সাহিত্য - সপ্তম ভাগ/চীল

ৱিকিউৎসৰ পৰা
[ ১৩৩ ]

চীল

 মেৰু প্ৰদেশৰ ওচৰৰ ঠাইবোৰ চেঁচা। এই ঠাইত আমাৰ ইয়াৰ জন্তুবোৰ নিটিকে। সেইবোৰ ঠাইত সেই ঠাইৰ জলবায়ুৰ উপযোগী জীৱ-জন্তুহে বাস কৰে। উত্তৰ আৰু দক্ষিণৰ শীত প্ৰধান ঠাইবোৰত চীল নামে এবিধ উভচৰ জন্তু বাস কৰে। ইহঁতে পানীত থাকি ভাল পায়, বামত কিছুমানে ভালদৰে ফুৰা- চকা কৰিব নোৱাৰে। চীল স্তন্যপায়ী জন্তু; ইহঁতে পোৱালী প্ৰসৱ কৰাৰ আগতে কিছুদিন বামত থাকে। চীল পানীত থকা সময়ত মাছৰ দৰে পানীত বিচৰণ কৰে; কিন্তু বেচি সময় পানীৰ তলত থাকিব নোৱাৰে—নিশ্বাস লবলৈ ইহঁতে পোন্ধৰ-ষোল মিনিট পাচত একোবাৰ পানীত ভাহি উঠে। চীল মাংসাশী জন্তু; ইহঁতে সমুদ্ৰৰ সৰু সৰু প্ৰাণী ধৰি খাই জীৱনধাৰণ কৰে।

 চীল নানা জাতিৰ; কিছুমান চীল সৰু, আৰু কিছুমান চীলৰ আঁকাৰ ডাঙৰ। এজাতি চীলৰ কাণ আছে, এজাতি চীল ফুটুকা [ ১৩৪ ]

যুটুকী, এজাতি চীলৰ ওঁঠ আকৌ হাতীৰ শুঁড়ৰদৰে বাজলৈ ওলোৱা। শুঁড় থকা চীলক হস্তী-চীল বোলে। হস্তী চীল বৰ ডাঙৰ; সিহঁত দীঘলে প্ৰায় বাৰ হাত। এই জাতিৰ চীলেই আটাইতকৈ ডাঙৰ। কাণ থকা চীলবোৰৰ আঁকাৰ অনুসৰি মানুহে নানা নাম দিছে। এজাতি চালক সিন্ধুসিংহ আৰু এজাতিক সিন্ধুভালুক বোলে। কাণ নথকা চীল সাধাৰণ চাৰিহাত মান দীঘল। ফুটুকা ফুটুকী চীলৰো কাণ নাথাকে।

 চীলৰ সন্মুখৰ আৰু পাচৰ ভৰিয়ে মাছৰ পাখি আৰু ফিচাৰ কাম কৰে। মাছে যিদৰে তাৰ পাখি আৰু নেজৰ সহায়েৰে পানীত সাঁতুৰি ফুৰে, চীলেও তাৰ ভৰিৰ সহাযেৰে পানীত আৰু বামত চলা-ফুৰা কৰে। চীলৰ ভৰিৰ বেচি অংশ তাৰ গাৰ লগত যুক্ত—আঠুৰ তলচোৱা মাত্ৰ বাজত ওলাই থাকে। চীলৰ গাটো নেজৰ ফালে ক্ৰমে সৰু, আৰু গোটাই গা থলথলীয়া মঙহে ভৰা। ইয়াৰ সৰ্ব্ব শৰীৰ ঘন নোমেৰে ঢাক-খোৱা। চীলৰ মূৰ সৰু, নাক চেপেটা আৰু চকু ডাঙৰ। চীলৰ গোঁফো আছে। চীলৰ দাঁত বৰ চোকা; ইয়াৰ কুকুৰ দাঁত ডাঙৰ ডাঙৰ। [ ১৩৫ ]  চীল দলবান্ধি থাকে; সৰু সৰু দলত একোটা পুৰুষ চীল আৰু ১০। ১২ টা স্ত্ৰী চীল থাকে। কোনো কোনো সময়ত বহুত চীল লগ লাগি একোটা ডাঙৰ দল হয়; এনে একোটা দলত চাৰি পাঁচ হাজাৰ চীল লগলাগি থকা দেখা যায়।

 চীলে একো পিয়নত এটাকৈ পোৱালী প্ৰসৱ কৰে; কেতিয়াবা কেতিয়াবা কোনো চীলৰ দুটাও পোৱালী জন্মে। চীলে বামত পোবালী ডাঙৰ কৰে; এমাহ মানৰ পাচতেই পোৱালী চীলে পানীত সাঁতুৰি ফুৰিব পৰা হয়।

 এজাতি চীলক সিন্ধুঘোটক বোলে। সিন্ধুঘোটক প্ৰায় আঠ হাত দীঘল, আৰু তাৰ গাৰ মেৰ প্ৰায় সাত হাত। ইহঁতৰ ওপৰ পাৰিৰ কুকুৰ দাঁত দুটা হাতীৰ দাঁতৰ দৰে এহাত ডেৰ হাত বাজলৈ ওলায়।

 সিন্ধুঘোটকৰ আকৃতি ভয়ঙ্কৰ। ইহঁতে হঠাৎ কাকো আক্ৰমণ নকৰে; কিন্তু কোনোৱে যদি ইহঁতক জোকায় তেন্তে সুদাই নেৰে। সিন্ধুঘোটকেও পানীত চলিব পাৰে কিন্তু সচৰাচৰ ইহঁত সাগৰৰ উপকূলত থাকে। সিন্ধুঘোটকে বৰফত দাঁত গুজি গুজি ওখ ঠাইতো উঠিব পাৰে।

 পৃথিবীৰ উত্তৰ আৰু দক্ষিণ ফালৰ দ্বীপপুঞ্জবোৰৰ দাঁতিত অসংখ্য চীল বাস কৰে। চীলৰ ছাল আৰু তেল মানুহে নানা কামত লগায়। এই দুইবিধ বস্তুৰ নিমিত্তে বহুত মানুহে চীল চিকাৰ কৰে। উত্তৰ আমেৰিকাৰ উত্তৰ অংশত এস্কিমো নামে

এজাতি মানুহ আছে; এওঁলোকে চীলৰ মঙ্গহ খায়, ছালৰ কাপোৰ [ ১৩৬ ]

এস্কিমো ল’ৰা।

কৰে, তাৰ তেলেৰে বন্তি জ্বলায় আৰু দাতৰ নানাবিধ অস্ত্ৰ সাজে। এইবোৰ কাৰণত প্ৰতি বছৰে অসংখ্য চীলে মানুহৰ হাতত প্ৰাণ শোধায়। সিন্ধুঘোটকৰ বাহিৰে অন্যান্য চীলে পোহ মানে।

⸻০⸻