সাহিত্য - সপ্তম ভাগ/মহাত্মা আবুবক্কৰ চিদ্দিক

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ ১২৮ ]

মহাত্মা আবুবক্কৰ চিদ্দিক।

 আবুবক্কৰৰ আচল নাম আবদুল্লা; হজৰত মোহম্মদৰ প্ৰচাৰিত একেশ্বৰবাদ মত গ্ৰহণ কৰাৰ পাচত তেওঁৰ নাম আবুবক্কৰ হয়। মহামতি আবুবক্কৰ আৰবৰ শ্ৰেষ্ঠ ফৈদ কোৰেচ বংশৰ তায়ম- তৱনে মোৰা পৰিবাৰত জন্মিছিল। এওঁ বৰ অৰ্থশালী বিখ্যাত সদাগৰ আছিল; চৰিত্ৰ আৰু জ্ঞানৰ বলেৰে এওঁ দেশবাসীৰ শ্ৰদ্ধা-ভক্তি আকৰ্ষণ কৰিছিল।

 আবুবক্কৰ হজৰত মোহম্মদৰ চিৰসঙ্গী আছিল। মোহম্মদৰ উপদেশবোৰ আবুবক্কৰেই লোকসমাজত প্ৰচাৰ কৰে। সেই সময়ৰ আৰবৰ মানুহবিলাকে পোনতে হজৰত মোহম্মদক প্ৰেৰিত পুৰুষ বুলি বিশ্বাস নকৰিছিল; আবুবক্কৰে মোহম্মদক বিশ্বাস কৰিবলৈ নানা সাৰগৰ্ভ কথাৰে বুজাই ফুৰিছিল। এওঁৰ বুজনিতেই বহুতে হজৰত মোহম্মদক বিশ্বাস কৰিছিল আৰু তেওঁৰ মত গ্ৰহণ কৰিছিল। এই সময়ত এওঁ ‘চিদ্দিক’ অৰ্থাৎ ‘সত্যবাদী’ উপাধি পায়।

 আবুবক্কৰ হজৰত মোহম্মদতকৈ দুবছৰৰ ডাঙৰ আছিল; হজৰতৰ প্ৰিয়তমা ভাৰ্য্যা খদিজা বিবিৰ লোকান্তৰৰ পাচত আবুবক্কৰৰ জীয়েকক তেওঁ বিয়া কৰায়। এইদৰে আবুবক্কৰ হজৰত মোহম্মদতকৈ বয়স আৰু মানত ডাঙৰ হলেও আবুবক্কৰ চিদ্দিকে মোহম্মদক সম্মান আৰু ভক্তি কৰিছিল; কিন্তু দুয়োৰো ভিতৰত গুৰু-শিষ্যৰ সম্বন্ধ ঘটা নাছিল। [ ১২৯ ]  হজৰত মোহম্মদে যি সময়ত মক্কাত ইচলাম ধৰ্ম্ম বাহুল্যৰূপে প্ৰচাৰ কৰিবলৈ উদ্যত হল, তেতিয়া মক্কাবাসী আন কি তেওঁৰ জ্ঞাতি-কুটুম্বসকলেও হজৰতৰ ওপৰত অশেষ অত্যাচাৰ আৰম্ভ কৰিবলৈ ধৰে। এই সময়ত ঊনচল্লিশটি প্ৰাণীয়ে মাত্ৰ ইচলামত দীক্ষিতহৈ হছৰতক অনুসৰণ কৰিছিল। জ্ঞাতিসকলৰ উৎপীড়ণ, সমাজৰ লাঞ্ছনাত ক্ষুদ্ৰ ইচলাম ভক্তদল জুৰুলা হলেও তেওঁলোকৰ মনৰ বল কমা নাছিল। সেই সময়ত আবুবক্কৰে ঊৰ্দ্ধবাহুহৈ কৈছিল “আৰু কিয় ইচলাম ধৰ্ম্ম গুপ্ত ৰাখিম?” তাৰ পাচতেই হজৰত মোহম্মদে ইচলাম প্ৰচাৰ কৰিবলৈ কাবামন্দিৰত উপস্থিত হয়। আবুবক্কৰে জনসাধাৰণক ইচলাম গ্ৰহণ কৰিবলৈ আহ্বান কৰিলে; উপস্থিত কোৰেচবিলাক খঙত জ্বলি উঠিল। মক্কা- বাসীয়ে আবুবক্কৰ সদ্‌গুণত আগেয়ে মোহ গৈছিল কিন্তু তেওঁ যেতিয়া চলিত ধৰ্ম্মৰ ঠাইত ইচলাম প্ৰচাৰৰ অৰ্থে সকলোকে আহ্বান কৰিলে, তেওঁৰ সেই গুণবোৰ মানুহে পাহৰিলে আৰু উপস্থিত সমাজৰ বিৰুদ্ধবাদী এজনে গৈ আবুবক্কৰক এনেভাবে আঘাত কৰিলে, যে তেওঁ ধৰাশায়ী হৈ পৰি গল।

 তাৰ পাচৰপৰা অত্যাচাৰৰ মাত্ৰা আৰু চৰিল; বহুতে মক্কা এৰি মদিনা পালেগৈ; আবুবক্কৰ, আলি আদি কেইজনমানৰ সৈতে মাত্ৰ মোহম্মদ গুপ্তভাৱে থাকিবলগা হল। কোৰেচ- বিলাকে মোহম্মদক হত্যা কৰিবলৈ বিচাৰি ফুৰিবলৈ ধৰিলে; তেতিয়া মোহম্মদেও আবুবক্কৰক লগতলৈ মদিনালৈ গুচি গল। কোৰেচবিলাকে তেওঁলোকক পাচে পাচে খেদিলে। মদিনালৈ [ ১৩০ ] যোৱা বাটত চুৰ নামে এখন পৰ্ব্বত আছে; কোৰেচবিলাক খেদি অহা গম পাই তেওঁলোক এই পৰ্ব্বতৰ গহ্বৰত লুকাল। গহ্বৰত সাপ থকা গাঁত আছিল; আবুবক্কৰে পিন্ধা কাপোৰ ফালি সেই গাঁতবোৰ বন্ধ কৰিলে; এটা গাঁত মাৰিবলৈ কাপোৰে নোজোৰাত আবুবক্কৰে এখন ভৰি দি থাকিল।

 গহ্বৰত তেওঁলোক তিনি দিন আছিল; তাৰ পাচত এদিন ঘোৰ অন্ধকাৰ ৰাতি মদিনালৈ যায়। মদিনাবাসীয়ে তেওঁলোকক সাদৰে গ্ৰহণ কৰে। হজৰত মোহম্মদৰ প্ৰধান শিষ্যবিলাকৰ ভিতৰত আবুবক্কৰ একান্ত বিশ্বাসী আৰু মৰমৰ ভক্ত আছিল। আবুবক্কৰে হজৰতক প্ৰাণৰ সমান ভাল পাইছিল; প্ৰচাৰ কাৰ্য্যত, যুদ্ধ-বিগ্ৰহত অহণিশে আবুবকৰ হজৰতৰ সঙ্গী আছিল।

 হজৰত মোহম্মদ স্বৰ্গী হোৱাৰ সময়ত ভবিষ্যতে ইচলাম ধৰ্ম্মৰ কোন খলিফা হব তাৰ একো নিৰ্ণয় কৰি যোৱা নাছিল; তেওঁ কেৱল মাত্ৰ কৈছিল—সকলো ইচলাম ধৰ্মাবলম্বীযে কোৰণৰ আদেশ মানি চলিব। এই কাৰণে হজৰতৰ পাচত ধৰ্ম্মৰ নেতৃত্ব পদ লৈ মোহাজ্বেৰ [১] আৰু আন্‌চাৰসকলৰ [২] মাজত বাক- যুদ্ধ চলে। উভয় দলেই নিজৰ স্বাৰ্থত অন্ধহৈ স্বপক্ষীয়ক নেতৃত্ব পদত ৱৰণ কৰিবলৈ চেষ্টা কৰিব ধৰিলে। এক মতাৱলম্বী এই [ ১৩১ ]

দুই দলৰ ভিতৰত কাজিয়াৰ সূত্ৰপাত হল। এই সময়ত মহামতি আবুবক্কৰে সকলোকে বৰাই বুজাই আনচাৰসকলকেই এই দায়িত্ব পূৰ্ণ কামৰ মীমাংসাৰ ভাৰ অৰ্পণ কৰিলে। আনচাৰসকলে আবুবক্কৰৰ ব্যৱহাৰত আনন্দ পাই তেওঁকেই উক্ত উচ্চ পদৰ উপযুক্ত পুৰুষ বিবেচনা কৰি খলিফা পদত বৰণ কৰিলে।

 আবুবক্কৰ চিদ্দিকৰ আমোলত বহুত নগৰ আৰু প্ৰদেশত ইচলাম ধৰ্ম্ম প্ৰচাৰিত হৈছিল; আৰু এওঁৰ উদ্যমতে কোৰাণ চৰিফ গ্ৰন্থৰ আঁকাৰে শৃঙ্খলাৱদ্ধ হৈছিল।

 আবুবক্কৰ পৰম দয়ালু পুৰুষ আছিল; এওঁ বহুত দাস- দাসীক দাসত্বৰপৰা উদ্ধাৰ কৰি দিছিল। আবুবক্কৰে প্ৰায় দুবছৰ কাল খলিফা কাম কৰাৰ পাচতেই ৰোগাক্ৰান্ত হয়, আৰু সেই ৰোগতে তেওঁ স্বৰ্গী হয়।

  1. মোহাজ্বেৰ—যিবিলাকে ধৰ্ম্মৰ নিমিত্তে, জন্মভূমি মক্কা এৰি মদিনালৈ গৈ তাত আশ্ৰয় লৈছিল।
  2. আনচাৰ—যিবিলাক মদিনাবাসীয়ে ধৰ্ম্মধৰা মক্কাবাসীক আশ্ৰয় দি সাহায্য কৰিছিল।