পৃষ্ঠা:সাতসৰী.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
সাতসৰী।


যাক কি বস্তু মই বুজা নাছিলোঁ তাত জীৱন বলি দিয়া নিৰ্ব্বোধৰ বাহিৰে আনৰ কাম হব নোৱাৰে। মুঠ কথা মই সেই বিবাহক বিবাহ বুলি স্বীকাৰ কৰিব নোৱাৰো আৰু তেনে কৰিবলৈকো যুক্তিৰ অভাব। বিচাৰবিহীন আচাৰ সৰ্ব্বনাশৰ মূল। তিৰুতাৰ প্ৰতি এনে অন্যায়-অবিচাৰ কৰাৰ ফলতেই আজি ভাৰতৰ নাৰী সমাজ অশিক্ষিতা হৈ মূৰ্খ পুত্ৰ কন্যাৰ জননী হবলৈ বাধ্য হৈছে, আৰু তাৰ ফলতেই ভাৰতবৰ্ষৰ এই অধঃতন। আপোনালোকে ধৰি থাকক খামোচ মাৰি আপোনালোকৰ সমাজখনকে, মই কিন্তু তাৰ বান্ধ-ছাট নামানো, তাৰ লগত শক্তিয়ে আটে মানে যুজিম। ধৰ্ম্মত মতি ৰাখি, ভগৱন্তৰ নিৰ্ম্মালি মূৰত লৈ যিহকে যুক্তিযুক্ত দেখোঁ তাকে কৰি যাম। আন কি, আপোনাক কৈ থওঁ, মনে মনে মিলা মানুহ পালে বিয়াও কৰাম, আপোনালোকে পতিতা বুলি ঘিণ কৰালৈ মই ভয় নকৰোঁ। এয়ে মোৰ জীৱনৰ কাহিনী। মোৰ লগত হোমৰ ওচৰত বহুওৱা বুঢ়াজন মৰিল নে আছে মই কব নোৱাৰোঁ। সেই দেখি আপোনালোকৰ হিচাপত মই সধবা নাইবা বিধবা হবই লাগিব। মই কিন্তু নিজে সেই কথা স্বীকাৰ নকৰোঁ, মই জানো মই এতিয়াও কুমাৰী হৈয়ে আছোঁ। আপোনাৰ এতিয়া যেনে ইচ্ছা তেনেকৈ ধৰি ল'ব পাৰে।”

 কথা শেষ হ'ল। প্ৰতিমাই মোৰ ওচৰত বিদায় লৈ ঘৰলৈ গ’ল। মোৰ কাণত কিন্তু কথাখিনি বাজিবলৈ ধৰিলে। যদিও প্ৰতিমাৰ দুখত মোৰ অন্তৰ ব্যাকুল হৈ উঠিছিল, তথাপি কথাখিনি