পৃষ্ঠা:সাতসৰী.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাতসৰী

নজনা, ছলনাৰ ছাঁত নপৰা, পবিত্ৰতাময় সেই কোমল মুখখনিত কি যে অমিয়া সনা আছে কব নোৱাৰোঁ; কিন্তু যেতিয়াই এবাৰ সেই মাধুৰীপূৰ্ণ মুখখনি চাওঁ, যেতিয়াই এবাৰ ওমলাৰ ছলেৰে তেওঁৰ তুলা যেন হাতটিত মোৰ কাঠ যেন হাতটো থওঁ, তেতিয়া অতি ক্লান্ত হৈ থাকিলেও, মোৰ গাটো চেঁচা পৰি অহা যেন লাগে, মোৰ উগ্ৰতা লাহে লাহে আহি নম্ৰতাত পৰিণত হয়।

(৩)

 লাহে লাহে আমাৰ বন্ধুতা ইমান ডাঠ হ′ল, চেনেহৰ আকৰ্ষণ ইমান প্ৰবল হৈ উঠিল যে, ইটিয়ে সিটিক নেদেখিলে এখন্তকো থাকিব নোৱৰা হলোঁ। উভয়ৰ মাজত কত নিৰ্দ্দোষ খেলা, কত স্বৰ্গীয় ভাবে ঠাই ললেহি তাৰ সীমা-সংখ্যা নাই। কেতিয়াবা দুয়ো গৈ আমাৰ ঘৰৰ পিছ ফালে থকা নৈৰ বালিত উমলি ফুৰোঁ, বালিৰে ঘৰ সাজো আৰু পানীৰ তলত নাচি ফুৰা সৰু বৰ মাছবোৰ চাই চাই সিহঁতৰ গালৈ অকণি অকণি শিলগুটি দলিয়াই আনন্দ উপভোগ কৰোঁ। কেতিয়াবা ফুলনিত সোমাই, ফুল বুটলি একোচ একোচকৈ ভৰাই লৈ আহি চাকি আৰু মালা গাথোঁ আৰু দুয়ো সাল সলনি কৰি পিন্ধি আনন্দত মতলীয়া হওঁ। আকৌ, কেতিয়াবা মই মনে মনে গছৰ আঁৰত লুকাই থাকোঁ, তেওঁ মোক নেদেখি ব্যাকুল হৈ বিচাৰিবলৈ ধৰিলে সাউৎ কৰে ওলাই আহি পিচ ফালৰ পৰা চকু জিপাই ধৰোঁ আৰু হাত-তালি দি হেপাহ পলুৱাই হাঁহি লওঁ। কেতিয়াবা কিবা কাৰণত ৰোহ