পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আকবৰ।

 চেৰ চাহৰ লগত যুঁজ কৰি হুমায়ুন বাদচাহ পৰাস্ত হৈ পলাই ফুৰোঁতে, ১৫৪১ খ্ৰীষ্টাব্দত হামীদাক বিবাহ কৰে। পলৰীয়া হৈ হুমায়ুনে মহিষীৰে সৈতে অতি কষ্টে ৰাজপুতনাৰ মৰুভূমি পাৰ হৈ অমৰকোট পাওঁতেই পূৰ্ণগৰ্ভা বেগমৰ প্ৰসৱ-বেদনা উপস্থিত হল; সেই ঠাইতে ১৫৪২ চনত জগদ্বিখ্যাত আকবৰ ওপজে। ইয়াতো থকা নিৰাপদ নাভাবি হুমায়ুনে সসন্তান ৰাজমহিষীক লৈ কাবুল ওলাল গৈ; তাত লৰা-তিৰোতাক নিজ সহোদৰ কামৰাণৰ ‘জিম্মাত’ ৰাখি নিশ্চিন্ত হৈ চাহ টমাস্পৰ শৰণাগত হল। পাৰস্যাধিপতিক সন্তুষ্ট কৰিবৰ মনেৰে হুমায়ুনে চিয়া-মত গ্ৰহণ কৰি পাৰস্যদেশত ১৪ বছৰ থাকে।

 ইতিমধ্যে চেৰ চাহৰ মৃত্যু হয়। তেওঁৰ উত্তৰাধিকাৰী কেইজন সিমান যুদ্ধবিশাৰদ আৰু প্ৰতাপী নোহোৱাৰ খবৰ পাই, হুমায়ুনে দিল্লীৰ ৰাজপাট পুনৰ দখলৰ চেষ্টা কৰিবৰ মনেৰে চাহ টমাস্পক কিছুমান ফৌজ খুজিলে। চাহ টমাস্পে ৪া৫ হেজাৰ চিপাহী দিলত হুমায়ুনে তেওঁৰ অতি বিশ্বাসী পৰিচাৰক বেহ্ৰাম খাঁৰ সাহসৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষলৈ আহি, ১৫৫৬ খ্ৰীষ্টাব্দত পুনৰ দিল্লীৰ সিংহাসন অধিকাৰ কৰি-