাগ্য ইটো সৱে,
 নষ্ট হোৱে দুঃসঙ্গত॥

শুনিওক এবে, অসাধু সৱৰ
 লক্ষণ কৰোঁ বিদিত।
মহা অহমিকা  নুগুছে মনত,
 সদা ক্ৰোধপৰ চিত্ত॥

দেহ-অহঙ্কাৰে  মহন্তজনক
 কৰয় নিন্দা অধিক।
ইটো দুৰ্জ্জনৰ  নলৈবেক সঙ্গ,
 ভকতি যিটো ৰসিক॥

অসন্ত সবক  নিন্দিয়া সন্তৰ
 মহিমা কৰোঁ বিদিত।
উপদেশ দিবে নলাগে, সন্তৰ
 চাপোক মাত্ৰ সন্নিত॥

[ ৬৩ ]

এতেকে সংসাৰ তৰিবেক সুখে
 শুনিও দৃষ্টান্ত আৰ।
অগ্নিৰ আশ্ৰয়  পাইলে যেন গুচে
 ভয়-শীত-অন্ধকাৰ॥

সন্তৰ আশ্ৰয়  পাইলে সেহি মতে
 ত্ৰিতয় কাৰ্য্য সাধয়।
গুচে কৰ্ম্মজড়,  অজ্ঞান-আন্ধাৰ,
 আৱৰ সংসাৰ-ভয়॥

কিবা বহুতৰ, কহিবোঁ সন্তৰ
 মহিমাৰ নাহি পাৰ।
যেন সমুদ্ৰত,  মজে লোক যত,
 নৌকাসে আশ্ৰয় তাৰ॥

সেহি মতে ঘোৰ  সংসাৰ-সাগৰে
 মজে যত প্ৰাণীচয়।
তান আন গতি নাহিকে কেৱল
 সন্তেসে মাত্ৰ আশ্ৰয়॥

[ ৬৪ ]

সাক্ষাতে আদিত্য  উদয় ভৈলেয়ো
 বাহিৰ মাত্ৰ প্ৰসন্ন।
ঘট-পট-জ্ঞান  ওপজে কেৱলে
 নুহিকে প্ৰকাশ মন॥

সন্ত-সূৰ্য্য যাৰ  ভৈলন্ত প্ৰকাশ
 কি কৈবো ভাগ্য তাহাৰ।
সগুণ-নিৰ্গুণ  ভকতি প্ৰকাশে
 প্ৰকাশে চক্ষু অপাৰ॥