সাহিত্য - সপ্তম ভাগ/চাপমান যন্ত্ৰ
চাপমান যন্ত্ৰ
পৃথিবীৰ চাৰিওফালে আকাশৰ কিছু ওপৰলৈ বায়ু আছে। বায়ু এবিধ পদাৰ্থ, ইয়াৰো ভৰ আছে; এই কাৰণে পৃথিবী বা ইয়াত থকা সকলো বস্তুতে বায়ুৰ চাপ বা হেঁচা পৰি আছে। পৃথিবীৰপৰা যিমান ওপৰলৈ উঠা যায়, বায়ুৰ চাপ ক্ৰমে কমি যায়; কিয়নো পৃথিবীৰপৰা বায়ুমণ্ডলৰ ওপৰ সীমা যিমান দূৰ, ওপৰলৈ উঠি গলে তাৰ দূৰত্ব ক্ৰমে কমি যায়; সেই গতিকে বায়ুৰ ভৰ বা হেঁচাও কমি গৈ থাকে।
বায়ুমণ্ডলৰ চাপ জোখা এবিধ যন্ত্ৰ আছে; ইয়াক চাপমান যন্ত্ৰ বা বেৰোমিটাৰ বোলে। ওপৰত এই যন্ত্ৰৰ এটা চিত্ৰ দিয়া হৈছে। ইয়াক নিৰ্ম্মাণ কৰা প্ৰণালী অতি সহজ। তিনি ফুট মান দীঘল কাঁচৰ নল এটাৰ এমূৰে বন্ধ কৰি তাৰ মুখৰ সমানে পাৰা ধাতু ভৰাব লাগে; পাচত হাতৰ বুঢ়া আঙ্গুলিৰে নলটোৰ মুখখন বন্ধ কৰি তাক উবুৰিয়াই আন এটা পাত্ৰত পাৰা লৈ তাৰ ভিতৰত নলৰ মুখখন সুমাই দিব লাগে; তাৰ পাচত নলৰ মুখৰ পৰা বুঢ়া আঙ্গুলিটো এৰি দিব লাগে; চাপমান যন্ত্ৰ নিৰ্ম্মাণৰ আচল কথা এই খিনিয়েই। পাৰা ভৰা নলটো পাৰা থকা পাত্ৰত উবুৰিয়াই ধৰিলে, নলৰ পাৰা কিছু তললৈ নামি আহে; যিমান খিনি পাৰা নলৰ ওপৰলৈ উঠি থাকে, তাৰ ভৰ বা ওজনেই সেই ঠাইৰ বায়ুমণ্ডলৰ চাপ। বায়ুমণ্ডলৰ চাপ পৃথিবীৰ সকলো ঠাইতে পৰিছে; নলটো উবুৰয়াই ধৰা পাৰাৰ পাত্ৰতো বায়ুৰ চাপ পৰিছে; বায়ুৰ এই হেঁচাৰ কাৰণেই নলৰ কিছু ওপৰলৈ পাৰা উঠি থাকে, আৰু নলৰ বাকী অংশ বায়ুশূন্য খালি নল থাকে। নলৰ মুখৰ ক্ষেত্ৰফল এক বৰ্গ ইঞ্চি হলে নলৰ ভিতৰত পাৰা নামি আহি প্ৰায় ৩০ ইঞ্চিত ৰয়; এই খিনি পাৰাৰ ওজন প্ৰায় ৴৭॥ সেৰ। পৃথিবীৰ প্ৰত্যেক বৰ্গ ইঞ্চি ঠাইত এই পৰিমাণৰ বায়ুৰ চাপ পৰিছে। আমাৰ শৰীৰৰ ওপৰতো এইদৰে বায়ুৰ চাপ পৰিছে, কিন্তু আমি জন্মাৰ পৰা ইয়াক সহি থকাত আমি তাৰ গমকে নাপাওঁ। আমি পানীত ডুব মাৰিলে আমাৰ গাৰ ওপৰতো বহুত পানী থাকে; এই খিনি পানীৰ ভৰ আমাৰ শৰীৰৰ ওপৰত পৰাতো একো গম নাপাওঁ। সেইদৰে আমি বায়ুসাগৰত ডুব গৈ আছো—বাযুৰ হেঁচা চাৰিওফালৰপৰা আমাৰ গাত পৰিছে, আমি তাৰ একো গম ধৰিব নোৱাৰোঁ।
ওপৰত কৈ অহা হৈছে, যে বায়ুৰ চাপ সকলো ঠাইতে সমান নহয; সাগৰৰ পানীৰ সমতলত যিমান চাপ হব, মাটিৰ সমতলত তাতকৈ কম, পাহাৰৰ ওপৰত তাতকৈও কম। এই হ্ৰাস-বৃদ্ধিৰ পৰিমাণ চাপমান যন্ত্ৰত ধৰিব পাৰি। সাগৰৰ পানীৰ সমতলত চাপমানৰ নলৰ ভিতৰত ৩০ ইঞ্চিলৈ পাৰা থাকে।
আকাশীজাহাজ চলাওঁতে চাপমান যন্ত্ৰৰ বৰ দৰকাৰ; জাহাজ চলাওঁতে নাবিকবিলাকে যিদৰে পানী জুখি জুখি জাহাজ চলায়, আকাশীজাহাজ চালাওঁতেও তাৰ আৰোহীয়ে চাপমান যন্ত্ৰৰ সহায়েৰে মাটিৰপৰা কিমান ওপৰত আছে তাক জানি লয়।
চাপমান যন্ত্ৰৰ সহায়েৰে বতৰৰ অৱস্থাও নিৰ্ণয় কৰিব পাৰি। কোনো ঠাইত ধুমুহা বতাহ হোৱাৰ আগন্তুক হলে, তাৰ চাৰিওফালে কিছুদূৰলৈ গোটাই বায়ুমণ্ডল অস্থিৰ হৈ পৰে; তেতিয়া চাপমান যন্ত্ৰৰ পাৰাও অস্থিৰ হয় অৰ্থাৎ মুহূৰ্ত্তে মুহূৰ্ত্তে কম-বেচি হবলৈ ধৰে; ইয়াকে দেখি সাগৰত ফুৰা নাবিকবিলাক আগতে সাৱধান হয়। চাপমান যন্ত্ৰৰ যিটো চিত্ৰ ইয়াত দিয়া হৈছে, তাৰ ওপৰ অংশত ২৮, ২৯, ৩০ আৰু ৩১ অংশৰ চিন দিয়া আছে; আৰু প্ৰত্যেকটো অংশৰ বাওঁ কাষত বতৰৰ অৱস্থাও লিখা আছে।