পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৭২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
সাহিত্য


 পাণ্ডৱসৈন্য হ্ৰদলৈ অহা দেখি দুৰ্য্যোধনে অশ্বত্থামা আদিক তাৰপৰা যাবলৈ কলে। তেওঁলোক গৈ অলপ আঁতৰত লুকাই থাকিল; দুৰ্য্যোধনো হ্ৰদৰ পানীত নেদেখা হৈ ৰল।

 পাণ্ডৱসকলে দ্বৈপায়ন হ্ৰদ পালত যুধিষ্ঠিৰে দুৰ্য্যোধনক সম্বোধন কৰি কলে—“হে দুৰ্য্যোধন, তুমি সমুদায় ক্ষত্ৰিয়কুল আৰু নিজ বংশ ধ্বংস কৰি শেষত নিজৰ জীৱন ৰক্ষা কৰিবলৈ কিয় ইয়াত লুকাই আছাহি? সোনকালে উঠা, আৰু আমাৰ লগত ৰণ কৰাঁ। তোমাৰ সেই দৰ্প, সেই দুৰ্জ্জয় অভিমান কলৈ গল? কুৰুকুলত তোমাৰ জন্ম, তুমি কুলমৰ্য্যাদা স্মৰণ কৰাঁ। বিনাযুদ্ধে থকা ক্ষত্ৰিয়ৰ সনাতন ধৰ্ম্ম নহয়; তুমি জানা, সমৰত পলোৱা নৰকৰ কাৰণ। বীৰসকলে জীৱন থকাত কেতিয়াও শত্ৰুক দেখি নপলায়। হে বীৰ, সহোদৰ আৰু সমুদায় সৈন্যক নিধন কৰাই নিজৰ জীৱন ৰক্ষা কৰিবলৈ প্ৰয়াস কৰা তোমাৰ উচিত হৈছে নে?”

 দুৰ্যোধনে যুধিষ্ঠিৰৰ কথা শুনি পানীৰপৰাই উত্তৰ দিলে-- “হে মহাৰাজ, মই ভয়ত বা বিষাদত পানীত পৰা নাই, কেৱল বিশ্ৰাম কৰিবলৈহে এই ব্যৱস্থা কৰিছোঁ। মই ইয়াৰপৰা উঠিগৈ নিশ্চয় তোমালোকৰ লগত ৰণ কৰিম। ” তাকে শুনি যুধিষ্ঠিৰে কলে—“হে নৰেশ্বৰ, আমি বহুপৰ তোমাক বিচাৰিছোঁ; তুমি পানীৰপৰা উঠাঁ আৰু যুদ্ধ কৰি আমাক মাৰাঁ। ” তুমি ৰজা হোৱাঁ; আমি মৰি বীৰলোক লাভ কৰোঁ। ”

 দুৰ্য্যোধনে অলপ ৰৈ উত্তৰ দিলে-“হে জনেশ্বৰ, যি