পাতি মোক নমৰা হলে, নাইবা চকু-লো টুকিলে, মই তেওঁৰ সুগোল বাহুটিত ধৰি বুকত মুখখনি সমুৱাই লৈ চকু-লো মচি দিওঁ, গাল মুখত হাত ফুৰাই কিচ-কচ কৰে ক'লা চুলিটাৰ পিলিকি পিলিকি সান্ত্বনা দিবলৈ চেষ্টা কৰোঁ। মই কেতিয়াবা তেনে কৰিলে, তেৱোঁ সেই পালি ঔষধৰেই ব্যৱস্থা কৰে। আহা, সেই বাল্য-খেলা কেনে মধুৰ, কেনে পবিত্ৰ। তাত বাসনাৰ সোঁত নবয়, ছলনাৰ চেঁকা নালাগে, স্বাৰ্থৰ বীৰত্ব নাখাটে; আগৰ পৰা গুৰিলৈকে নিঃস্বাৰ্থ স্বৰ্গীয় ভালপোৱা। সেই বাল্য- লীলাৰ কথা সুৱঁৰিলে, এতিয়াও শিৰে শিৰে সেই পবিত্ৰ ভাবৰ সোঁত ব’বলৈ ধৰে, এতিয়াও কল্পনাৰ সুখ-দৃশ্যই মন-প্ৰাণ নচুৱাই তোলে। ইচ্ছা হয়, যেন সেই পবিত্ৰ বাল্য জীৱন আকৌ লাভ কৰিম! আকৌ যেন সেই স্বগীয় বাল্য বন্ধুৰ লগত নিৰ্দ্দোষ খেলা খেলিম!
(৪)
সময়ৰ সোঁতত আমাৰ জীৱন-নাও ভটীয়াবলৈ ধৰিলে। লাহে লাহে যৌৱনৰ ঢৌত উটি আমি টলবলাবলৈ ধৰিলোঁ আৰু লগে লগে মনোবিকাৰ ঘটি উঠিল। সেই নিঃস্বাৰ্থ ভাল পোৱা কিবা স্বাৰ্থৰ ঢাকোনে ঢাকি পেলালে। মনৰ মাজত কিবা এটা বাসনাৰ ঢৌৱে খুন্দিয়াবলৈ ধৰিলে। সেই স্বৰ্গীয় পবিত্ৰতাৰ মাজত কিবা এটা পাৰ্থিব ভাব প্ৰবেশ কৰিলে। অন্তৰত কিবা এটা ভবিষ্যত আশাৰ পুলি গজি উঠিল আৰু ডাল-পাত ধৰি দিনে