সাহিত্য - সপ্তম ভাগ/স্পন্দন
[ ২০ ]
স্পন্দন।
স্পন্দন কাক বোলে যদিও সকলোৱে বুজে তথাপি তাৰদ্বাৰা জগতত, যে কিমান আশ্চৰ্য্যজনক কাম হব লাগিছে তাক ভাবিলে বিস্ময় মানিব লাগে। চকুৰ আগত দেখিথকা পানীৰ ঢৌৰপৰা আৰম্ভ কৰি শব্দ, তাপ, পোহৰলৈকে সকলো একমাত্ৰ স্পন্দনৰে ক্ৰিয়া মাথোন। আমি এই স্পন্দনৰ বিষয়ে আলোচনা কৰি চাওঁহঁক।
এটা শিল ডোল এডালত ওলোমাই দোলাই দিলে আমি লৰি থকা দেখোঁ। এনে লৰা বা দোলাকে আমি স্পন্দন বোলোঁ॥ এচ্ৰাজ বা বেহেলাৰ তাঁৰ এডাল ধৰি জোকাৰ মাৰি দিলে তাৰ গতিটোকে আমি স্পন্দন বোলোঁ। এই দুই স্পন্দন ঠিক একে ধৰণৰ, কেৱল স্পন্দনৰ সময় আৰু পৰিমাণহে বেচি-কম, —এটা মৃদু আৰু আনটো দ্ৰুত।
ঢৌ কি? এশাৰী বস্তুৰ ভিতৰত পৰস্পৰ এনেকুৱা সংযোগ থাকিব পাৰে, যে এমুৰৰ এটা লৰাই দিলে শাৰীৰ গোটেইবিলাকে এটাৰ পাচত এটা লৰিব ধৰিব। এইদৰে এঠাইৰপৰা আন ঠাইলৈ স্পন্দন-গতি আঁতৰি যোৱাকে ঢৌ বলে। পানীত এশাৰী কলহ ওপঙাই এমূৰৰ এটা ধৰি লাহে লাহে এবাৰ তল এবাৰ ওপৰকৈ কঁপাই দিলে দেখা যাব, যে এটাৰ পাচত এটাকৈ আনবিলাক কলহো কঁপিব ধৰিছে আৰু পানীয়েও যাক আমি ঢৌ [ ২১ ] বলোঁ তেনে আঁকাৰ ধাৰণ কৰিছে। কলহটো যদি লাহে লাহে কঁপোৱা যায় তেনেহলে ঢৌবিলাক দীঘল দীঘল হয় আৰু খৰকৈ কঁপালে ঢৌবিলাক চুটি চুটি হয়।
এইদৰে বেহেলাৰ তাঁৰ এডাল জোকাৰি দিলে সি কঁপিব ধৰিব আৰু তাৰ ওচৰত থকা বতাহক কঁপাই দিয়া বাবে বতাহতো পানীৰ নিচিনা এক ৰকম ঢৌ উৎপন্ন হব। এই ঢৌয়ে আহি আমাৰ কাণত সোমাই কাণৰ ভিতৰত থকা এক ৰকম পাতল ছাল কঁপাই দিলে আমি শব্দ অনুভব কৰোঁ। বতাহৰ ঢৌবিলাক যদি চুটি চুটি হয়, তেনেহলে আমাৰ কাণত এক ৰকম সুৰৰ আৰু যদি দীঘল দীঘল হয় তেনেহলে আন ৰকম সুৰৰ অনুভূতি হয়। ঢৌ চুটি হলে আমি যেনে শুনোঁ তাক চৰা সুৰ বোলোঁ। বেহেলাৰ তাঁৰডাল টানি পকাই দিলে তাৰ স্পন্দন খৰ হয় আৰু সেই দেখি সুৰো চৰা হয়, আৰু যদি তাঁৰডাল ঢিলাই দি বজোৱা যায় তেনেহলে সুৰ খাদ হৈ পৰে। প্ৰত্যেক শব্দ-ওলোৱা যন্ত্ৰৰে মূল কাৰণ হৈছে স্পন্দন। স্পন্দন নহলে শব্দৰ উৎপত্তি হব নোৱাৰে আৰু সেই স্পন্দনৰ ঢৌ-বহনকাৰী বতাহ বা বতাহৰ নিচিনা আৰু পদাৰ্থ নাথাকিলেও আমি শব্দ শুনিবলৈ নাপাওঁ। সূৰ্য্য বা আন গ্ৰহত যদি কিবা শব্দ হৈছে আমাৰ শুনিবৰ উপায় নাই; কাৰণ সূৰ্য্য আৰু পৃথিবীৰ মাজত সংযোগকাৰী বায়ু নাই।
আমি দেখিছো, যে কোনো এটা বস্তু লৰাই দিলে বতাহত পানীৰ নিচিনা ঢৌ উৎপন্ন হয় আৰু সেই ঢৌ গৈ কাণত সোমালে আমি এক প্ৰকাৰ অনুভৱ কৰোঁ, তাকে আমি শব্দ শুনা বোলোঁ। [ ২২ ] যদি কোনো মানুহৰ কাণ কলা হয অৰ্থাৎ কাণৰ ভিতৰত থকা স্পন্দন গ্ৰহণকাৰী পাতল ছালখন অকৰ্ম্মণ্য হয়, তেন্তে তাৰ শুনিবৰ উপায় কি? এক উপায আছে, শ্ৰবণেন্দ্ৰিয়ৰ স্নায়ুবোৰলৈ কোনো প্ৰকাৰে বতাহৰ স্পন্দন পঠিয়াই দিযা। দেখা গৈছে, যে অমৰ আগদাঁতৰ লগত শব্দবহনকাৰী স্নাযুৰ সংযোগ আছে। আমি যদি এচটা ডাঠ কাগজৰ এটা মূৰ দাঁতেৰে কামুৰি ধৰি আনটো মূৰ হাতেৰে ভিৰাই ধৰোঁ, তেনেহলে শব্দৰ ঢৌবে আহি কাগজ চটাত পৰি তাক কঁপাই দিব, দাঁতে আকৌ শব্দ-বহনকাৰী স্নায়ুক কঁপাই দিব, তেতিযা আমি শব্দ শুনিবলৈ পাম। কলা মানুহক এনেকুৱা উপায় অৱলম্বন কৰা অনেকে দেখা পাইছে।
আমাৰ শ্ৰবণেন্দিয়ই সকলো প্ৰকাৰ বতাহৰ টো অনুভৱ কৰিব নোৱাৰে। আমি হাত বা বিচনী লৰালে বতাহত যি ঢৌ উৎপন্ন হয তাক অনুভৱ কৰিবলৈ আমাৰ শ্ৰবণেন্দ্ৰিয় তেনেই সক্ষম। দেখা গৈছে, যে এক ইঞ্চিতকৈ চুটি আৰু প্ৰায় ৪০ ফুটতকৈ দীঘল ঢৌ আমি অনুভৱ কৰিব নোৱাৰো। কিন্তু চৰাইৰ ভিতৰত বাদুলিযে নিজৰ ডৌকা কোবাওঁতে বতাহত উৎপন্ন হোৱা ঢৌৰ শব্দ শুনিবলৈ পায। এই কাৰণে সি ঘোৰ অন্ধকাৰ ৰাতিতো ক’তো খুন্দা খুন্দি নোখোৱাকৈ উৰি ফুৰিব পাৰে; কাৰণ আগত গছ, ঘৰ বা আন কিবা প্ৰতিবন্ধক থাকিলে তাৰ ডৌকাৰ পৰা হোৱা ঢৌবিলাক তাত খুন্দা খাই প্ৰতিবন্ধকস্বৰূপে উভতি আহি তাৰ কাণত সোমালেই সি তাৰ আগত থকা প্ৰতিবন্ধকৰ অস্তিত্ব গম পাই সাবধান হব পাৰে; [ ২৩ ] ইয়াকে বাদুলিৰ ষষ্ঠ ইন্দ্ৰিয় বোলা যায়। এনে ষষ্ঠ ইন্দ্ৰিয়-যন্ত্ৰ আমি সাজি লব পাৰোঁ। এনে এটা যন্ত্ৰ লগত থকাহেঁতেন টাইটানিক জাহাজ ওপঙি ফুৰা বৰফৰ পাহাৰত খুন্দা খাই আটলাণ্টিক মহাসাগৰত ডুব নগলহেঁতেন। পৰমেশ্বৰৰ সৃষ্টি-কৌশল কি বিচিত্ৰ! প্ৰৱৰ্ত্তনৰ কাৰণে যাক যিটোৰ দৰকাৰ তেওঁ তাক ঠিক সেইটোকে দিছে। অবোধ নিশাচৰ প্ৰাণীক ৰাতি ফুৰিবৰ কাৰণে তেওঁ এটা ষষ্ঠ ইন্দ্ৰিয় দিছে। মানুহকো নিজ নিজ সুখৰ অৰ্থে তেওঁ সকলো দিছে; কিন্তু মানুহে নিজৰ নাটনি দিনৌ গঢ়ি লব ধৰিছে। সেই দেখি ভগবানে আমাক ‘বুদ্ধি’ দিছে; নিজৰ বুদ্ধি খটাই প্ৰকৃতিদেবীৰ গুপ্ত ৰত্ন উদ্ধাৰ কৰি আমি আমাৰ অভাৱ পূৰ্ণ কৰি ললেই হল।