পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
জাতীয় গৌৰৱ

কত পৰিশ্ৰম   কৰি কবিজন
 সাজিলে মৌবাহ কেৱল বৃথায়,
আজি অসমত,   ডেকাৰ মাজত,
 বিচাৰি কোনেও তাক খাওঁতা নাই;
বাপেকৰ নাম   নজনা সন্তান
 কালে হ’ল আহি এই মাটিখান!
পঢ়িছে মিল্‌টন্‌,   পঢ়ে বাইৰণ্‌,
 দেখোঁ সৌ দলে শলাগ লই।
স্বজাতি অসভ্য   ঘিণি হয় সভ্য
 পিতাৰ পুত্ৰৰ নাই পৰিচয়।

 ইৰূপ বচেৰা সন্তানৰ জ্ঞান
 দিলাহে বিধাতা এই মাটিখান!
 ঠিক অসমীয়া মানুহ নহয়,
 অসম-শ্মশান নোহে কোনে কয়?

শঙ্কৰদেৱৰ   দেখোঁ জীৱনৰ
 চৰিত্ৰ কেৱল ভকতত সীমা,
চৈতন্য-জীৱন   জগত-ঘোষণ,
 শ্মশানতে লয় শঙ্কৰমহিমা।

 মাধদেউ এক সুকবি প্ৰধান,
 অসভ্য দেশত জন্মি নষ্ট নাম।