পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চীল

 মেৰু প্ৰদেশৰ ওচৰৰ ঠাইবোৰ চেঁচা। এই ঠাইত আমাৰ ইয়াৰ জন্তুবোৰ নিটিকে। সেইবোৰ ঠাইত সেই ঠাইৰ জলবায়ুৰ উপযোগী জীৱ-জন্তুহে বাস কৰে। উত্তৰ আৰু দক্ষিণৰ শীত প্ৰধান ঠাইবোৰত চীল নামে এবিধ উভচৰ জন্তু বাস কৰে। ইহঁতে পানীত থাকি ভাল পায়, বামত কিছুমানে ভালদৰে ফুৰা- চকা কৰিব নোৱাৰে। চীল স্তন্যপায়ী জন্তু; ইহঁতে পোৱালী প্ৰসৱ কৰাৰ আগতে কিছুদিন বামত থাকে। চীল পানীত থকা সময়ত মাছৰ দৰে পানীত বিচৰণ কৰে; কিন্তু বেচি সময় পানীৰ তলত থাকিব নোৱাৰে—নিশ্বাস লবলৈ ইহঁতে পোন্ধৰ-ষোল মিনিট পাচত একোবাৰ পানীত ভাহি উঠে। চীল মাংসাশী জন্তু; ইহঁতে সমুদ্ৰৰ সৰু সৰু প্ৰাণী ধৰি খাই জীৱনধাৰণ কৰে।

 চীল নানা জাতিৰ; কিছুমান চীল সৰু, আৰু কিছুমান চীলৰ আঁকাৰ ডাঙৰ। এজাতি চীলৰ কাণ আছে, এজাতি চীল ফুটুকা