পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪
সাহিত্য


 সঙ্গই আদৰ্শ মাতি আনে। সোণৰ লগত কাঁচ থাকিলে যিদৰে কাঁচেও উজ্জ্বল বৰণ ধৰে, সেইদৰে সন্তৰ লগত বাস কৰা অসন্তও সাধুৰ প্ৰভাৱত প্ৰভাৱান্বিত হৈ উঠে। গ্ৰন্থ পাঠেও সঙ্গৰ কাম কৰে। কিন্তু সৎগ্ৰন্থ পাঠ কৰি সঙ্গৰ দোষত অসদুনুষ্ঠানত ৰত থাকিলে গ্ৰন্থ-পাঠৰ ফল নধৰে— নিজৰ মন যি সাঁচত ঢালিব খোজা যায় তদনুসাৰে কৰ্ম্মত নিযুক্ত থাকিলেহে অভীষ্ট সিদ্ধি হয়। গ্ৰন্থ-পাঠে আদৰ্শ আনি আমাৰ আগত ধৰিব পাৰে, সেই আদৰ্শ গ্ৰহণ কৰা- নকৰা আমাৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। সাধুসঙ্গ লৈ বা সৎগ্ৰন্থ পাঠ কৰি আদৰ্শ এটা কল্পনা কৰি সেই সাঁচত নিজক গঠন কৰিব খুজিলে, বাহিৰত তাক কাৰ্য্যত পৰিণত কৰিবলৈ অভ্যাস কৰিলেহে সঙ্গ কাৰ্য্যকৰী হয় আৰু গ্ৰন্থপাঠৰ ফল ধৰে।

 জীৱনৰ আহি আটাইতকৈ বেচি কাৰ্য্যকৰী। নিজক উন্নত কৰিব খুজিলে এটা আৰ্হি-জীৱনৰ আহি ললে সি পথ প্ৰদৰ্শকৰ কাম কৰে। সকলে দেশৰ শিক্ষা, সমাজ, সংস্কাৰ আৰু অৱস্থা একে নহয়; বিভিন্ন দেশৰ জলবায়ু বিভিন্ন হোৱাৰদৰে প্ৰত্যেক দেশৰ জাতীয় চৰিত্ৰও স্বতন্ত্ৰ। এই কাৰণেই স্বদেশী আহি-জীৱন যিমান সহজে অনুকৰণ কৰিব পাৰি, বিদেশী জীৱনৰ আদৰ্শ লোৱা সিমান সহজ নহয়। আমাৰ দেশৰ মানুহ স্বভাৱতে ধৰ্ম্মভীৰু; আমাৰ দেশীয় বৰলোকসকলো ধৰ্ম্মানুৰাগী, গুৰুভক্ত, সৰল, সত্যপৰায়ণ আৰু বিশ্বাসী। দেশৰ মহাজনসকল যেনে