পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬
সাহিত্য


গ্ৰহণ কৰিব পাৰিলে অশেষ উপকৃত হলোঁহেতেন; কিন্তু আমি সিবিলাকৰ বাহিৰা দৰ্শনতে ভোল গৈ তাকেই আচল বুলি, ভিতৰৰ সাৰ বস্তুলৈ মন নকৰা হৈছোঁ। এই কাৰণে বৰ্ত্তমানে উন্নত জাতিবিলাকে ভাৰতক ইতিকিং কৰা হৈছে। সৰু লৰাৰ কিতাপত বান্দৰে টুপী পিন্ধা এটা গল্প আছে; টুপী নিয়া মানুহজনে টুপী পিন্ধা দেখি বান্দৰেও টুপী পিন্ধিলে, মানুহজনে দলিয়াই পেলোৱা দেখি বান্দৰেও টুপী পেলালে। আমাৰ ভাৰতীয় কথাও তেনে হৈছে—নিজৰ দেশৰ জলবায়ুৰ উপযোগীতা- অনুপযোগীতালৈ দৃষ্টি নাই, কেৱল অন্ধভাবে অনুকৰণ কৰিলেই সভ্য-ভব্য হোৱা বুলি বহুতে নিজক ধন্য বোধ কৰে। অন্ধ অনুকৰণৰ স্থিৰতা নাই আৰু সি শুভফলো নিদিয়ে।

 চৰিত্ৰ উন্নত নহলে মানুহৰ প্ৰকৃত মঙ্গল নহয়। ব্যক্তিগত মঙ্গলৰ সমষ্টিয়েই সমাজৰ আৰু জাতিৰ মঙ্গল। নিজ দেশৰ হিত সাধিব খুজিলে পোনতে আপোন চৰিত্ৰ শুদ্ধ কৰিবলৈ যত্ন কৰিব লাগে। এটি শুদ্ধচৰিত্ৰৰ আৰ্হিয়েই জাতিৰ বহুতকো বিশুদ্ধতাৰ পথলৈ টানে।

 আদৰ্শ অনুসৰি জাতি তৈয়াৰ হয়; যি জাতিৰ আদৰ্শ যিমান উচ্চ, সেই জাতি সিমান উন্নত। এই কাৰণে পৃথিবীৰ বৰলোকৰ চৰিত্ৰ অধ্যয়ন কৰা উচিত। জীৱনচৰিত পাঠ কৰিলে মহাজনসকলৰ দৰে কাৰ্য্যক্ষম আৰু পৱিত্ৰ হবলৈ প্ৰবৃত্তি জন্মে; তাৰ পাচৰপৰা যদি দৈনিক জীৱনত সৰু সৰু সৎকাম কৰিবলৈ আৰম্ভ কৰা হয়, তেন্তে তাৰ সংখ্যা ক্ৰমে বাঢ়ি যাব, মন