পৃষ্ঠা:সম্ভৱতঃ.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰা কোমল, হালধীয়া ৰ’দজাকলৈ চাই থাকোতে পল্লৱে অনসূয়াৰ কান্ধত লাহেকৈ হাতখন থ’লেহি। পল্লৱৰ দৃষ্টিত উদ্বিগ্নতা।

 ‘ক’তা—নাইতো!’ তাইৰ মাতটো থোকাথুকি হ’ল। তাইৰ ভিতৰত কলিজা দুছেও কৰিব খোজা সুহুৰিটো তেতিয়াও বাজি আছিল। তাই লাহেকৈ হাঁহিবৰ চেষ্টা কৰিলে। পল্লৱে দুহাতৰ মাজত তাইৰ মুখখন লৈ অলপ সময় চাই থাকিল। তাৰ পাছত তাইৰ কপালত চুমা এটা দি ক’লে— ‘যাওঁ। সোনকালে আহিম।’ পদূলিত শেষ ফাগুনৰ ধূলি উৰুৱাই পল্লৱৰ গাড়ীখন অদৃশ্য হৈ গ’ল। তাইৰ পাৰিপাৰ্শ্বিকতাত নিঃসংগতাৰ বতাহ অলপ দুলি থাকিল। ...সুহুৰিৰ দহনটো ক্ৰমে তীব্ৰতৰ হৈ আহিল। এইবাৰ সময়ৰ সীমনা ওফৰাই সুহুৰিটোৱে ক্ৰমশঃ গতি কৰিলে অতীতলৈ।... ডাঠ কুঁৱলি... সোণাৰুৰ সৰি পৰা সতেজ হালধীয়া পাহিৰ ওপৰেৰে শ্লথ গতিৰে আগবাঢ়িছে তাইৰ মগ্ন, ইতস্ততঃ খোজবোৰ আৰু তাইৰ নিচেই কাষতে নিয়ৰত তিতি থকা, হাৱাই চেণ্ডেল পিন্ধা দুখন ভৰি তাইৰ লগতে সমান্তৰালভাৱে, মন্থৰ গতিৰে আগবাঢ়িছে। সুহুৰিটো তাইক স্তব্ধ কৰি অলপ সময় ৰৈ গ’ল আৰু তাৰ পাছত কৰুণ গুণগুণনি এটা হৈ স্বপ্ন আৰু স্বপ্নভংগৰ কথা কোৱা ওঁঠ দুখনৰ মাজত ওলমি থাকিল। কুঁৱলীৰ মাজেৰে ক্ৰমশঃ স্পষ্ট হৈ আহিল এখন মুখ— কৰুণ, কোমল, বিষণ্ণ দুচকুত অলপ সপোন আৰু অস্থিৰতা কঢ়িয়াই ফুৰা এখন মুখ...।

 ...গেৰুকামুখৰ নদীখন সন্মুখত লৈ সিহঁত বহি আছিল। তাই আৰু শৈবাল। আনন্দত বন ফৰিঙৰ দৰে জপিয়াই থকা সহপাঠীবোৰৰ পাৰভঙা আনন্দই সিহঁতক স্পৰ্শ কৰিব পৰা নাছিল। জীৱনৰ জটিল উপপাদ্য এটা আয়ত্তলৈ অনাৰ বৃথা প্ৰয়াস কৰি কৰি ভাগৰি পৰিছিল অনসূয়া। নিচাগ্ৰস্ত মানুহৰ দৰে নদীখনৰ বুকুত প্ৰতিবিম্বিত হোৱা সেউজীয়া পাহাৰটোক টুকুৰাটুকুৰকৈ ভাঙিবলৈ অল্পস্ফিত নদীখনৰ বুকুলৈ অবিৰতভাৱে শিল দলিয়াইছিল তাই। পানীৰ ভাঙি-ছিঙি যোৱা ঢৌবোৰে প্ৰতিবিম্ব পাহাৰখনৰ টুকুৰা এটা অলপ দুৰ উটুৱাই নিছিল৷ আন এটা ঢৌৱে পুনৰ আন এটুকুৰা পাহাৰ আনি সেই ঠাইত থাপিছিল।

 ‘...স্বচ্ছ পানীয়ে দৰ্পন হৈ কিমান খেল যে খেলিব পাৰে!’ তাই শৈবালক কৈছিল আৰু উভতি অহাৰ পৰত তাই শৈবালক কৈছিল সুদৃঢ় কৰিব খোজা সিহঁতৰ সম্পৰ্কৰ ভৱিষ্যৎ সিহঁতৰ সপোনবোৰৰ দৰে মসৃণ নহ’ব। ‘তোমাৰ ওচৰত মোৰ সকলো অভাৱ পূৰাব পৰাকৈ কিবা এটা নাই। মই নিজেই খুব নিঃস্ব। মোৰ মানসিক নিঃস্বতাক আন এজন আৱেগিক, বেদনাবিলাসী মানুেহ নিৰাপত্তা দিব নোৱাৰিব। ...এসময়ত তুমিও মোৰ ওচৰত কিবা এটাৰ অভাৱ ভীষণভাৱে অনুভৱ কৰিবা। মোৰ অভাৱবোৰ পূৰাব পৰাকৈ মই পল্লৱক পাইছো। তুমিও—।’ থোকাথুকি হৈ অহা মাতটো সামৰি লওঁতে শৈবালৰ চকুত অজস্ৰ প্ৰশ্নৰ ভিৰ দেখিছিল তাই। নাই। সি এটা শব্দও উচ্চাৰণ নকৰিলে। ক্ষণন্তেক পিছতে তাৰ চকুৰ প্ৰশ্নবোধকবোৰ অন্তৰ্হিত হ’ল। তাৰ ঠাইত স্পষ্ট হৈ উঠিল শীতৰ উদং পথাৰৰ বুকু শুৱাই

থকা শূন্যতা। ‘আহো অনু, ভালে থাকিবা।’ বনভোজৰ গাড়ীখন চহৰত সোমাওতে সি

সম্ভৱতঃ ● ৯৬