পৃষ্ঠা:সম্ভৱতঃ.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কৈছিল। বেদনাহত, বিধ্বস্ত, ৰাতিৰ কেতেকীৰ হিয়াভঙা কণ্ঠৰ দৰে কলিজাৰ দাগ থকা চাৱনি এটা তাৰ চকুত লাগি আছিল। এতিয়া অনসূয়াই অদৃশ্য ৰেপনিটোৱে বুকুত কঁপনি তোলাৰ সময়ত দাপোণ চালে সেই চাৱনিটো দেখে — নিজৰ চকুত।

 আপাততঃ নিজকে ‘সুখী’ বুলি ক’ব পৰাকৈ তাইৰ জীৱনটো বাহ্যিক দৃষ্টিত অন্ততঃ সমৃদ্ধ। হৃদয়ৱান, মৰমীয়াল স্বামী, ঐশ্বৰ্য, নিজৰ সত্তাক নিজৰ মাজত জীপাল কৰি ৰাখিব পৰাৰ স্বাধীনতাখিনি অনসূয়াই পাইছে। আনকি তাই নিবিচৰাৰ দৰেই বৰ্তমানলৈকে তাইৰ গৰ্ভতো সন্তানে স্থিতি লোৱা নাই। তাইৰ অনিচ্ছাক নিজৰ ইচ্ছাৰে জয় কৰাৰ চেষ্টা পল্লৱে কেতিয়াও কৰা নাই। ...লা ৰুশো ফুকোৰ এটা মাক্সিম তাইৰ খুব প্ৰিয় আছিল— ‘জীৱনত লেঠাৰি নিছিগা সুখৰ বাদে আন সকলো কথাই সহ্য কৰিব পাৰি।’ তেনেহ’লে হঠাতে অসহ্যকৰ হৈ পৰা সময়খিনি, অননুভূত এটা অভাৱৰ সুৰুঙাৰে আহি তাইৰ কলিজাত বাহ লোৱা সুহুৰিটো লেঠাৰি নিছিগা সুখৰে পৰিণতি নেকি? সুখে যে আত্মাক নিঃস্ব কৰে, সংকীৰ্ণ কৰে, তিলতিলকৈ—!

 ...বতাহ এজাকে বেগেৰে আহি তাইৰ শৃংলিত চুলিখিনি অবিন্যস্ত কৰি পেলালে। কোবাল বতাহৰ বুকুত ফুলৰ এটা চিনাকি গোন্ধ উটি আহি তাইৰ বুকুখন ভৰাই পেলালে। আস! কিমান দিন যে বনৰীয়া ফুলৰ গোন্ধৰ পাছে পাছে দৌৰা নাই...! সুহুৰিটো নিতাল মাৰিলে অলপ সময়। কিন্তু অনসূয়াৰ মন-মগজুৰ পৰা ইয়াৰ উৎস-অবয়ৱৰ অন্বেষণ অন্তৰ্হিত নহ’ল।

 ক’ত থাকে সুখ— সুখৰ সংজ্ঞা কি? দুচকু সজল হ’লে, বুকুৰ কোনো এটা অংশ বিষাই উঠিলে কোনো প্ৰিয়তম ব্যক্তিয়ে সহৃদয়তাৰে প্ৰসাৰিত কৰা দুবাহুৰ মাজত সুখ থাকে নেকি, নে নিজৰ অভাৱ আৰু প্ৰয়োজনক আৱৰি থকা কাৰোবাৰ আন্তৰিক সান্নিধ্য সাহচৰ্যৰ উত্তাপত সুখ থাকে? নিজৰ সমস্ত দোষ, পাপ, দুখ-দুৰ্বলতাক প্ৰেমেৰে আশ্ৰয় দিবলৈ সদা প্ৰস্তুত হৃদয় এখনেই সুখৰ উৎস নেকি য'ত সৰ্বক্ষণ নিচ্ছিদ্ৰ নিৰাপত্তাৰ প্ৰতিশ্ৰুতি বিদ্যমান! নে সুখ ৱাৰদ্ৰৱভৰ্তি গহনা আৰু কাপোৰৰ ভাঁজত লুকাই থাকে— ৱাৰদ্ৰৱ খুলিলেই এইবোৰ তাইৰ হাত-ডিঙি, চকু মুখত ওলমি ফুৰিব! অনসূয়া বেডৰুমলৈ আহিল। পল্লৱৰ ফটোখনলৈ চকুৰ পলক নেপেলোৱাকৈয়ে চাই থাকিল তাই। মিচিকিয়াই থকা চকু দুটাই যেন ক’ব—‘মোৰ অনু, মোৰ অনু।’ আজিকালি তাইৰ হৃদয়ৰ খবৰ পল্লৱে আগৰ দৰে নলয়। ‘তুমি সলনি হৈছা’ বুলি সৰু ল’ৰাৰ দৰে মুখ ওন্দোলাই অভিমান কৰা পল্লৱে তাইৰ নিচেই কাষতে থাকিলেও কিন্তু তাইৰ অভ্যন্তৰত বাজি থকা তাইক দুছেও কৰা সুহুৰিটো শুনা নাপায়।

 এই সুহুৰিটো এদিন কলেজত নতুনকৈ ফুল এজাৰকেইজোপাৰ তলত থাপ মাৰি ধৰিছিল শৈবালে। ‘কিয় ইমান মন মাৰি থাকিব লাগে সকলো সময়তে? ইমান কি দুখ আছেনো তোমাৰ?’ তাৰ কণ্ঠত ব্যংগ আৰু উষ্মাৰ লগতে এক অদ্ভুত আন্তৰিকতা মিহলি হৈ আছিল। তাই একো ক'ব নোৱাৰিলে। যিবোৰ কথাক তাই যন্ত্ৰণাৰ উৎস বুলি ক’ব লাগিব তাতকৈ বহুত কষ্ট আৰু নোপোৱাৰ বেদনা বুকুত সামৰি বহুতে নিৰ্লিপ্ত, নিৰুদ্বেগ জীৱন-যাপন কৰে। তাই জানে। তেন্তে এয়া কি বিলাসীতা? যন্ত্ৰণাৰ? শৈবালৰ লগত অনুসূয়াৰ অন্তৰংগতা বাঢ়িছিল। লিখাৰ বাবে যথেষ্ট উৎসাহ দিছিল সি। তাইৰ কবিতাবোৰ, সৰু সৰু ছন্দায়িত তাই লিখা যিকোনো

বাক্যাংশ সি খুব যত্নেৰে সংৰক্ষণ কৰিছিল আৰু কাকত-আলোচনীলৈ পঠাই দিছিল। তাই ক’ব

সম্ভৱতঃ ● ৯৭