পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৯
চাপমান যন্ত্ৰ

চাপ পৰিছে। আমাৰ শৰীৰৰ ওপৰতো এইদৰে বায়ুৰ চাপ পৰিছে, কিন্তু আমি জন্মাৰ পৰা ইয়াক সহি থকাত আমি তাৰ গমকে নাপাওঁ। আমি পানীত ডুব মাৰিলে আমাৰ গাৰ ওপৰতো বহুত পানী থাকে; এই খিনি পানীৰ ভৰ আমাৰ শৰীৰৰ ওপৰত পৰাতো একো গম নাপাওঁ। সেইদৰে আমি বায়ুসাগৰত ডুব গৈ আছো—বাযুৰ হেঁচা চাৰিওফালৰপৰা আমাৰ গাত পৰিছে, আমি তাৰ একো গম ধৰিব নোৱাৰোঁ।

 ওপৰত কৈ অহা হৈছে, যে বায়ুৰ চাপ সকলো ঠাইতে সমান নহয; সাগৰৰ পানীৰ সমতলত যিমান চাপ হব, মাটিৰ সমতলত তাতকৈ কম, পাহাৰৰ ওপৰত তাতকৈও কম। এই হ্ৰাস-বৃদ্ধিৰ পৰিমাণ চাপমান যন্ত্ৰত ধৰিব পাৰি। সাগৰৰ পানীৰ সমতলত চাপমানৰ নলৰ ভিতৰত ৩০ ইঞ্চিলৈ পাৰা থাকে।

 আকাশীজাহাজ চলাওঁতে চাপমান যন্ত্ৰৰ বৰ দৰকাৰ; জাহাজ চলাওঁতে নাবিকবিলাকে যিদৰে পানী জুখি জুখি জাহাজ চলায়, আকাশীজাহাজ চালাওঁতেও তাৰ আৰোহীয়ে চাপমান যন্ত্ৰৰ সহায়েৰে মাটিৰপৰা কিমান ওপৰত আছে তাক জানি লয়।

 চাপমান যন্ত্ৰৰ সহায়েৰে বতৰৰ অৱস্থাও নিৰ্ণয় কৰিব পাৰি। কোনো ঠাইত ধুমুহা বতাহ হোৱাৰ আগন্তুক হলে, তাৰ চাৰিওফালে কিছুদূৰলৈ গোটাই বায়ুমণ্ডল অস্থিৰ হৈ পৰে; তেতিয়া চাপমান যন্ত্ৰৰ পাৰাও অস্থিৰ হয় অৰ্থাৎ মুহূৰ্ত্তে মুহূৰ্ত্তে কম-বেচি হবলৈ ধৰে; ইয়াকে দেখি সাগৰত ফুৰা নাবিকবিলাক আগতে