সমললৈ যাওক

পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
আনন্দৰাম বৰুৱাৰ স্বৰ্গ যাত্ৰা


সকলোৰে যেন   হৃদয়ৰ ধন
 নিলে কোনোবাই বলেৰে কাঢ়ি।
নোহোৱাতে পূৰ   আনন্দৰ জোন,
 বেজাৰ-ৰাহুৱে পেলালে গ্ৰাহি॥
কেন্দ্ৰৰূপে থাকি   শিশু অসমক
  শিকাই দৃষ্টান্ত সাধু-শিক্ষাৰ,
হলা অকস্মাৎ   মাজ-সাগৰত,
 ধ্ৰুৱতৰা দৰে মেঘৰ আঁৰ॥
শক্তিশেল প্ৰায়,   বিৰহে তোমাৰ,
 ভেদিলে মৰম অসমীয়াৰ।
যতদিন শিৰে   ব’ব তেজ-সোঁত,
 ব’ব লগে লগে ব্যথা ইয়াৰ॥
পৰিবৰ্ত্তকাৰী   কাল-সোঁতে নিতে
 নতুন স্মৃতিকো নিব ঢৌৱাই।
চিৰকীৰ্ত্তি সাধু   দৃষ্টান্ত তোমাৰ,
 শোক অসমৰ বৰ উধাই॥