চাওঁতে চাওঁতে মালতীৰ অৱস্থা শোচনীয় হৈ আহিল।
পিতাকে মোক ৰখীয়া থৈ ডাক্তৰৰ গুৰিলৈ লৰ দিলে। মই
মালতীৰ সোঁ হাতটি মোৰ দুয়ো হাতৰ মাজত সুমুৱাই লৈ কাষতে
বহিলোঁ। মালতীযে সেহাই সেহাই মাতিলে;⸺“সূৰ্য্য,
প্ৰাণেশ্বৰ!” মই।—প্ৰাণৰ মা⸺
মোৰ কথা সম্পূৰ্ণৰূপে বাহিৰ নোলাল।
মালতী। বিদায় হৃদয়েশ্বৰ, বিদায়। এই জীৱনত এয়ে শে—ষ দে—এ—খা—আ।
মালতীযে স্থিৰ দৃষ্টিৰে মোলৈ চাবলৈ ধৰিলে। মই প্ৰকাশ কৰিব নোবৰা দাৰুণ যন্ত্ৰণাত মৰ্দ্ধাস্ফুট হোৱাৰ দৰে হলোঁ।
অলপ পিচতে শইকীয়া ডাক্তৰৰে সৈতে বেগা-বেগিকৈ ওলালহি। কিন্তু তেওঁলোক ঘৰ নৌ সোমাওঁতেই মালতীৰ দেহা-পিঞ্জৰৰ পৰা প্ৰাণ-পখী উৰি গ'ল। স্বৰ্গীয় প্ৰতিমা স্বৰ্গগামী হ’ল। হায়, ময়ো যদি তেওঁৰ লগৰীয়া হব পাৰিলোঁহেঁতেন!
(৯)
মালতী এতিয়া নাই। কিন্তু তেওঁৰ ছবি⸺তেওঁৰ সেই মোহিনী প্ৰতিমা মোৰ হিয়াৰ মাজত প্ৰতিষ্ঠিত আছে। তেওঁৰ স্মৃতিচিহ্ন সেই কৃষ্ণ কেশগুচ্ছ মোৰ কায়াৰ লগত সততে ছায়াৰূপে ফুৰিছে। মালতী নাই, কিন্তু তেওঁৰ চুলিকোছাই তেওঁৰ আসন গ্ৰহণ কৰিছে। যিমান দিন দেহত প্ৰাণ থাকে, সিমান দিন এই চুলিকোছাই মোৰ জীৱনৰ গতি থিৰ ৰাখিব।