শুনিছিলোঁ প্ৰতিমাৰ মনোহৰ বাক্যাৱলী, “হাৰ্মোনিয়ামৰ"
লগত মিলোৱা সুমধুৰ কোমল কণ্ঠস্বৰ; ভাবিছিলোঁ কিবাকিবি
কল্পনাৰ সুখকৰ কথা,⸺স্বপ্নৰ কাহিনী।
(২)
প্ৰতিমাৰ লগত প্ৰথম দেখায়েই মোৰ শেষ দেখা নহয়, সি তাৰ পাতনিহে। সেই দিনাৰ পৰা দিনৌ অন্ততঃ একোবাৰ প্ৰতিমাৰ লগত মোৰ দেখা হয়—অৱশ্যে নিলগৰ পৰা। দিনে দিনে প্ৰতিমাৰ প্ৰতি মোৰ মন আকৃষ্ট হবলৈ ধৰিলে; ধৰাৰ কাৰণো আছিল। মই বহুত দিন ভাবিছিলোঁ, আমাৰ অধঃ পতিত হিন্দুসমাজৰ কথা, বলীৰ ঘোৰ স্বাৰ্থপৰতাৰ কথা, আৰু দুৰ্ব্বলৰ প্ৰতি অন্যায়, অবিচাৰ আৰু অত্যাচাৰৰ কথা। স্থিৰ কৰিব নোৱাৰিছিলোঁ—কিয় একে তেজ-মাংসধাৰী একে গুণ- বিদ্যা-সম্পন্ন মানুহৰ ভিতৰত স্বৰ্গ-মৰ্ত্ত্যৰ পাৰ্থক্যৰ নিচিনা সামাজিক প্ৰভেদ। ভাবি চিন্তি ওৰ পোৱা নাছিলোঁ,—কিয় পুৰুষৰ স্বাধীনতা জোখতকৈও চৰা আৰু তিৰুতাৰ প্ৰতি কঠিন ব্যৱহাৰৰ ব্যৱস্থা। শাস্ত্ৰৰ পাত লুটিয়াই, সাধাৰণ জ্ঞান আৰু যুক্তি-তৰ্কৰ সহায় লৈ ইয়াকে মাথোন পাইছিলোঁ যে বৈদেশিক আক্ৰমণকাৰীৰ অত্যাচাৰত আত্ম-কন্দলৰ মাজত, যেতিয়া মানুহ শিক্ষা-দীক্ষাৰ অৱনতি হৈ আহিল, তেতিয়া স্বাৰ্থপৰ শিক্ষিতসকলে পূৰ্ব্বৰ, কৰ্ম্মানুসাৰে বিভক্ত বৰ্ণক উত্তৰাধিকাৰ-সূত্ৰে পোৱা