সাহিত্য - সপ্তম ভাগ/ৰামৰূপ

ৱিকিউৎসৰ পৰা
[ ১৩২ ]

ৰাম-ৰূপ।

কমল নয়ন দীৰ্ঘ বাহু মনোৰম।
মনোহৰ বেশ ত্ৰিভুবনে নাহি সম॥
বদনমণ্ডল শোভে পূৰ্ণ শশধৰ।
ৰুচিকৰ কৰ্ণ কম্বুকণ্ঠ মনোহৰ॥
সুন্দৰ নাসিকা সহ নোহে তিলফুল।
বন্দুলি অধিক শোভে অধৰ ৰাতুল॥
সিংহবন্ধ স্কন্ধ কেশ নীল আকুঞ্চিত।
বক্ষস্থলে সুন্দৰ উদৰ ত্ৰিবলিত॥
ভুজ যুগ মৃণাল কোমল সুললিত।
মদনৰ ধনু সম ভৃৰ সুবলিত॥
ৰত্নৰ শলখা সম আঙ্গুলি জ্বলয।
হস্ত-পদ্মে শোভে আৰকত নখচয়॥
উৰু ৰামকল সুবলিত জঙ্ঘা দুই।
চৰণৰ কান্তি পদ্ম-কেশো সম নুই॥
আঙ্গুলি উজ্জ্বল নখ চন্দ্ৰমাক গঞ্জে।
পদতল ধ্বজ বজ্ৰ যবে আতি ৰঞ্জে॥
হেন চমৎকাৰ ৰূপ লাবণ্য প্ৰচুৰ।
কোটি কন্দৰ্পৰ দৰ্প দেখি হোৱে চূৰ॥