সমললৈ যাওক

পৃষ্ঠা:সাতসৰী.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাতসৰী।


(৭)

 পূজাৰ বন্ধ আহিল। বৰ হেপাহেৰে, বৰ উলাহেৰে ঘৰমুৱা হলো। মনত নবীন আনন্দৰ সোঁত ববলৈ ধৰিলে। ইমান দিনৰ মূৰত নিৰ্ব্বিঘ্নে আকৌ পিতৃ-মাতৃৰ চৰণত মূৰ দোঁৱাবলৈ পাম, মোৰ বাল্য-জীৱনৰ সুখ-দৃশ্য দেখিবলৈ পাম, বাল্য বন্ধু ভাবী জীৱন-সঙ্গিনী প্ৰাণৰ প্ৰতিমা মালতীৰ লগত দেখা হব, আকৌ সেই অতীতৰ মোহিনী প্ৰতিমাখনি আগত লৈ, তাৰ পোহৰত ভবিষ্যতৰ নিদ্দিষ্ট বাট বান্ধিবলৈ সুচল লাভ কৰিব পাৰিম! ভাবনাৰ সোঁতত মই নিজক উটুৱাই দিলোঁ, উলাহত প্ৰাণ কঁপিবলৈ ধৰিলে, অন্তৰ আনন্দত নৃত্য কৰি উঠিল।

(৮)

ঘৰ পালোঁহি। ঘৰ পায়েই শুনিলোঁ মালতীৰ টান নৰিয়া। হায়! এই বাতৰি শুনাৰ আগেয়ে মোৰ মূৰত বজ্ৰ-পাত নহল কিয়! মই তেতিয়াই মালতীৰ ঘৰলৈ খোজ ললোঁ। গৈ যি দৃশ্য দেখিলোঁ আৰু সেই দৃশ্যই মোৰ যি পৰিবৰ্ত্তন ঘটালে, তাক লেখনীৰ সাহায্যেৰে বৰ্ণনা কৰিব নোৱাৰোঁ। উঃ! কি ভীষণ যন্ত্ৰণা! কি ঘোৰ দাবানল! শত বৃশ্চিক দংশনতকৈও তীব্ৰ দংশন। মই দেখিলোঁ—নৰিয়া-পাটীত মালতীয়ে চটফটাব লাগিছে; ডাক্তৰে আশা নাই বুলি কৈছে। মোৰ প্ৰাণ শুকাই গ'ল।