সমললৈ যাওক

পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
দুৰ্য্যোধনৰ জিৰণি


ভয় নকৰোঁ, আৰু মোৰ খং উঠিলে যুদ্ধস্থলত তোমালোক আটাই কেইজনকে বাধা দিব পাৰোঁ। ৰাতি পুৱালে সূৰ্য্যদেৱে যেনেকৈ নিজ তেজেৰে নক্ষত্ৰ আদিৰ তেজ নষ্ট কৰে, ময়ো ৰথহীন আৰু অস্ত্ৰহীন হৈয়ো অশ্ব-ৰথ থকা তোমালোকক মোৰ তেজেৰে বিনাশ কৰিম। আজি তোমাক ভ্ৰাতৃসকলৰ সৈতে বধ কৰি ভীষ্ম, দ্ৰোণ, কৰ্ণ, জয়দ্ৰথ, ভগদত্ত, শল্য, সুহৃদ, বন্ধু আৰু সহোদৰসকলৰ ধাৰ শোধ কৰিম। ”

 তাকে শুনি যুধিষ্ঠিৰে কলে—“হে নৰাধিপ, এতিয়াও যিহেতু তুমি বীৰৰ দৰে যুদ্ধ কৰিবলৈ বাঞ্ছা কৰিছা, আৰু তুমি অকলশৰীয়া হৈয়ো আমাৰ আটাইৰে সৈতে ৰণ কৰিবলৈ আগ্ৰহ কৰিছা, এতেকে তুমি আমাৰ এজনৰ লগতেই ৰণ কৰাঁ; আমি বাকীবিলাক দৰ্শক হৈয়েই থাকিম। লগতে তোমাক আৰু এটা সুবিধা দিও—তুমি আমাৰ ভিতৰৰ যেই সেই একজনক মাৰি ৰজা হোৱাঁ, নাইবা তেওঁৰ হাতত মৰা পৰি স্বৰ্গলাভ কৰাঁ!” তেতিয়া দুৰ্য্যোধনে কলে—“সেইবোৰ পাচ কথা; তোমালোকৰ ভিতৰত কোনে মোৰ লগত ৰণ কৰিব প্ৰস্তুত হোৱা। মানুহৰ খাদ্য- বস্তুৰ পৰিবৰ্ত্তন কৰাৰ ইচ্ছা জন্মাৰ দৰে, মোৰো যুদ্ধ পৰিবৰ্ত্তনৰ ইচ্ছা হৈছে। বিচিত্ৰ ৰথৰ যুদ্ধ বহুত বাৰ হৈ গৈছে, এইবাৰ অদ্ভুত গদাযুদ্ধ হওক। ” এই বুলি দুৰ্য্যোধন হ্ৰদৰপৰা উঠিল।

⸻⸻