সম্ভৱতঃ/অপূৰ্ণ

ৱিকিউৎসৰ পৰা
[ ৯৫ ]


অপূৰ্ণ



 ক’ত, কেতিয়া, কেনেদৰে প্ৰথমবাৰ তাই সুহুৰিটো শুনিছিল তাইৰ সঠিকভাৱে মনত নাই। কিন্তু তাইৰ মনত আছে, স্মৃতিয়ে ঢুকি পোৱা শৈশৱৰ দিনবোৰত এই সুহুৰিটোৱে তাইক বহুবাৰ বিহ্বল কৰিছিল। চাৰিওফালে গছ-গছনিৰে ঘেৰা, অতি সেৰেঙা জনবসতিৰ অঞ্চল এটাত সিহঁতৰ ঘৰটো আছিল। প্ৰকাণ্ড চৌহদ এটাত মাক-দেউতাক আৰু তাই। সৰুতে তাই দেউতাকৰ লগত শুইছিল। কুকুৰাই ডাক নিদিওঁতেই তাইৰ টোপনি ভাগিছিল। চিলমিল পোহৰে আঁতৰাব নোৱাৰা কোঠাটোৰ ডাঠ এন্ধাৰখিনিলৈ তাই টটকৈ চাই আছিল সম্পূৰ্ণ পোহৰ নোহোৱালৈকে। এই সময়খিনিত দেউতাকক জোৰেৰে সাবটি ধৰি থাকিলেও চৰাইৰ মাতে সম্পূৰ্ণৰূপে থানবান কৰিব নোৱাৰা দোকমোকালিৰ নিৰ্জনতাৰ বোকোচাত সেই সুহুৰিটো উটি আহিছিল আৰু তীক্ষ্ণ অথচ নিস্পন্দ ধাৰ এটাৰে তাইক ৰেপিবলৈ আৰম্ভ কৰিছিল। অনিৰ্ণেয় উৎসৰ সুহুৰিটোৰ আমি সুতীব্ৰ ৰেপনিলৈ তাইৰ ভয়টো ক্ৰমশঃ ইমানেই বাঢ়ি আহিছিল যে পাছলৈ পুৱতি নিশা সাৰ পালেও তাই চকু মেলিবলৈ ভয় কৰা হৈছিল। জোৰকৈ চকুহাল মুদি তাই আকৌ টোপনি যাবলৈ চেষ্টা কৰিছিল যেতিয়ালৈকে পূব আকাশ ৰাঙলী নহয়। শৈশৱৰ বহুত দুঃসময় আৰু উলাহ সোঁৱৰণীৰ পৰা খহি পৰিল। কিন্তু নিৰ্জনতাৰ বোকোচাৰে দেও দি আহি তাইৰ সত্তাক দুচেও কৰিব খোজা.সেই সুহুৰিটো তাই পাহৰিব নোৱাৰিলে। পৰিপক্ক বয়সত চিন্তা, অভিজ্ঞতা আৰু অনুভূতিৰে বিশ্লেষণ কৰি তাই ঠিৰাং কৰিলে, একধৰণৰ একাকিত্ব আৰু অভাৱবোধৰ পৰাই তাৰ জন্ম হৈছিল। আচৰিতভাৱে বিছ-বাইছ বছৰৰ পাছত শৈশৱ আৰু যৌৱনৰ শেষাৰ্ধক একাকাৰ কৰি এক নিজান স্মৃতি বলয়ৰপৰা সুহুৰিটো উঠি আহিল আৰু নিঃসংগতা আৰু আত্মমগ্নতাৰ সময়ত তাইক ৰেপিবলৈ আৰম্ভ কৰিলে। পল্লৱৰ বুকুৰ মাজত ঢলি পৰা মধ্যনিশা আৰু তেওঁৰ বুকুতে জাকিমাৰি উঠি অহা পূৰ্বাচলৰ পোহৰবোৰেও এই সুতীক্ষ্ণ ৰেপনিক তাইৰ পৰা আঁতৰাই নিব নোৱাৰা হ’ল।

 ‘তুমি সাংঘাতিকভাৱে সলনি হৈছা।’ চোতালত উফৰি [ ৯৬ ] পৰা কোমল, হালধীয়া ৰ’দজাকলৈ চাই থাকোতে পল্লৱে অনসূয়াৰ কান্ধত লাহেকৈ হাতখন থ’লেহি। পল্লৱৰ দৃষ্টিত উদ্বিগ্নতা।

 ‘ক’তা—নাইতো!’ তাইৰ মাতটো থোকাথুকি হ’ল। তাইৰ ভিতৰত কলিজা দুছেও কৰিব খোজা সুহুৰিটো তেতিয়াও বাজি আছিল। তাই লাহেকৈ হাঁহিবৰ চেষ্টা কৰিলে। পল্লৱে দুহাতৰ মাজত তাইৰ মুখখন লৈ অলপ সময় চাই থাকিল। তাৰ পাছত তাইৰ কপালত চুমা এটা দি ক’লে— ‘যাওঁ। সোনকালে আহিম।’ পদূলিত শেষ ফাগুনৰ ধূলি উৰুৱাই পল্লৱৰ গাড়ীখন অদৃশ্য হৈ গ’ল। তাইৰ পাৰিপাৰ্শ্বিকতাত নিঃসংগতাৰ বতাহ অলপ দুলি থাকিল। ...সুহুৰিৰ দহনটো ক্ৰমে তীব্ৰতৰ হৈ আহিল। এইবাৰ সময়ৰ সীমনা ওফৰাই সুহুৰিটোৱে ক্ৰমশঃ গতি কৰিলে অতীতলৈ।... ডাঠ কুঁৱলি... সোণাৰুৰ সৰি পৰা সতেজ হালধীয়া পাহিৰ ওপৰেৰে শ্লথ গতিৰে আগবাঢ়িছে তাইৰ মগ্ন, ইতস্ততঃ খোজবোৰ আৰু তাইৰ নিচেই কাষতে নিয়ৰত তিতি থকা, হাৱাই চেণ্ডেল পিন্ধা দুখন ভৰি তাইৰ লগতে সমান্তৰালভাৱে, মন্থৰ গতিৰে আগবাঢ়িছে। সুহুৰিটো তাইক স্তব্ধ কৰি অলপ সময় ৰৈ গ’ল আৰু তাৰ পাছত কৰুণ গুণগুণনি এটা হৈ স্বপ্ন আৰু স্বপ্নভংগৰ কথা কোৱা ওঁঠ দুখনৰ মাজত ওলমি থাকিল। কুঁৱলীৰ মাজেৰে ক্ৰমশঃ স্পষ্ট হৈ আহিল এখন মুখ— কৰুণ, কোমল, বিষণ্ণ দুচকুত অলপ সপোন আৰু অস্থিৰতা কঢ়িয়াই ফুৰা এখন মুখ...।

 ...গেৰুকামুখৰ নদীখন সন্মুখত লৈ সিহঁত বহি আছিল। তাই আৰু শৈবাল। আনন্দত বন ফৰিঙৰ দৰে জপিয়াই থকা সহপাঠীবোৰৰ পাৰভঙা আনন্দই সিহঁতক স্পৰ্শ কৰিব পৰা নাছিল। জীৱনৰ জটিল উপপাদ্য এটা আয়ত্তলৈ অনাৰ বৃথা প্ৰয়াস কৰি কৰি ভাগৰি পৰিছিল অনসূয়া। নিচাগ্ৰস্ত মানুহৰ দৰে নদীখনৰ বুকুত প্ৰতিবিম্বিত হোৱা সেউজীয়া পাহাৰটোক টুকুৰাটুকুৰকৈ ভাঙিবলৈ অল্পস্ফিত নদীখনৰ বুকুলৈ অবিৰতভাৱে শিল দলিয়াইছিল তাই। পানীৰ ভাঙি-ছিঙি যোৱা ঢৌবোৰে প্ৰতিবিম্ব পাহাৰখনৰ টুকুৰা এটা অলপ দুৰ উটুৱাই নিছিল৷ আন এটা ঢৌৱে পুনৰ আন এটুকুৰা পাহাৰ আনি সেই ঠাইত থাপিছিল।

 ‘...স্বচ্ছ পানীয়ে দৰ্পন হৈ কিমান খেল যে খেলিব পাৰে!’ তাই শৈবালক কৈছিল আৰু উভতি অহাৰ পৰত তাই শৈবালক কৈছিল সুদৃঢ় কৰিব খোজা সিহঁতৰ সম্পৰ্কৰ ভৱিষ্যৎ সিহঁতৰ সপোনবোৰৰ দৰে মসৃণ নহ’ব। ‘তোমাৰ ওচৰত মোৰ সকলো অভাৱ পূৰাব পৰাকৈ কিবা এটা নাই। মই নিজেই খুব নিঃস্ব। মোৰ মানসিক নিঃস্বতাক আন এজন আৱেগিক, বেদনাবিলাসী মানুেহ নিৰাপত্তা দিব নোৱাৰিব। ...এসময়ত তুমিও মোৰ ওচৰত কিবা এটাৰ অভাৱ ভীষণভাৱে অনুভৱ কৰিবা। মোৰ অভাৱবোৰ পূৰাব পৰাকৈ মই পল্লৱক পাইছো। তুমিও—।’ থোকাথুকি হৈ অহা মাতটো সামৰি লওঁতে শৈবালৰ চকুত অজস্ৰ প্ৰশ্নৰ ভিৰ দেখিছিল তাই। নাই। সি এটা শব্দও উচ্চাৰণ নকৰিলে। ক্ষণন্তেক পিছতে তাৰ চকুৰ প্ৰশ্নবোধকবোৰ অন্তৰ্হিত হ’ল। তাৰ ঠাইত স্পষ্ট হৈ উঠিল শীতৰ উদং পথাৰৰ বুকু শুৱাই থকা শূন্যতা। ‘আহো অনু, ভালে থাকিবা।’ বনভোজৰ গাড়ীখন চহৰত সোমাওতে সি [ ৯৭ ]  কৈছিল। বেদনাহত, বিধ্বস্ত, ৰাতিৰ কেতেকীৰ হিয়াভঙা কণ্ঠৰ দৰে কলিজাৰ দাগ থকা চাৱনি এটা তাৰ চকুত লাগি আছিল। এতিয়া অনসূয়াই অদৃশ্য ৰেপনিটোৱে বুকুত কঁপনি তোলাৰ সময়ত দাপোণ চালে সেই চাৱনিটো দেখে — নিজৰ চকুত।

 আপাততঃ নিজকে ‘সুখী’ বুলি ক’ব পৰাকৈ তাইৰ জীৱনটো বাহ্যিক দৃষ্টিত অন্ততঃ সমৃদ্ধ। হৃদয়ৱান, মৰমীয়াল স্বামী, ঐশ্বৰ্য, নিজৰ সত্তাক নিজৰ মাজত জীপাল কৰি ৰাখিব পৰাৰ স্বাধীনতাখিনি অনসূয়াই পাইছে। আনকি তাই নিবিচৰাৰ দৰেই বৰ্তমানলৈকে তাইৰ গৰ্ভতো সন্তানে স্থিতি লোৱা নাই। তাইৰ অনিচ্ছাক নিজৰ ইচ্ছাৰে জয় কৰাৰ চেষ্টা পল্লৱে কেতিয়াও কৰা নাই। ...লা ৰুশো ফুকোৰ এটা মাক্সিম তাইৰ খুব প্ৰিয় আছিল— ‘জীৱনত লেঠাৰি নিছিগা সুখৰ বাদে আন সকলো কথাই সহ্য কৰিব পাৰি।’ তেনেহ’লে হঠাতে অসহ্যকৰ হৈ পৰা সময়খিনি, অননুভূত এটা অভাৱৰ সুৰুঙাৰে আহি তাইৰ কলিজাত বাহ লোৱা সুহুৰিটো লেঠাৰি নিছিগা সুখৰে পৰিণতি নেকি? সুখে যে আত্মাক নিঃস্ব কৰে, সংকীৰ্ণ কৰে, তিলতিলকৈ—!

 ...বতাহ এজাকে বেগেৰে আহি তাইৰ শৃংলিত চুলিখিনি অবিন্যস্ত কৰি পেলালে। কোবাল বতাহৰ বুকুত ফুলৰ এটা চিনাকি গোন্ধ উটি আহি তাইৰ বুকুখন ভৰাই পেলালে। আস! কিমান দিন যে বনৰীয়া ফুলৰ গোন্ধৰ পাছে পাছে দৌৰা নাই...! সুহুৰিটো নিতাল মাৰিলে অলপ সময়। কিন্তু অনসূয়াৰ মন-মগজুৰ পৰা ইয়াৰ উৎস-অবয়ৱৰ অন্বেষণ অন্তৰ্হিত নহ’ল।

 ক’ত থাকে সুখ— সুখৰ সংজ্ঞা কি? দুচকু সজল হ’লে, বুকুৰ কোনো এটা অংশ বিষাই উঠিলে কোনো প্ৰিয়তম ব্যক্তিয়ে সহৃদয়তাৰে প্ৰসাৰিত কৰা দুবাহুৰ মাজত সুখ থাকে নেকি, নে নিজৰ অভাৱ আৰু প্ৰয়োজনক আৱৰি থকা কাৰোবাৰ আন্তৰিক সান্নিধ্য সাহচৰ্যৰ উত্তাপত সুখ থাকে? নিজৰ সমস্ত দোষ, পাপ, দুখ-দুৰ্বলতাক প্ৰেমেৰে আশ্ৰয় দিবলৈ সদা প্ৰস্তুত হৃদয় এখনেই সুখৰ উৎস নেকি য'ত সৰ্বক্ষণ নিচ্ছিদ্ৰ নিৰাপত্তাৰ প্ৰতিশ্ৰুতি বিদ্যমান! নে সুখ ৱাৰদ্ৰৱভৰ্তি গহনা আৰু কাপোৰৰ ভাঁজত লুকাই থাকে— ৱাৰদ্ৰৱ খুলিলেই এইবোৰ তাইৰ হাত-ডিঙি, চকু মুখত ওলমি ফুৰিব! অনসূয়া বেডৰুমলৈ আহিল। পল্লৱৰ ফটোখনলৈ চকুৰ পলক নেপেলোৱাকৈয়ে চাই থাকিল তাই। মিচিকিয়াই থকা চকু দুটাই যেন ক’ব—‘মোৰ অনু, মোৰ অনু।’ আজিকালি তাইৰ হৃদয়ৰ খবৰ পল্লৱে আগৰ দৰে নলয়। ‘তুমি সলনি হৈছা’ বুলি সৰু ল’ৰাৰ দৰে মুখ ওন্দোলাই অভিমান কৰা পল্লৱে তাইৰ নিচেই কাষতে থাকিলেও কিন্তু তাইৰ অভ্যন্তৰত বাজি থকা তাইক দুছেও কৰা সুহুৰিটো শুনা নাপায়।

 এই সুহুৰিটো এদিন কলেজত নতুনকৈ ফুল এজাৰকেইজোপাৰ তলত থাপ মাৰি ধৰিছিল শৈবালে। ‘কিয় ইমান মন মাৰি থাকিব লাগে সকলো সময়তে? ইমান কি দুখ আছেনো তোমাৰ?’ তাৰ কণ্ঠত ব্যংগ আৰু উষ্মাৰ লগতে এক অদ্ভুত আন্তৰিকতা মিহলি হৈ আছিল। তাই একো ক'ব নোৱাৰিলে। যিবোৰ কথাক তাই যন্ত্ৰণাৰ উৎস বুলি ক’ব লাগিব তাতকৈ বহুত কষ্ট আৰু নোপোৱাৰ বেদনা বুকুত সামৰি বহুতে নিৰ্লিপ্ত, নিৰুদ্বেগ জীৱন-যাপন কৰে। তাই জানে। তেন্তে এয়া কি বিলাসীতা? যন্ত্ৰণাৰ? শৈবালৰ লগত অনুসূয়াৰ অন্তৰংগতা বাঢ়িছিল। লিখাৰ বাবে যথেষ্ট উৎসাহ দিছিল সি। তাইৰ কবিতাবোৰ, সৰু সৰু ছন্দায়িত তাই লিখা যিকোনো বাক্যাংশ সি খুব যত্নেৰে সংৰক্ষণ কৰিছিল আৰু কাকত-আলোচনীলৈ পঠাই দিছিল। তাই ক’ব [ ৯৮ ] নোৱাৰাকৈয়ে কাকত-আলোচনীত তাইৰ কবিতা প্ৰকাশ পাবলৈ ধৰিছিল। ‘অনসূয়া পূজাৰী’ কবিতাপ্ৰেমী পাঠকৰ বাবে এটা চিনাকি নাম হৈ উঠিছিল। চিত্ৰশিল্পী আৰু গল্পকাৰ হিচাপে শৈবালৰ তেতিয়াই এক সুকীয়া স্থিতি আছিল। পৰস্পৰৰ সান্নিধ্য আৰু প্ৰেৰণাত সিহঁতৰ স্বপ্ন আৰু আশাবোৰ দূৰম্ভ হৈছিল। প্ৰগাঢ় হৈ অহা বন্ধুত্বৰ কোনো এক পৰ্যায়ত অনসূয়াই উপলব্ধি কৰিছিল তাইৰ বুকুত বাজি থকা সুহুৰিটো শৈবালৰ নিৰ্মোহ আন্তৰিকতাৰ ছাঁত ইতিমধ্যে শুই পৰিছে। লাহে লাহে সিহঁতে উপলব্ধি কৰিছিল সমান্তৰাল বুলি ভবা সিহঁতৰ জীৱনৰ পথ দুটা এটা বিন্দুৰ ফালেই ধাৱমান হ’ব ধৰিছে। সময়ৰ ওপৰত কাৰো হাত নাথাকে। সিহঁত জানিছিল। প্ৰেমৰ দৰে এটা উজ্জ্বল আৱেগো সময়ৰ চাকনৈয়াত মৰা সূঁতিত পৰিণত হ’ব পাৰে। নাম দিব পৰা সম্পৰ্ক এটাৰ আৰম্ভণিৰ আগতেই সিহঁতে বিশ্বাস কৰিছিল। সেইবাবে অনসূয়াই যেতিয়া সিহঁতৰ উচ্ছাসিত, স্বপ্নময়, আৱেগিক সময়বোৰক তাৰ বুকুত এৰি দি গুচি যাবলৈ ওলাইছিল, সি ভিতৰি ভিতৰি চুচুমৈ হৈ গ’লেও আচৰিত হোৱা নাছিল। এম এ ফাইনেল পৰীক্ষাৰ আগে আগে কথাবোৰ সলনি হৈছিল। সকলোবোৰ আকস্মিক আছিল— পল্লৱৰ লগত অনসূয়াৰ চিনাকি, চৌম্বকীয় আকৰ্ষণ আৰু সমগ্ৰ সত্তাক নিৰাপত্তা দিব পৰা ‘কিবা এটা’ৰ তাৎক্ষণিক আৱিষ্কাৰ আৰু তাইৰ সিদ্ধান্ত—। ভাল বন্ধু বা প্ৰেমিক হিচাপে তাই শৈবালৰ পৰা পোৱা ‘সকলোবোৰ’ তাইক সম্পূৰ্ণ কৰিব পৰাকৈ যথেষ্ট নহয়। সমগ্ৰ জীৱনৰ সহযাত্ৰী হিচাপে আপাততঃ তাইৰ মানসিকতাৰ, যন্ত্ৰণাবিলাসী, আৱেগিক ল’ৰা এজনে তাইক ‘সকলোখিনি’ দিব নোৱাৰিব। এই ‘সকলো’ পল্লৱৰ আছিল আৰু সুখী হোৱাৰ সপোন দেখা তাইৰ দুচকুৰ পৰা ক্ৰমশঃ শৈবাল নামৰ ল’ৰাটোৰ কাতৰ, বিষণ্ণ মুখখন অন্তৰ্হিত হৈছিল। সুখ বিচাৰি সন্মুখলৈ দিয়া খোজবোৰ ঠিকেইতো আছিল। সুদৃঢ়। পোন। ক্ষীপ্ৰ। তাই এবাৰৰ বাবেও ভবা নাছিল নিছিদ্ৰ সুখবোৰ অসহ্যকৰ হৈ এদিন সেই সুহুৰিটোক তাইৰ বুকুলৈ পুনৰ টানি আনিব— যিটো সুহুৰি শৈবালৰ বুকুত তাই এদিন এৰি আহিছিল৷ আচৰিতভাৱে ইমানদিনে সুহুৰিটো শৈবালৰ বুকুত শুই আছিল নে তাক নিৰ্দয়ভাৱে অহৰহ খান্দি আছিল তাই এবাৰৰ বাবেও জনাৰ প্ৰয়োজনবোধ কৰা নাছিল। ...তাইৰ সন্মুখৰ টেবুলত বগা কাগজখন পৰি আছে। পে’ন ষ্টেণ্ডত বিভিন্ন ডিজাইনৰ কেইবাটাও কলম। তাই উদাস দৃষ্টিৰে কলম কেইটালৈ চাই ৰ’ল। বিয়াৰ পাছত পৰস্পৰক আৱিষ্কাৰ কৰাৰ আনন্দত মত্ত হৈ থকা সময়খিনি পাৰ হৈ যোৱাৰ পাছৰ পৰা অহৰ্নিশে চেষ্টা কৰিও তাই একো লিখিব পৰা নাই। অসহ্যকৰ হৈ অহা সুহুৰিটো বুকুত লৈ তাই চটফটাই আছে— কিন্তু এয়া সেই অপূৰ্ণতাখিনি নহয়, যি তাইৰ কলমৰ চিয়াহী আছিল। এয়া এগৰাকী পৰিপূৰ্ণ মানুহৰ অসহ্যকৰ সুখ, বন্ধ কোঠা এটাৰ অপৰ্যাপ্ত কাৰ্বন-ডাই-অক্সাইডৰ দৰে— যত উশাহ ল’লে দম বন্ধ হৈ যাব খোজে। বিয়াৰ পাছত কেৱল পল্লৱৰ লগত থাকিবৰ বাবেই বিশ্বনাথ কলেজৰ প্ৰবক্তাৰ চাকৰিটো পায়ো এৰি দিছিল তাই। তাই পল্লৱৰ কাষত থাকিবলৈ বিচাৰিছিল। ছাঁৰ দৰে। নিঃসংগতালৈ তাইৰ ভয় লগা হৈছিল। পল্লৱৰ সান্নিধ্যৰ এক অদ্ভুত শক্তি আছিল যি চৰম বিপৰ্যয় আৰু সংকটৰ সময়তো আশ্চৰ্য স্বস্তিৰ উৎস হৈ তাইক সান্ত্বনা দিছিল। এতিয়া সেই নিৰাপত্তাৰ গণ্ডীৰ ভিতৰত পল্লৱৰ প্ৰতি অকুণ্ঠ আনুগত্য আৰু ভালপোৱাৰে হৃদয় চপচপীয়া হৈ থকাৰ পাছতো তাই অতীতত ঘুমুটিয়াই ফুৰিছে। আচলতে কোনেও কাকো কেতিয়াও প্ৰকৃতাৰ্থত পৰিপূৰ্ণ কৰি তুলিব নোৱাৰে। এই যে তাই [ ৯৯ ] হৃদয় আৰু স্মৃতিৰ বাজি লগাই ‘অপূৰ্ণতা’ বিচাৰি ফুৰিছে, এয়াতো এক ধৰণৰ অভাৱেই। নহ’লে সময় হয়তো ইমান অবিশ্বাসী হৈ নুঠিলহেঁতেন!

 সন্ধ্যা লাগিল।.... বহুত দিনৰ পাছত অনসূয়াই এই সময়ত গা ধুলে। তাৰ পিছত বগা শাৰী এখন পিন্ধি তাই লাইটবোৰ নুমুৱাই দিলে। প্ৰতিটো কোঠাতে ধুপ জ্বলালে আৰু বনৰীয়া ফুলৰ গোন্ধ এটা বিচাৰি বাহিৰলৈ ওলাই আহিল। জোনাকি পৰুৱাৰ ঢিমিক-ঢামাক পোহৰবোৰ শূন্যত ওপঙি ফুৰিছে। তাই আকাশলৈ চালে— ‘আকাশ! তোমাৰ বিশালতা মোলৈ বিয়পোৱা’ তাই গুণগুণালে। এইবাৰ সুহুৰিটো দেও দি দেও দি আহিল আৰু তাইৰ শৰীৰৰ কলকল ৰক্তস্ৰোতত মিলি যাবলৈ উথপথপ লগালে। এনতে পল্লৱে দুহাতেৰে তাইৰ কঁকালত মেৰিয়াই ধৰিলে— ‘ইমান এন্ধাৰত থাকিবলৈ কি হ’ল অনু? মই তোমাৰ কাষত বহুত সময় থিয় দি আছো। তুমি গমেই নোপোৱা।’ খুব মৰমেৰে ক’লে পল্লৱে। সুহুৰিটো এটোপাল অশ্ৰু হৈ তাইৰ চকুৰপৰা সৰি পৰিল। ‘তোমাৰ বাবেই ৰৈ আছো’ তাই তলমূৰকৈ ক’লে।

 ‘হাৰে! কান্দিবলৈ আকৌ কি হ’ল?’ পল্লৱে ব্যস্ত হৈ তাইক আলফুলকৈ বুকুৰ মাজলৈ টানি আনিলে। টানি আনিলে।

 ‘মোক এটি সন্তান লাগে পল’ তাই বিৰবিৰাই কৈ গ’ল— ‘মই হেৰাই যাব বিচৰা নাই... মই ‘মা’ হ’ব ‘বিচাৰিছো।”

 বনৰীয়া ফুলৰ গোন্ধ এটা বতাহত উটি আহিল। তাইৰ পৰা নিৰ্দিষ্ট দূৰত ৰৈ সুহুৰিটোৱে তাইক জোকাবলৈ ধৰিলে। তাইৰ অভ্যন্তৰত তেতিয়া আন এটা সত্তাই বিৰবিৰাই আছিল—

 ‘....নহয়, নহয়— তুমি নহয়, শৈবাল, তোমাৰ অভ্যন্তৰৰ দুখ আৰু অপূৰ্ণতাখিনিহে অনুভৱৰ সুৰুঙাৰে মোৰ মাজলৈ সোমাই আহিছে। অসমীয়া সাহিত্যৰ প্ৰসিদ্ধ লেখক তুমি। তোমাৰ লেখাৰ প্ৰচ্ছন্ন বেদনাবোধ মোক হেৰুওৱাৰ বাবেইনে? কোৱা কোৱা—। তুমি ‘হয়’ বুলি ক’লে মই ‘ধনী’ আৰু ‘দুখী’ হ’ম। যদি ‘নহয়’ বুলি কোৱা মই নিঃস্ব হৈ যাম। শূন্য বতাহত ভৰ দি বাঢ়ি আহিব অসহ্যকৰ সুখ। মই সুখৰ ঘূৰ্ণীত এনেদৰে নিঃশেষ হৈ যাবলৈ নিবিচাৰো, কেতিয়াও নিবিচাৰো...।’❐ ❐