পৃষ্ঠা:সম্ভৱতঃ.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নোৱাৰাকৈয়ে কাকত-আলোচনীত তাইৰ কবিতা প্ৰকাশ পাবলৈ ধৰিছিল। ‘অনসূয়া পূজাৰী’ কবিতাপ্ৰেমী পাঠকৰ বাবে এটা চিনাকি নাম হৈ উঠিছিল। চিত্ৰশিল্পী আৰু গল্পকাৰ হিচাপে শৈবালৰ তেতিয়াই এক সুকীয়া স্থিতি আছিল। পৰস্পৰৰ সান্নিধ্য আৰু প্ৰেৰণাত সিহঁতৰ স্বপ্ন আৰু আশাবোৰ দূৰম্ভ হৈছিল। প্ৰগাঢ় হৈ অহা বন্ধুত্বৰ কোনো এক পৰ্যায়ত অনসূয়াই উপলব্ধি কৰিছিল তাইৰ বুকুত বাজি থকা সুহুৰিটো শৈবালৰ নিৰ্মোহ আন্তৰিকতাৰ ছাঁত ইতিমধ্যে শুই পৰিছে। লাহে লাহে সিহঁতে উপলব্ধি কৰিছিল সমান্তৰাল বুলি ভবা সিহঁতৰ জীৱনৰ পথ দুটা এটা বিন্দুৰ ফালেই ধাৱমান হ’ব ধৰিছে। সময়ৰ ওপৰত কাৰো হাত নাথাকে। সিহঁত জানিছিল। প্ৰেমৰ দৰে এটা উজ্জ্বল আৱেগো সময়ৰ চাকনৈয়াত মৰা সূঁতিত পৰিণত হ’ব পাৰে। নাম দিব পৰা সম্পৰ্ক এটাৰ আৰম্ভণিৰ আগতেই সিহঁতে বিশ্বাস কৰিছিল। সেইবাবে অনসূয়াই যেতিয়া সিহঁতৰ উচ্ছাসিত, স্বপ্নময়, আৱেগিক সময়বোৰক তাৰ বুকুত এৰি দি গুচি যাবলৈ ওলাইছিল, সি ভিতৰি ভিতৰি চুচুমৈ হৈ গ’লেও আচৰিত হোৱা নাছিল। এম এ ফাইনেল পৰীক্ষাৰ আগে আগে কথাবোৰ সলনি হৈছিল। সকলোবোৰ আকস্মিক আছিল— পল্লৱৰ লগত অনসূয়াৰ চিনাকি, চৌম্বকীয় আকৰ্ষণ আৰু সমগ্ৰ সত্তাক নিৰাপত্তা দিব পৰা ‘কিবা এটা’ৰ তাৎক্ষণিক আৱিষ্কাৰ আৰু তাইৰ সিদ্ধান্ত—। ভাল বন্ধু বা প্ৰেমিক হিচাপে তাই শৈবালৰ পৰা পোৱা ‘সকলোবোৰ’ তাইক সম্পূৰ্ণ কৰিব পৰাকৈ যথেষ্ট নহয়। সমগ্ৰ জীৱনৰ সহযাত্ৰী হিচাপে আপাততঃ তাইৰ মানসিকতাৰ, যন্ত্ৰণাবিলাসী, আৱেগিক ল’ৰা এজনে তাইক ‘সকলোখিনি’ দিব নোৱাৰিব। এই ‘সকলো’ পল্লৱৰ আছিল আৰু সুখী হোৱাৰ সপোন দেখা তাইৰ দুচকুৰ পৰা ক্ৰমশঃ শৈবাল নামৰ ল’ৰাটোৰ কাতৰ, বিষণ্ণ মুখখন অন্তৰ্হিত হৈছিল। সুখ বিচাৰি সন্মুখলৈ দিয়া খোজবোৰ ঠিকেইতো আছিল। সুদৃঢ়। পোন। ক্ষীপ্ৰ। তাই এবাৰৰ বাবেও ভবা নাছিল নিছিদ্ৰ সুখবোৰ অসহ্যকৰ হৈ এদিন সেই সুহুৰিটোক তাইৰ বুকুলৈ পুনৰ টানি আনিব— যিটো সুহুৰি শৈবালৰ বুকুত তাই এদিন এৰি আহিছিল৷ আচৰিতভাৱে ইমানদিনে সুহুৰিটো শৈবালৰ বুকুত শুই আছিল নে তাক নিৰ্দয়ভাৱে অহৰহ খান্দি আছিল তাই এবাৰৰ বাবেও জনাৰ প্ৰয়োজনবোধ কৰা নাছিল। ...তাইৰ সন্মুখৰ টেবুলত বগা কাগজখন পৰি আছে। পে’ন ষ্টেণ্ডত বিভিন্ন ডিজাইনৰ কেইবাটাও কলম। তাই উদাস দৃষ্টিৰে কলম কেইটালৈ চাই ৰ’ল। বিয়াৰ পাছত পৰস্পৰক আৱিষ্কাৰ কৰাৰ আনন্দত মত্ত হৈ থকা সময়খিনি পাৰ হৈ যোৱাৰ পাছৰ পৰা অহৰ্নিশে চেষ্টা কৰিও তাই একো লিখিব পৰা নাই। অসহ্যকৰ হৈ অহা সুহুৰিটো বুকুত লৈ তাই চটফটাই আছে— কিন্তু এয়া সেই অপূৰ্ণতাখিনি নহয়, যি তাইৰ কলমৰ চিয়াহী আছিল। এয়া এগৰাকী পৰিপূৰ্ণ মানুহৰ অসহ্যকৰ সুখ, বন্ধ কোঠা এটাৰ অপৰ্যাপ্ত কাৰ্বন-ডাই-অক্সাইডৰ দৰে— যত উশাহ ল’লে দম বন্ধ হৈ যাব খোজে। বিয়াৰ পাছত কেৱল পল্লৱৰ লগত থাকিবৰ বাবেই বিশ্বনাথ কলেজৰ প্ৰবক্তাৰ চাকৰিটো পায়ো এৰি দিছিল তাই। তাই পল্লৱৰ কাষত থাকিবলৈ বিচাৰিছিল। ছাঁৰ দৰে। নিঃসংগতালৈ তাইৰ ভয় লগা হৈছিল। পল্লৱৰ সান্নিধ্যৰ এক অদ্ভুত শক্তি আছিল যি চৰম বিপৰ্যয় আৰু সংকটৰ সময়তো আশ্চৰ্য স্বস্তিৰ উৎস হৈ তাইক সান্ত্বনা দিছিল। এতিয়া সেই নিৰাপত্তাৰ গণ্ডীৰ ভিতৰত পল্লৱৰ প্ৰতি অকুণ্ঠ আনুগত্য আৰু ভালপোৱাৰে হৃদয় চপচপীয়া হৈ থকাৰ পাছতো তাই অতীতত ঘুমুটিয়াই ফুৰিছে।

আচলতে কোনেও কাকো কেতিয়াও প্ৰকৃতাৰ্থত পৰিপূৰ্ণ কৰি তুলিব নোৱাৰে। এই যে তাই

সম্ভৱতঃ ● ৯৮