যদি বিবাহতেই মানৱ জীৱনৰ সুখ-শান্তি নিৰ্ভৰ কৰে, যদি ই দুটি
প্ৰাণ গোটাই একেলগ কৰে, তেনেহলে অন্ততঃ তাৰ মানে
বুজিবলৈকো আমাক অৱসৰ নিদিয়ে কিয়? যদি আমাক জড়
বুলিয়েই ভাবে, যদি আমাৰ সুখ-দুখৰ অনুভূতি নাই বুলিয়েই
আপোনালোকৰ বিশ্বাস, তেন্তে ওপজোঁতেই টেটুত চেঁপা দি মাৰি
নেপেলাই কিয়? আপোনালোকৰ উৎপীড়ন আৰু লাঞ্ছনা ভোগ
কৰাতকৈ মৃত্যু শত গুণে শ্ৰেয়। আপোনালোকে জুপুৰি বহা
এৰি পকী ঘৰত থাকিবলৈ শিকিছে, চলন-ফিৰণ খোৱা-লোৱাত
নতুন কিবা হৈ উঠিছে, কিন্তু আমাৰ ওপৰত চলোৱা শাসন-নীতিৰ
লৰচৰ কেতিয়াও ঘটিব নোৱাৰে; সি সদায় একে হৈয়েই থাকিব,
কাৰণ তাত আপোনালোকৰ নাৰকীয় নীচ স্বাৰ্থ আছে। সেই
দেখিয়েই আপোনালোকৰ শাস্ত্ৰই তিনি কুৰীয়া বৰলাক দহজনী
কেচুৱা ছোৱালী বিয়া কৰাবলৈ আগ বঢ়াই নিয়ে, সমাজে দবনি
পিটি খাই আনন্দ প্ৰকাশ কৰে; কিন্তু পিয়াহ খোৱা ছোৱালীৰ
খেলাৰ পুতলা স্বামীৰ মৃত্যুত ইহকাল পৰকাল একেবাৰেই যায়!
এয়ে আপোনালোকৰ শাস্ত্ৰ! এয়ে আপোনালোকৰ ধৰ্ম্ম! এনে
কুৱাযেই আপোনালোকৰ সমাজ! এনে স্বাৰ্থপৰ সমাজক
পদাঘাত কৰা উচিত। ককাইদেউ, ক্ষমা কৰিব, মনৰ আবেগ
দমাব নোৱাৰি ঘাই কথা এৰি কিবাকিবি বকিলোঁ। মই যেতিয়া
বুজিলোঁ, মৰিবলৈ মাথোন দুদিন বাকী থকা সেই বুঢ়ায়েই মোৰ
স্বামী, মই তেতিয়া তেওঁক গ্ৰহণ কৰিবলৈ অমান্তি হলোঁ। য'ত
প্ৰেমৰ কণিকা মাত্ৰ নাই, যত বয়সৰ মিল পৰ্য্যন্ত পোৱা নাযায়,
পৃষ্ঠা:সাতসৰী.djvu/৩৪
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
সাতসৰী।