পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰ্হি।

 আৰ্হি লোৱা মানুহৰ স্বাভাৱিক ধৰ্ম্ম; ল’ৰাই আহি লয় মাক-বাপেকৰ, ছাত্ৰে আহি লয় শিক্ষকৰ, তলতীয়া কৰ্ম্মচাৰী চলে উপৰিস্থ কৰ্ম্মচাৰীৰ চাল-চলনত, আৰু শিষ্য চলে গুৰুৰ আদৰ্শত। বহুত সময়ত মানুহে আদৰ্শ লওঁ বুলি নলয়—গম ধৰিব নোৱাৰাকৈ মানুহৰ স্বভাৱ সেই আদৰ্শত গঢ়িত হৈ উঠে। হাই-উৰুমিপূৰ্ণ গৃহস্থঘৰৰ সন্তানে হাহাকাৰ কৰি থকাটো দোষাবহ কাম বুলি ধাৰণা কৰিবলৈ অৱসৰ নাপায়, ব্যভিচাৰপূৰ্ণ সমাজৰ মানুহে কু-আচৰণবোৰ দূষণীয় বুলি গম নাপায়, সত্যপ্ৰিয় ঘৰৰ সন্তানে সংসাৰখন সৰলতাৰে ভৰা বুলিহে ভাবে। এতেকে যাৰ যেনে সঙ্গ, তাৰ স্বভাৱ প্ৰায় সেই ধৰণে গঠিত হয়; যি যেনে সমাজত থাকে সি গম নোপোৱাকৈ তাকেই অনুকৰণ কৰে।

 শিক্ষাই আদৰ্শ বাছি দিয়ে। মানুহে শিক্ষাৰ গুণত যেতিয়া ভাল-বেয়া বিচাৰ কৰিব পৰা হয়, উপকাৰ-অপকাৰ বুজিব পৰা হয় তেতিয়া তেওঁ উচ্চ-আদৰ্শ আগত লৈ নিজৰ জীৱন গঢ়ি তোলে। চোৰৰ লৰা সন্ত হোৱা, ব্যভিচাৰী সমাজত সাধুৰ উদ্ভৱ হোৱাৰ কাৰণ এইয়ে। শিক্ষাৰ অভাৱত আকৌ কিছুমানে যি দেখে তাকেই অনুকৰণ কৰি নিজক পশুতকৈও অধম কৰে; সাধুৰ লৰা চোৰ, পণ্ডিতৰ লৰা মূৰ্খ, সত্যপ্ৰিয় ঘৰৰ সন্তান মিছা কথীয়া হোৱাৰ মূল এইটোৱেই।