পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
আকবৰ

চাৰিজনলৈ বিশেষ ভক্তি-ভাৱ দেখুৱাইছিল। সেই চাৰিজন মহাপুৰুষ হৈছে যীশুখ্ৰীষ্ট, মোহম্মদ, মোজেচ্, আৰু শাক্যমুনি। আকবৰো এই জেঙ্গিচখাঁৰ বংশোদ্ভৱ আৰু পূৰ্ব্বপুৰুষসকলৰ দৰে লিখা-পঢ়া-বিবৰ্জ্জিত আছিল। তথাপি তেওঁ গুণী আৰু বিদ্বানক বৰ আদৰ কৰিছিল। এইদৰে তেওঁ সৎসঙ্গ লভি পিতৃধৰ্ম্মৰ ভাবকেই খামোচ মাৰি নধৰি সকলো ধৰ্ম্মাৱলম্বী মানুহৰ পেটত সোমাব পাৰিছিল।

 ফাইজি আৰু আবুল ফজল দুই সহোদৰ আকবৰৰ সভাপণ্ডিত আছিল। আবুল ফজলে “আকবৰ নামা” আৰু “আইন-ই- আকবৰী” নামে যি দুখন সুন্দৰ কিতাপ ফাৰ্চিৰে লিখি থৈ গৈছে, তাৰপৰা আকবৰ-ৰাজত্বৰ সূক্ষ্ম বিবৰণ পোৱা যায়। আবুল ফজলৰ পৰামৰ্শ মতেই আকবৰে “জিজিয়া” শুল্ক ৰহিত কৰি হিন্দু-প্ৰজাক মহা-উৎপীড়নৰ পৰা ৰক্ষা কৰে। আকবৰৰ ধৰ্ম্মমত উদাৰ কৰোৱা বিষয়ে এইজনা বিজ্ঞবৰেই বিশেষ সহায় কৰিছিল; এনেবোৰ কাৰণত লাগি গোড়া মুছলমানবিলাকে ষড়যন্ত্ৰ কৰি মহাত্মা আবুল ফজলৰ প্ৰাণবধ কৰায়। কিন্তু অতি দুঃখৰ কথা, যে এনে পাশৱ কাৰ্য্যত যুৱৰাজ চেলিমো লিপ্ত আছিল বুলি বহুত লিখকে প্ৰকাশ কৰে। ৰজা টোডৰমল ৰাজস্ব-সচিব হৈ ভূমি সম্পৰ্কে সুবন্দৱস্ত লগাই সুকলমে ৰাজস্ব উলিয়াই ৰাজকোষ পৰিপূৰ্ণ ৰাখিছিল। মহামতি আকবৰে ৰাজ কাৰ্য্যত প্ৰথমে ইউৰোপীয়

লোকক নিযুক্ত কৰে আৰু খ্ৰীষ্টধৰ্ম্মৰ বিষয়ে জানিবৰ মনেৰে

স—২