সাহিত্য - সপ্তম ভাগ/আকবৰ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ ১৩ ]

আকবৰ।

 চেৰ চাহৰ লগত যুঁজ কৰি হুমায়ুন বাদচাহ পৰাস্ত হৈ পলাই ফুৰোঁতে, ১৫৪১ খ্ৰীষ্টাব্দত হামীদাক বিবাহ কৰে। পলৰীয়া হৈ হুমায়ুনে মহিষীৰে সৈতে অতি কষ্টে ৰাজপুতনাৰ মৰুভূমি পাৰ হৈ অমৰকোট পাওঁতেই পূৰ্ণগৰ্ভা বেগমৰ প্ৰসৱ-বেদনা উপস্থিত হল; সেই ঠাইতে ১৫৪২ চনত জগদ্বিখ্যাত আকবৰ ওপজে। ইয়াতো থকা নিৰাপদ নাভাবি হুমায়ুনে সসন্তান ৰাজমহিষীক লৈ কাবুল ওলাল গৈ; তাত লৰা-তিৰোতাক নিজ সহোদৰ কামৰাণৰ ‘জিম্মাত’ ৰাখি নিশ্চিন্ত হৈ চাহ টমাস্পৰ শৰণাগত হল। পাৰস্যাধিপতিক সন্তুষ্ট কৰিবৰ মনেৰে হুমায়ুনে চিয়া-মত গ্ৰহণ কৰি পাৰস্যদেশত ১৪ বছৰ থাকে।

 ইতিমধ্যে চেৰ চাহৰ মৃত্যু হয়। তেওঁৰ উত্তৰাধিকাৰী কেইজন সিমান যুদ্ধবিশাৰদ আৰু প্ৰতাপী নোহোৱাৰ খবৰ পাই, হুমায়ুনে দিল্লীৰ ৰাজপাট পুনৰ দখলৰ চেষ্টা কৰিবৰ মনেৰে চাহ টমাস্পক কিছুমান ফৌজ খুজিলে। চাহ টমাস্পে ৪া৫ হেজাৰ চিপাহী দিলত হুমায়ুনে তেওঁৰ অতি বিশ্বাসী পৰিচাৰক বেহ্ৰাম খাঁৰ সাহসৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষলৈ আহি, ১৫৫৬ খ্ৰীষ্টাব্দত পুনৰ দিল্লীৰ সিংহাসন অধিকাৰ কৰি[ ১৪ ] লেহি। পাচ বছৰ উকলিবলৈ নৌপাওঁতেই নমাজ পঢ়িবলৈ মচজিদৰ খলপাইদি উঠোঁতে পিছল খাই পৰি তিন দিন অজ্ঞান অৱস্থাত থাকি হুমায়ুন স্বৰ্গী হল।

 ৰাজ্যত শান্তি স্থাপন কৰি নিজৰ প্ৰভুত্ব প্ৰকাশ কৰিবলৈ কাৰবাৰ কৰোঁতেই হঠাৎ হুমায়ুনৰ মৃত্যু হোৱাত ১৪ বছৰীয়া নাবালক আকবৰ দিল্লীৰ সিংহাসনত উঠিব লগা হল। এই সময়ত বেহ্ৰাম খাঁ তেওঁৰ শিক্ষক আৰু মন্ত্ৰী আছিল। পাচে বেহ্ৰাম খাঁৰ ব্যৱহাৰত ৰাজ্যৰ সকলো আমীৰ-ওমৰাও অসন্তুষ্ট হোৱাত আৰু আকবৰেও তেওঁৰ কৰ্ত্তৃত্বাধীনত থাকিবলৈ ভাল নোপোৱাত, ১৫৬০ খ্ৰীষ্টাব্দত তেওঁক উবাৰি আকবৰে ৰাজকাৰ্য্য পৰিচালনাভাৰ নিজে গ্ৰহণ কৰিলে। এইদৰে হঠাৎ ক্ষমতা শূন্য হৈ বেহ্ৰামে মৰণান্তিক বেজাৰ পাই পোনতে আকবৰে সৈতে মিলিবলৈ চেষ্টা কৰিলে। কিন্তু সেয়ে হৈ নুঠিলত বুঢ়া বেহ্ৰাম বিদ্ৰোহী হৈ উঠিল। পাচে যুঁজত হাৰি আকবৰৰ শৰণাগত হলত, আকবৰে বেহ্ৰামৰ পূৰ্ব্বৰ উপকাৰ সুঁৱৰি পুৰণি ভৃত্য বুলি সকলো অপৰাধ ক্ষমা কৰি তেওঁক মক্কা-তীৰ্থলৈ যাবৰ অনুমতি দিলে। বুঢ়াকালত এইদৰে লঘু লাঞ্ছনা সহি বেহ্ৰামে মক্কালৈ যাবৰ উদ্দেশ্যে গুজৰাট পাওঁতেই আফগান এটাৰ চুৰি কটাৰীৰ আঘাতত প্ৰাণ হেৰুৱালে।

 এনে অলপ বয়সত ৰজা হবলৈ পাই অপৰিণামদৰ্শী সমনীয়াৰ লগ নিবিচাৰি বা চাটুকাৰৰ স্তুতিবাদত ভোল নগৈ আকবৰে মন স্থিৰ কৰি শত্ৰুকুল দমাবলৈ ধৰি ৰাজ্যশাসনত লাগিল। [ ১৫ ] বহুত মানুহে সৰুতে দুখত পৰি যি শিক্ষা পায় সেই শিক্ষা সুসময় আহি পাওঁতেই পাহৰি যায়; কিন্তু আকবৰত সেই শিক্ষাই সুফল ফলালে। এওঁ দুদল সৈন্য সুশিক্ষিত কৰি ৰাখিছিল—এদল ৰাজপুত আৰু এদল মোগল। মোগল সেনাৰ ওপৰত পাৰস্য দেশৰ বিষয়া আৰু ৰাজপুত সেনাৰ ওপৰত ৰাজপুত ৰজা আৰু উপযুক্ত তলতীয়া জাইগীৰদাৰ সকলক নিযুক্ত কৰি দুয়ো দলক সন্তুষ্ট আৰু বশীভূত কৰি ৰাখিছিল। ক্ৰমাগত কুৰি বছৰ যুঁজ কৰি তেওঁ এজন বীৰ- পুৰুষ বুলি চিনাকি দি মোগল ৰাজ্য বিস্তাৰ আৰু অনেক উপায়েৰে তাক দৃঢ়ীভূত কৰিছিল। ৰাজ্যভাৰ পাওঁতে মাথোন পঞ্জাব আৰু উত্তৰপশ্চিম অঞ্চলৰ কিয়দংশ তেওঁৰ দখলত আছিল; কিন্তু মৃত্যুৰ পূৰ্ব্বে সমস্ত আৰ্য্যাবৰ্ত্ত, আফগানিস্থান, কাশ্মীৰ, বঙ্গ, বিহাৰ, ৰাজপুতনা, মালৱ, গুজৰাট আৰু দাক্ষিণাত্য প্ৰদেশ তেওঁৰ কৰায়ত্ত হৈছিল।

 ৰাজপুতবিলাক সুঠাম, বলিষ্ঠ আৰু ৰণুৱা দেখি আকবৰে ৰজাসকলেৰে সৈতে বৈবাহিক সম্বন্ধ পাতিছিল; আৰু তেওঁলোকক ৰাজ্যৰ সৰ্ব্ব উচ্চ বিষয় আৰু মৰ্য্যাদা দি সন্তুষ্ট ৰাখিবলৈ বিশেষ যত্ন কৰিছিল। ৰাজপুত ৰজাৰ ভিতৰত মাথোন চিতোৰৰ ৰাণাইহে এনেবোৰ কাৰ্য্যত লিপ্ত নাছিল। আকবৰে এই কথাৰ ভু পাই সসৈন্যে চিতোৰ আক্ৰমণ কৰিবলৈ যাত্ৰা কৰিলে আৰু অনেক উপায়েৰে চিতোৰৰ দুৰ্গ ভাঙি নগৰত সোমাবলৈ ধৰোঁতে ৰাজপুত মহিলাবিলাকে মোগলৰ হাতত [ ১৬ ] অপমান-আশঙ্কা কৰি লৰা-ছোৱালী সমন্বিতে জ্বলা জুইত জাপ দি পুৰি মৰিল। অন্যপিনে পুৰুষবিলাকে হাতত তৰোৱাল উলিয়াই লৈ শত্ৰু-ব্যূহ ভেদ কৰি আৰাৱলী পৰ্ব্বতত উদয়পুৰ নগৰ স্থাপন কৰিলে গৈ। এনে নিৰ্ভীক বীৰোচিত কাৰ্য্যৰ বাবে ৰাজপুত জাতিয়ে উদয়পুৰ বা মেৱাৰৰ ৰাণাক সবিশেষ সম্মান কৰে আৰু অন্যান্য ৰাজপুত ৰাজন্যবৰ্গে তেওঁৰ লগত মিতিৰ পাতি নিজ নিজ বংশগৌৰৱ বঢ়াবৰ নিমিত্তে যৎপৰোনাস্তি চেষ্টা কৰে। আকবৰে এই প্ৰধান ৰাণাৰ স্থান অধিকাৰ কৰিবৰ মনেৰে ধৰ্ম্মৰ প্ৰতিকূলাচৰণলৈ পিঠি দি ৰাজপুতকুমাৰী বিবাহ কৰিছিল। যদিওবা তেজস্বী ৰাজপুত লোকে চিতোৰ নগৰ এৰি দি তাত শ্বাপদ জন্তুৰ বাসস্থান কৰাইছিল, তথাপি প্ৰৱল প্ৰতাপী মোগলসম্ৰাটক উদয়পুৰৰ ৰাজকুমাৰী দিবলৈ নহল বুলি ভীমসেনৰ বংশধৰসকলে আজি পৰিমিত গপ কৰে।

 হিন্দুৰাজকুমাৰী বিয়া কৰাৰপৰা আকবৰৰ ধৰ্ম্মমতত অনেক বিভ্ৰাট ঘটিছিল; কাৰণ তেওঁ হিন্দু ৰাণীসকলক তেওঁলোকৰ ধৰ্ম্ম অনুসৰণ কৰিবলৈ দি বিশেষ উদাৰ ভাব দৰ্শাইছিল। তেওঁ ধৰ্ম্ম বিষয়ে তৰ্ক-বিতৰ্ক শুনিবলৈ ভাল পাইছিল, আৰু সেইবোৰ তৰ্ক নীৰলে বিচাৰ কৰাৰ ফলত তেওঁৰ ধৰ্ম্ম বিষয়ে সাম্যভাব উপস্থিত হৈছিল; মাথোন দেখনীয়াৰ কৰি হে তেওঁ পিতৃ পিতামহৰ ধৰ্ম্ম ৰাখিছিল। তেৰ শতাব্দীত জেঙ্গিচখাঁৰ পৌত্ৰ কুব্লাই খাঁই ভেনিচৰ প্ৰসিদ্ধ পৰিব্ৰাজক মাৰ্কোপলক অতি সমাদৰেৰে পেসাোধ পোছ কৰি তেওঁৰ আগত থিবীৰ প্ৰধান ধৰ্ম্মপ্ৰচাৰক [ ১৭ ] চাৰিজনলৈ বিশেষ ভক্তি-ভাৱ দেখুৱাইছিল। সেই চাৰিজন মহাপুৰুষ হৈছে যীশুখ্ৰীষ্ট, মোহম্মদ, মোজেচ্, আৰু শাক্যমুনি। আকবৰো এই জেঙ্গিচখাঁৰ বংশোদ্ভৱ আৰু পূৰ্ব্বপুৰুষসকলৰ দৰে লিখা-পঢ়া-বিবৰ্জ্জিত আছিল। তথাপি তেওঁ গুণী আৰু বিদ্বানক বৰ আদৰ কৰিছিল। এইদৰে তেওঁ সৎসঙ্গ লভি পিতৃধৰ্ম্মৰ ভাবকেই খামোচ মাৰি নধৰি সকলো ধৰ্ম্মাৱলম্বী মানুহৰ পেটত সোমাব পাৰিছিল।

 ফাইজি আৰু আবুল ফজল দুই সহোদৰ আকবৰৰ সভাপণ্ডিত আছিল। আবুল ফজলে “আকবৰ নামা” আৰু “আইন-ই- আকবৰী” নামে যি দুখন সুন্দৰ কিতাপ ফাৰ্চিৰে লিখি থৈ গৈছে, তাৰপৰা আকবৰ-ৰাজত্বৰ সূক্ষ্ম বিবৰণ পোৱা যায়। আবুল ফজলৰ পৰামৰ্শ মতেই আকবৰে “জিজিয়া” শুল্ক ৰহিত কৰি হিন্দু-প্ৰজাক মহা-উৎপীড়নৰ পৰা ৰক্ষা কৰে। আকবৰৰ ধৰ্ম্মমত উদাৰ কৰোৱা বিষয়ে এইজনা বিজ্ঞবৰেই বিশেষ সহায় কৰিছিল; এনেবোৰ কাৰণত লাগি গোড়া মুছলমানবিলাকে ষড়যন্ত্ৰ কৰি মহাত্মা আবুল ফজলৰ প্ৰাণবধ কৰায়। কিন্তু অতি দুঃখৰ কথা, যে এনে পাশৱ কাৰ্য্যত যুৱৰাজ চেলিমো লিপ্ত আছিল বুলি বহুত লিখকে প্ৰকাশ কৰে। ৰজা টোডৰমল ৰাজস্ব-সচিব হৈ ভূমি সম্পৰ্কে সুবন্দৱস্ত লগাই সুকলমে ৰাজস্ব উলিয়াই ৰাজকোষ পৰিপূৰ্ণ ৰাখিছিল। মহামতি আকবৰে ৰাজ কাৰ্য্যত প্ৰথমে ইউৰোপীয় লোকক নিযুক্ত কৰে আৰু খ্ৰীষ্টধৰ্ম্মৰ বিষয়ে জানিবৰ মনেৰে [ ১৮ ] এওঁ গোৱানগৰৰপৰা কাথলিক মিচনাৰি চাহাব লোকক আগ্ৰালৈ নিমন্ত্ৰণ কৰি আনি অতি সমাদৰে সোধ-পোছ কৰি গিজ্জাঘৰ সাজিবলৈ আজ্ঞা দিয়ে আৰু মৰীয়চ্‌ অৰ্থাৎ মেৰী নামে ইউৰোপীয় মহিলাৰ পাণিগ্ৰহণ কৰে। এই মৰীয়চ্‌ বুৰঞ্জীত মুনিবেগম বুলি খ্যাত হল। এওঁৰ ফতেহপুৰৰ ৰাজবাটী আজিপৰিমিত বৰ্ত্তমান আছে। আকবৰে নিযুক্ত কৰা ইংৰাজ কেইজনৰ ভিতৰত কোনো এজনে আকবৰৰ বিষয়ে এইদৰে লিখিছে—“আকবৰ দৰিদ্ৰ প্ৰজাৰ প্ৰতি দয়ালু আৰু অনুগ্ৰহশীল আছিল। তেওঁ পৰিমিতাহাৰী আছিল আৰু মাদক দ্ৰব্য সেৱন নকৰিছিল। সকলো গোচৰ তেওঁ নিজে পোছ কৰিছিল। তেওঁৰ অজ্ঞাতসাৰে কোনো জগৰীয়াক দণ্ড দিয়া নিষেধ আছিল। তেওঁ বৰ মৃগযাপ্ৰিয় আছিল, আৰু সকলোবিধৰ খেল-তামচা ভাল পাইছিল। তেওঁ কেতিয়াবা কেতিয়াবাহে মাংস ভোজন কৰিছিল; সাধাৰণতঃ ভাত, গাখীৰ আৰু মিষ্টান্ন হে খাইছিল। তেওঁ লৰাৰ * আৰু ছোৱালীৰ চৈধ্য বছৰৰ পূৰ্ব্বে বিবাহ হবলৈ নিদিছিল। * বিধবাক পুনৰ্ব্বিবাহ কৰিবলৈ অনুমতি দিছিল। ”

 ইংলণ্ডত আলফ্ৰেড ৰজাক প্ৰজাবোৰে যিদৰে ভাব কৰিছিল, ভাৰতবৰ্ষতে মুছলমান ৰজাসকলৰ ভিতৰত আকবৰক সকলো শ্ৰেণীৰ প্ৰজাই সেইদৰে ভাব কৰিছিল। আকবৰ ইংলণ্ডেশ্বৰী এলিজেবেথৰ সমকালীন ৰজা আছিল। কুমাৰী ৰাণীৰ দিনত ইংলণ্ডৰ যশ যেনেকৈ চাৰিওফালে বৈছিল, আকবৰৰ দিনতো তেনেকৈ মোগলবংশৰ সৌভাগ্য-তপনৰ ভৰ দুপৰ হৈছিল। [ ১৯ ] ইউৰোপৰ ফালে এওঁৰপৰা আওৰঙ্গজেব বাদচাহলৈকে এই চাৰিজনাক “গ্ৰেট মোগল” বুলি কয়; আৰু এওঁলোকে ১৫৫৬ খ্ৰষ্টাব্দৰপৰা ১৭০৭ খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। এওঁ যি প্ৰণালীত ৰাজ্য শাসন কৰিছিল, এওঁৰ বংশধৰসকলে সেই প্ৰণালী ধৰা হলে মোগল ৰাজত্বৰ পতন সিমান শীঘ্ৰে নহলহেঁতেন।

 বৰ দুখৰ কথা, যে আকবৰে শেহ কালত ৰাজকুমাৰ- সকলৰপৰা বেজাৰ পাইছিল। চেলিম বৰ কানীয়া আৰু মদপী আছিল। এওঁ বিদ্ৰোহী হৈ বৰ দৌৰাত্ম্য কৰিছিল। পাচে পৰাস্ত হৈ বাপেকৰ শৰণাগত হলত ক্ষমা কৰিলে। দ্বিতীয় পুত্ৰ মোৰাদ চান্দবিবিৰ লগত যুদ্ধ কৰি থাকোঁতে ১৫৯৯ চনত মৰা পৰে আৰু তৃতীয় ডানীয়েলে অতিৰিক্ত সুৰাপান কৰি ভৱ-লীলা সামৰে। আকবৰ ১৬০৫ চনত স্বৰ্গী হয়। কবলৈ গলে আকবৰৰ মৃত্যুৰ পাচৰপৰাই মুছলমান আৰু ৰাজপুতবিলাকৰ ভিতৰত ক্ৰমে বৈৰী ভাব বৃদ্ধি হবলৈ ধৰি শেষত মোগল ৰাজত্বৰ অন্ত হৈছে।

 আকবৰ সুশ্ৰী, দীঘল, বলিষ্ঠ আৰু তেজ-গোঁৰা আছিল। হয়-হস্তী যান-বাহনাদি অসংখ্য থাকেঁতেও তেওঁ খোজ কাঢ়ি ফুৰিবলৈ ভাল পাইছিল; আৰু দিনে ৩০ মাইল খোজ কাঢ়িও ক্লান্তি বোধ নকৰিছিল। মুছলমান ৰজাসকলৰ ভিতৰত আকবৰক হে হিন্দুলোকে “দিল্লীশ্বৰো বা জগদীশ্বৰো বা” কথা প্ৰযোগ কৰিছিল।