পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
সাহিত্য


পৃথিবীৰপৰা যিমান ওপৰলৈ উঠা যায়, বায়ুৰ চাপ ক্ৰমে কমি যায়; কিয়নো পৃথিবীৰপৰা বায়ুমণ্ডলৰ ওপৰ সীমা যিমান দূৰ, ওপৰলৈ উঠি গলে তাৰ দূৰত্ব ক্ৰমে কমি যায়; সেই গতিকে বায়ুৰ ভৰ বা হেঁচাও কমি গৈ থাকে।

 বায়ুমণ্ডলৰ চাপ জোখা এবিধ যন্ত্ৰ আছে; ইয়াক চাপমান যন্ত্ৰ বা বেৰোমিটাৰ বোলে। ওপৰত এই যন্ত্ৰৰ এটা চিত্ৰ দিয়া হৈছে। ইয়াক নিৰ্ম্মাণ কৰা প্ৰণালী অতি সহজ। তিনি ফুট মান দীঘল কাঁচৰ নল এটাৰ এমূৰে বন্ধ কৰি তাৰ মুখৰ সমানে পাৰা ধাতু ভৰাব লাগে; পাচত হাতৰ বুঢ়া আঙ্গুলিৰে নলটোৰ মুখখন বন্ধ কৰি তাক উবুৰিয়াই আন এটা পাত্ৰত পাৰা লৈ তাৰ ভিতৰত নলৰ মুখখন সুমাই দিব লাগে; তাৰ পাচত নলৰ মুখৰ পৰা বুঢ়া আঙ্গুলিটো এৰি দিব লাগে; চাপমান যন্ত্ৰ নিৰ্ম্মাণৰ আচল কথা এই খিনিয়েই। পাৰা ভৰা নলটো পাৰা থকা পাত্ৰত উবুৰিয়াই ধৰিলে, নলৰ পাৰা কিছু তললৈ নামি আহে; যিমান খিনি পাৰা নলৰ ওপৰলৈ উঠি থাকে, তাৰ ভৰ বা ওজনেই সেই ঠাইৰ বায়ুমণ্ডলৰ চাপ। বায়ুমণ্ডলৰ চাপ পৃথিবীৰ সকলো ঠাইতে পৰিছে; নলটো উবুৰয়াই ধৰা পাৰাৰ পাত্ৰতো বায়ুৰ চাপ পৰিছে; বায়ুৰ এই হেঁচাৰ কাৰণেই নলৰ কিছু ওপৰলৈ পাৰা উঠি থাকে, আৰু নলৰ বাকী অংশ বায়ুশূন্য খালি নল থাকে। নলৰ মুখৰ ক্ষেত্ৰফল এক বৰ্গ ইঞ্চি হলে নলৰ ভিতৰত পাৰা নামি আহি প্ৰায় ৩০ ইঞ্চিত ৰয়; এই খিনি পাৰাৰ ওজন প্ৰায় ৴৭॥ সেৰ। পৃথিবীৰ প্ৰত্যেক বৰ্গ ইঞ্চি ঠাইত এই পৰিমাণৰ বায়ুৰ