পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
আনন্দৰাম বৰুৱাৰ স্বৰ্গযাত্ৰা


কিয় জ্যোতিৰ্ম্ময়   স্বৰগ-দুৱাৰ
  অকস্মাৎ আজি মুকলি হ’ল।
লগে দেৱবালা,   সৰস্বতী আই
 বিমানপথত অপেক্ষি ৰ’ল॥

ইকি ইকি চোৱাঁ,   অসম গৌৰৱ,
 ভাৰতৰ ধন আনন্দৰাম।
সুবৰ্ণ-ৰথত,   আলোকি বিমান,
 কৰিছে প্ৰয়াণ শান্তিৰ ধাম॥

চোৱাঁ চোৱাঁ লগে   সৰস্বতী আই,
 উলাহ-মনেৰে কোলাত তুলি।
“পানী কৰি তেজ,   খাটি মোৰ গুণে,
  কত ভাগৰেৰে আহিছা” বুলি॥

পিয়ালে অমৃত   পাৰিজাত-মালা,
  দিলে তুলি শিৰে দেৱসমাজ।
বাজিল দুন্দুভি,   পাণিনি অমৰ
  পিন্ধালে আপুনি দেৱৰ সাজ॥

পদ্ম-আসনত   বহুৱালে চোৱাঁ,
  সৰস্বতী আই আকোঁবালি ধৰি,
সৌৰভৰ দৰে   শুবালে আনন্দ,
  হাঁহিলে ত্ৰিদশ দেৱনগৰী॥