পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
চীল


 চীল দলবান্ধি থাকে; সৰু সৰু দলত একোটা পুৰুষ চীল আৰু ১০। ১২ টা স্ত্ৰী চীল থাকে। কোনো কোনো সময়ত বহুত চীল লগ লাগি একোটা ডাঙৰ দল হয়; এনে একোটা দলত চাৰি পাঁচ হাজাৰ চীল লগলাগি থকা দেখা যায়।

 চীলে একো পিয়নত এটাকৈ পোৱালী প্ৰসৱ কৰে; কেতিয়াবা কেতিয়াবা কোনো চীলৰ দুটাও পোৱালী জন্মে। চীলে বামত পোবালী ডাঙৰ কৰে; এমাহ মানৰ পাচতেই পোৱালী চীলে পানীত সাঁতুৰি ফুৰিব পৰা হয়।

 এজাতি চীলক সিন্ধুঘোটক বোলে। সিন্ধুঘোটক প্ৰায় আঠ হাত দীঘল, আৰু তাৰ গাৰ মেৰ প্ৰায় সাত হাত। ইহঁতৰ ওপৰ পাৰিৰ কুকুৰ দাঁত দুটা হাতীৰ দাঁতৰ দৰে এহাত ডেৰ হাত বাজলৈ ওলায়।

 সিন্ধুঘোটকৰ আকৃতি ভয়ঙ্কৰ। ইহঁতে হঠাৎ কাকো আক্ৰমণ নকৰে; কিন্তু কোনোৱে যদি ইহঁতক জোকায় তেন্তে সুদাই নেৰে। সিন্ধুঘোটকেও পানীত চলিব পাৰে কিন্তু সচৰাচৰ ইহঁত সাগৰৰ উপকূলত থাকে। সিন্ধুঘোটকে বৰফত দাঁত গুজি গুজি ওখ ঠাইতো উঠিব পাৰে।

 পৃথিবীৰ উত্তৰ আৰু দক্ষিণ ফালৰ দ্বীপপুঞ্জবোৰৰ দাঁতিত অসংখ্য চীল বাস কৰে। চীলৰ ছাল আৰু তেল মানুহে নানা কামত লগায়। এই দুইবিধ বস্তুৰ নিমিত্তে বহুত মানুহে চীল চিকাৰ কৰে। উত্তৰ আমেৰিকাৰ উত্তৰ অংশত এস্কিমো নামে এজাতি মানুহ আছে; এওঁলোকে চীলৰ মঙ্গহ খায়, ছালৰ কাপোৰ