সম্ভৱতঃ/অন্তঃগাথা
অন্তঃগাথা
অ’টোৰ পৰা নামি বাৰাণ্ডাত থিয় দিয়ালৈকে আলাসতে যেন ওপঙিহে ৰ’ল অলি। ৰঞ্জনক ‘চাৰপ্ৰাইজ’ দিয়াৰ পৰিকল্পনাটো ঠিকে আছে যদিও আনন্দ-আবেগক চম্ভালি ল’বলৈ তাই অধিক সচেতন হ’বলগীয়া হৈছে। বিয়াৰ পাছত প্ৰথমবাৰৰ বাবে ৰঞ্জনৰ পৰা এসপ্তাহ আঁতৰত থাকিল তাই। কালি ৰঞ্জনে ফোন কৰোতেও তাই কৈছিল, ‘কাইলৈ নহয় ৰণ—প্লিজ। পৰহিলৈ যাম। আৰুবা কেতিয়া এনেদৰে অহা হয় সৰু খুৰাৰ ঘৰলৈ।’ শেঁতা হৈ গৈছিল ৰঞ্জনৰ কণ্ঠ, ঠিক আছে, তোমাৰ ইচ্ছা। কিন্তু, তোমাক খুব মিচ কৰিছো অলি। ক’তো ভাল লগা নাই। একো কামতে মন বহা নাই।’...আৰু তাৰ পাছতে একো কামতে মন নবহা হ’ল অলিৰ। আজি পুৱা ৬ বজাতে তাই গুৱাহাটীমুখী গাড়ীত উঠি দিলে। কলিং বেল নবজোৱাকৈ দুৱাৰখন খুলি তাই ডয়িং ৰুমত সোমাল। তিনি বাজিছে। এই সময়ত কলেজৰপৰা আহি মুখ-হাত ধুই বাতৰি কাকত বা আলোচনী লৈ ষ্টাডিৰুমত বহেৰঞ্জন। চেণ্ডেলযোৰ খুলি বেগটো চোফাৰ ওপৰতে থৈ তাই যিমান পাৰে শব্দ নোহোৱাকৈ ষ্টাডিৰুমৰ ফালে আগবাঢ়িল।
ষ্টাডিৰূমৰ পৰ্দাখন কোচাই আশ্চৰ্য আতংকত স্থানু হৈ গ’ল অলি। তাইৰ বাবে বৰ অপ্ৰত্যাশিত আছিল সেই দৃশ্য। বিছনাৰ নিচেই কাষতে খিৰিকীৰ ওচৰত আলিংগনাবদ্ধ দুটি শৰীৰ। উদ্দাম। ঘৰ্মাক্ত। ...ৰঞ্জনৰ নিবিড় আৰু ক্ষুধাতুৰ আলিংগনত তৃপ্ত, অস্থিৰ হৈ পৰিছে বৰ্ণা। তাইৰ ৰক্তিম, আকুল অধৰে ঘূৰ্মূটিয়াই ফুৰিছে ৰঞ্জনৰ কপাল, বাহু, বুকুত... আৰু তাইৰ অৰ্ধউন্মুক্ত বুকুৰ উঠা-নামা বোৰত প্ৰচণ্ড অস্থিৰতাৰে কিবা এটা বিচাৰি চলাথ কৰিছেৰঞ্জনে— তাইৰ স্বামী ৰঞ্জনদীপ শইকীয়াই।
মাটিত যেন পোত খাই গৈছিল অলিৰ দুভৰি। তাই ৰৈ থাকিল। শব্দহীন, গতিহীন এখণ্ড সময় তাইৰ সন্মুখত ওপঙি থাকিল।
অলিৰ নিৰ্বাক উপস্থিতিৰ উমান পোৱা নাছিল আদিম আনন্দ আহৰণত ব্যস্ত ৰঞ্জন-বৰ্ণাৰ যুগল শৰীৰে। ঘন ঘন উশাহৰ পকনীয়াবোৰৰ সৈতে এক হ’ব ধৰা শৰীৰ দুটা বিছনাৰ ফালে আগবাঢ়ি গ’ল।...আৰু ঠিক সেই সময়ত অলি জ্ঞানশূন্য হৈ মজিয়াত পৰি গ’ল।
****
নিজস্ব গতিৰে আগবাঢ়িল সময়। গৱেষণাৰ কামত ৰঞ্জনদীপ [ ৯০ ] অধিক ব্যস্ত হ’ল। অৱসৰৰ সময়খিনিত অধিক স্নেহ আৰু মমতাৰে তেওঁ অলিক আৱৰি ৰখাৰ চেষ্টা কৰিলে। কিন্তু স্বপ্নভংগৰ যন্ত্ৰণা আৰু অসহায়তাৰ দহন লৈ খং-অভিমানৰ এক দেৱালৰ সিপাৰে অকলশৰীয়া হৈ পৰিল অলি।
সেই ঘটনাটোৰ পাছৰ পৰা ৰঞ্জনৰ ছাত্ৰী বৰ্ণা নামৰ ছোৱালীজনী এদিনৰ বাবেও সিহঁতৰ ঘৰলৈ অহা নাই। অলিৰ দুহাত খামুচি ধৰি গভীৰ আবেগেৰে ৰঞ্জনে বুজাইছে তাইক, ‘বিশ্বাস কৰা অলি— তাইৰ শৰীৰটোৰ বাদে আন একোৱেই মোক আকৰ্ষণ কৰা নাছিল। শৰীৰৰ ডাল-পাত মেলি ঠন ধৰি উঠিছিল তাই। ধৰি লোৱা প্ৰখৰ গ্ৰীষ্মৰ দুপৰ এটাত মই সেই ছাঁত খন্তেকৰ বাবে জিৰাইছিলোঁ।’
অলি জিকাৰ খাই উঠে। ইংৰাজী সাহিত্যৰ ছাত্ৰী আছিল তাই। ডান, হাবাৰ্টৰ মেটা ফিজিকেল পয়েট্ৰী পঢ়িছে। প্ৰেমৰ বাবে শৰীৰৰ অপৰিহাৰ্যতাক বিশ্বাস কৰি মনৰ পৰা তাই কেতিয়াবাই আঁতৰাই পেলাইছে প্লেট নিক প্ৰেমৰ ধাৰণা। কিন্তু তাই এতিয়াও বিশ্বাস কৰিব পৰা নাই এজন প্ৰেমিকে, হৃদয়ৰ স্পৰ্শত উজ্জ্বল হৈ উঠিব পৰা এজন পুৰুষে কেৱল শৰীৰৰ তাগিদাত কোনো নাৰীৰ নগ্নতাত চলাথ কৰি ভ্ৰমিব পাৰে।
স্বাভাৱিক জীৱনৰ ছন্দপতন ঘটে ৰঞ্জন-অলিৰ। মৰম লগা মাত-কথা, কোমল স্বভাৱৰ অলি দিনে দিনে উগ্ৰ হৈ উঠে। ডাইনিঙত বহি ভাতৰ পাতত হাত দিয়েই স্বভাৱজাত নম্ৰতা এৰি তাই প্ৰশ্নবান এৰে— ‘কিমান চাইজৰ ব্ৰা পিন্ধিছিল বৰ্ণাই?’
খং আৰু আক্ৰোশত তাই কঁপি উঠে। বিতত হৈ তলমূৰ কৰা ৰঞ্জনৰ চকুৰ সন্মুখতে ঠন্ ঠন্কৈ ভাগি যায় আয়নাৰ গিলাচ, চীনামাটিৰ দিছ।
‘প্লিজ অলি... অলি... মানুহৰ ভুল হয়েই। মই ডাঙৰ অপৰাধ কৰিছোঁ। তোমাক ভীষণ কষ্ট দিছোঁ। জানো মই। কিন্তু, তোমাক ভাল পাওঁ অলি। সন্মুখলৈ চাবলৈ যত্ন কৰাচোন।... আৰু কেতিয়াও নহয় এনেকুৱা।’ হিতাহিত জ্ঞান শূন্যপ্ৰায় হোৱা অলিৰ মূৰত হাত বুলাবলৈ যত্ন কৰে ৰঞ্জনে। অলি কান্দোনত ভাগি পৰে— ‘আমাৰ বিয়াৰ এবছৰো পূৰ হোৱা নাছিল ৰণ। ক’ত কি ভুল হৈছিল মোৰ... মই এতিয়া কেনেদৰে থান থিত লগাই ল’ম ভাগি যোৱা বিশ্বাসবোৰ... কিদৰে আস্থা ৰাখিম তোমাৰ ওপৰত!’
ক্ৰমশঃ দিনবোৰ পাৰ হৈ গৈ থাকে। খুব সূক্ষ্মভাৱে ৰঞ্জনক পৰ্যবেক্ষণ কৰিবলৈ আৰম্ভ কৰে অলিয়ে। নাই! বৰ্ণাক লগ কৰাৰ, তাইৰ বাবে মন বেয়া কৰাৰ কোনো চিহ্নই প্ৰকট হৈ নুঠে তেওঁৰ অভিব্যক্তিত।... আৰু কিছু খবৰ সংগ্ৰহ কৰি অলি নিশ্চিত হয় যে ৰঞ্জনে সঁচাকৈয়ে নিজস্ব বৃত্ত এটা গঢ়ি লৈছে যাৰ ভিতৰত বৰ্ণাৰ কোনো স্থিতি নাই।
অলি আহত হয়। কিদৰে ক'ব পাৰে ৰঞ্জনে— ‘তাইৰ শৰীৰটোৰ বাদে মুখৰ গঢ়ো মই মনত পেলাব নোৱাৰো!’ অপ্ৰেম, অবিশ্বাসৰ পৃথিৱী এখন কল্পনা কৰে তাই। নগ্ন শৰীৰ কিছুমান লৈ কিলবিল কৰি থাকে এদল হৃদয়হীন মানুহে। কোনেও কাৰো মুখলৈ নাচায়। বৰ্ণনা নিদিয়ে শাওন কঢ়িয়াই ফুৰা সজল চকুৰ। মেঘকৃষ্ণ চুলিৰ। তাত মানুহৰ পৰিচয় হয় শৰীৰৰ গঠনেৰে, যেনে— কল গছৰ দৰে উৰুৰ তিৰোতাজনী, বাদামী নিপলৰ হালি পৰা স্তনৰ ছোৱালীজনী...। আৰু পুৰুষবোৰ! তাই শিয়ৰি উঠে। অসহ্যকৰ। অসহ্যকৰ।
ৰাতি বহল বিছনাখনৰ চুক এটাত নিস্তেজ হৈ অলি পৰি থাকে। নিজকে তাইৰ কটা গছ এডালৰ দৰে লাগে। এসময়ত ডাল আছিল। ঠাল-ঠেঙুলীত সেউজীয়া পাত আছিল৷ সেউজীয়া পাতবোৰ বতাহত কঁপিছিল... ডালত পৰি চৰায়ে গান গাইছিল। কটাৰ পাছত সেউজীয়া হেৰুৱাই, গান হেৰুৱাই গছডাল বাগৰি পৰিল.….. এসময়ত পাতবোৰ শুকাই গ’ল.….. প্ৰখৰ ৰ’দৰ দহন আৰু বৰষুণৰ তীব্ৰতা সহি সহি ভাগৰুৱা হৈ পৰা গছডালক শেলুৱৈ, কাঠফুলাই ছানি ধৰিলে। —এই গছডালকে খুব কাতৰ হৈ [ ৯১ ] বুকুলৈ চপাই আনিবলৈ দুহাত মেলি দিয়ে ৰঞ্জনে। অলিয়ে চক খাই উঠে। তাই কেৱল শৰীৰ নহয়। হ’ব নোৱাৰে।.. তাইৰ মুখখন মনত আছেনে ৰঞ্জনৰ। বুকুৰ সোমাজত থকা ক’লা তিল দুটা মনত ৰখাৰ দৰে ৰঞ্জনে মনত ৰাখিব পাৰিছেনে তাইৰ ছেলাউৰিৰ তলতো এটা তিল আছে। হাঁহিলে তাইৰ বাঁও গালত টোল পৰে। অনিৰ্ণেয় এন্ধাৰ পকনীয়া এটাই তাইক অচিন গহ্বৰ এটালৈ টানি নিয়ে।
এই শৰীৰ জহি যোৱাৰ পাছত কি বিচাৰিব ৰঞ্জনে তাইৰ ওচৰত। কি বিচাৰিব!
‘অলি, অলি...’ তাইৰ হাতত ধৰা ৰঞ্জনৰ হাতখনলৈ চাই সচকিত হৈ অলিয়ে ফোঁপাই ফোঁপাই উচুপিবলৈ ধৰি— ‘মোক নুচুবা। মোক নুচুবা।’
সেইদিনা দেওবাৰ আছিল৷ ৰঞ্জনৰ বন্ধু ইঞ্জিনীয়াৰ প্ৰমথেশ কাকতিৰ বিবাহ-বাৰ্ষিকীৰ পাৰ্টিলৈ অনিচ্ছা সত্ত্বেও যাবলৈ মান্তি হৈছিল অলি। পাৰ্টিত অনভ্যস্ত অলি এমূৰৰ চোফা এখনত দুগৰাকী চিনাকি মহিলাৰ সৈতে বহি মানুহবোৰৰ আলেখ লেখ চাই থাকিল।... আৰু দুৱাৰমুখত সেয়া বৰ্ণা। হয়। বৰ্ণা আহিছে। দূগৰাকী বান্ধৱীৰ সৈতে গাঢ় নীলা ৰঙৰ চেলোৱাৰ পিন্ধা বৰ্ণা নামৰ বিশেষ ছোৱালীজনী অলিৰ সন্মুখেদিয়েই পাৰ হৈ গ’ল। অলিৰ সন্মুখত উজ্জ্বল পোহৰবোৰ ক্ৰমশঃ কমি আহি প্ৰায় নোহোৱা হ’ল। থিয়েটাৰ মঞ্চৰ স্পটলাইটৰ দৰে দুটা একক আৰু সুতীব্ৰ পোহৰত কেৱল দুলি থাকিল ৰঞ্জন আৰু বৰ্ণাৰ অবয়ৱ। অদৃশ্য মানুহৰ মৃদু কোলাহলৰ মাজত অলিয়ে নিবিষ্ট মনেৰে নিৰীক্ষণ কৰিবলৈ ধৰিলে অবয়ৱ দুটা। বৰ্ণাক দেখাৰ পাছতো জড়তাবিহীনভাৱে বন্ধুৰ লগত কথা পাতি থাকিল ৰঞ্জনে। এবাৰ অলিৰ ওচৰত আহি বহিল।... নাই। সচকিত হোৱাৰ, কিবা পোৱা বা হেৰুওৱাৰ কোনো চিহ্ন প্ৰকট হোৱা নাই ৰঞ্জনৰ মুখত। আনকি, সচেতন বা অৱচেতনভাৱে অথবা কৌতুহলী দৃষ্টিৰে পুনৰ এবাৰো তেওঁ বৰ্ণাৰ ফালে উভতি নাচালে। আৰু বৰ্ণা— ফুলৰ দৰে ধুনীয়া অথচ খৰস্ৰোতা নদীৰ দৰে উগ্ৰ যেন লগা ছোৱালীজনীৰ অবয়ৱত কেনেবাকৈ যেন ফুটি উঠিছে এক সুতীব্ৰ বিষাদৰ ৰেশ। এই বিষাদ প্ৰলেপে তাইক অধিক কমনীয় কৰি তুলিছে। অলিয়ে লক্ষ্য কৰিলে তাইৰ চকুৰ গুৰিত ক’লা দাগ পৰিছে, শীতৰ নদীৰ দৰে তাই শীৰ্ণ হৈ আহিছে। বৰ্ণাই সচেতনভাৱেই ৰঞ্জনৰ ফালে চাইছে। তাইৰ দৃষ্টিত মাজে মাজে প্ৰত্যাশা আৰু মাজে মাজে হতাশাৰ বিদ্যুৎৰেখা চমকি উঠিছে।... এবাৰ ৰঞ্জনৰ নিচেই ওচৰলৈ গৈ তাই আন কোনো ব্যক্তিৰ লগত কথা পাতিলে আৰু স্থিৰ দৃষ্টিৰে ৰঞ্জনৰ মুখলৈ চালে। তেওঁ ইতিমধ্যে উভতি লৈ আন এজনৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছিল। বৰ্ণাৰ দুচকুত অলপ অশ্ৰু বিৰিঙিব খুজিছিল নেকি! অলি উঠি গ’ল।
‘বৰ্ণা, ভালে আছা?’ অলিয়ে নিচেই কাষত ৰৈ তাইক সুধিলে। চমকি উঠিল বৰ্ণা। সেই দুৰ্ঘটনাটোৰ পাছত তাই আৰু অলিক লগ পোৱা নাছিল। তাই সম্ভৱতঃ ভবাও নাছিল লগ পালে অলিয়ে তাইক মাতিব। সামান্য হাঁহি ইতিবাচকভাৱে মূৰ দুপিয়ালে বৰ্ণাই।
‘পৰীক্ষা কেনে হ’ল?’ অলিয়ে আত্মীয়তাৰে সুধিলে।
‘পাৰ হৈ গৈছে আৰু৷’
তলমূৰকৈ বৰ্ণা ৰৈ থাকিল। ম্লান হ’ব খুজিও উজ্জ্বল হৈ থকা ছোৱালীজনীৰ ওচৰত নিজকে বৰ নিষ্প্ৰভ যেন লাগিল অলিৰ। এইজনী ছোৱালীৰ মুখৰ গঢ় মনত নাই ৰঞ্জনৰ —এই ৰঙা গোলাপৰ দৰে কোমল অথচ উগ্ৰ ধুনীয়া মুখখন!
‘মেডাম, আমি যাওঁ। আপুনি বহিব চাগৈ অলপ সময়।’
এসময়ত অলিক মাত লগাই বৰ্ণা ওলাই গ’ল। কাষতে বহি প্ৰমথেশৰ লগত কথা পাতি থকা ৰঞ্জনে এবাৰো উভতি নাচলে। সেইদিনা ঘৰলৈ আহি উগ্ৰমূৰ্তি ধৰিলে অলিয়ে।
‘তুমি বৰ্ণাক কিয় এনেদৰে এভইড কৰিবা? তাইৰ শৰীৰ স্পৰ্শ কৰাৰ পাছত তুমি কিয় জনাৰ চেষ্টা নকৰিবা তাইৰ হৃদয়ত তোমাৰ স্পৰ্শৰ দাগ আছেনে নাই?’[ ৯২ ] ‘এটা কথা কোৱা অলি— যদি তুমি বৰ্ণাৰ লগত মোক তেনে এটা অৱস্থাত নেদেখিলাহেঁতেন আৰু তোমাক মই ক’লোহেঁতেন মইবৰ্ণাৰ প্ৰেমত পৰিছো — তোমাৰ কষ্ট এতিয়াতকৈ কম হ’লহেঁতেন নেকি?
অলি ৰৈ যায়। বিয়াৰ পূৰ্বৰ কোনো আবেগজৰ্জৰ মুহূৰ্তত তায়েইতো কৈছিল— ‘ৰণ, মোৰ শাৰীৰিক কিবা অভাৱৰ বাবে তুমি যদি আন কৰোবাৰ ওচৰ চাপা মই কষ্ট পাম। কিন্তু, তাতকৈয়ো মোৰ অধিক কষ্ট হ’ব যদি তুমি মোৰ হৃদয়ক নেওচা দি আন কাৰোবাৰ হৃদয় বিচাৰা, প্ৰেম বিচাৰা।’ জুইৰ দৰে তীক্ষ্ণ হৈ আহে অলিৰ কণ্ঠ। ‘তুমি তাইৰ প্ৰেমত পৰিছিলা?’
‘ওহোঁ। দ্যেট ৱাজ জাষ্ট এ টেম্প'ৰেৰি...’
‘প্লিজ ষ্টপ’ইট।’ অলিয়ে হাত ভৰি এচাৰি চিঞৰি উঠে।
‘অলি—জীৱনত তোমাৰ বাদে আন কোনো নাৰীয়ে মোৰ হৃদয় চুব পৰা নাই।’ ৰঞ্জন আগবাঢ়ি আহে।‘মোক এবাৰৰ বাবে ক্ষমা কৰি নিদিবানে?’ উচুপনি এটা খামুচি অলি বিছনাত ঢলি পৰে আৰু তেনেদৰেই টোপনি যায়। নিদ্ৰিত প্ৰেয়সী পত্নীৰ কাষত বহি নিদ্ৰাহীন ৰাতিটোৰ দুটা প্ৰহৰ পাৰ কৰি দিয়ে ৰঞ্জনদীপ শইকীয়াই।
****
অবিশ্বাস আৰু সংশয়ৰ প্ৰচণ্ড ব্যৱধান অতিক্ৰম কৰি অলি এদিনৰ বাবেও ৰঞ্জনৰ কাষলৈ নগ'ল। এক মাৰাত্মক জেদে তাইৰ হৃদয়ত, তাইৰ তেজত পানীৰ বাবে অপেক্ষা কৰি থকা মৰা সূঁতি এটাৰ স্তব্ধতাখিনি বিয়পাই দিছিল। আৰু অলিৰ স্বাভিমান, কঠোৰতাক মূল্য দি ৰঞ্জনে ষ্টাডিৰূমত শুবলৈ আৰম্ভ কৰিছিল। কিন্তু, বৰ আশ্চৰ্যকৰভাৱে দুয়ো উপলব্ধি কৰিছিল যে বিচ্ছিন্ন, ভিন্নমুখী জীৱন যাপন কৰিলেও দুয়োৰে মাজত এনে দৃঢ় বন্ধন আছে, পৰস্পৰৰ ওচৰত ইমান নিৰাপদ আশ্ৰয় আছে যে একেখন পৃথিৱীতে পৰস্পৰৰ পৰা বহু আঁতৰি জীয়াই থকাটো সম্ভৱ নহ'ব।
এদিন বৰ্ণাই ফোন কৰিলে অলিলৈ। শ্বিলঙত থকা যোৰহাটৰ ব্যৱসায়ী এজনৰ লগত তাইৰ বিয়া।
‘মেডাম, মই কাৰ্ড পঠাইছো।’ বিয়ালৈ আপোনালোক আহিবই লাগিব। ছাৰক ক’ব।
‘তুমি সুখী নে বৰ্ণা?’
‘সুখী হ’বলৈ যত্ন কৰিম। পাৰিলে মোক ক্ষমা কৰি দিব মেডাম।’
খবৰটোৱে ৰঞ্জনৰ মনত কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰিলে। অন্ততঃ বাহ্যিক দৃষ্টিত তেনে যেনেই লাগিল। স্বাভাৱিকতেই বৰ্ণাৰ বিয়ালৈ সিহঁতৰ যোৱা নহ’ল।
বিয়াৰ দিনা ৰাতিৰ আহাৰৰ পাছত ৰঞ্জনৰ ৰূমত পানী এগিলাচ দিবলৈ গৈ অলিয়ে দেখিলে দুই হাত মূৰৰ তলত ৰাখি চিলিংখনলৈ শূন্য দৃষ্টিৰে চাই আছে ৰঞ্জনে।
‘কি ভাবিছা?’ ৰঞ্জনৰ খুব কাষত বহি মৰমেৰে সুধিলে তাই। আচলতে সেইদিনা বৰ্ণাৰ বাবে তেওঁৰ হৃদয়ত প্ৰেম আৰু আবেগৰ ঢৌ আছে বুলি বুজিব পৰা হ'লেই অলি সুখী হ'লহেঁতেন।‘মোৰ ডিপাৰ্টমেণ্টৰ খুব চোকা ছাত্ৰ এজন আজি ঢুকাইছে। ৰাস্তা পাৰ হওঁতে গাড়ীয়ে চেপি মাৰিলে। বৰ ব্লাইট ষ্টুডেণ্ট আছিল। জিনিয়াছ..’, ৰঞ্জনে উত্তৰ দিলে। সঁচাকৈয়ে পাছদিনা বাতৰি কাকতত খবৰটো পঢ়িলে অলিয়ে।
দিনবোৰলৈ কোনো নতুনত্ব নাহিল। ৰঞ্জনক নিৰীক্ষণ কৰি থকা অলি ভাগৰি পৰিল। সঁচাকৈয়ে বৰ্ণাৰ শৰীৰহে চিনি পাইছিল ৰঞ্জনে। হৃদয়ৰ কোনো অনিৰ্বচনীয় অনুভূতি সাঙোৰ খাই থকা নাছিল ৰঞ্জনৰ স্পৰ্শত। হৃদয়ৰ অনুপস্থিতিত মঙহৰ বাবে ক্ষুধাৰ্ত হৈ পৰিছিল তাইৰ স্বামী। তাই উপলব্ধি কৰিলে। এয়া তাইৰ বাবে কষ্টকৰ আছিল। তাই বাৰে বাৰে ৰঞ্জনৰ মুখামুখি হয়— [ ৯৩ ] ‘তুমি কিয় এনে কৰিলা?’
‘এনেকুৱা ঘটনা বহুতৰ জীৱনতে ঘটে অলি। আমাৰ দুয়োৰে বাবে এয়া তুমি পাহৰিবই লাগিব।’
‘যদি তুমি মোক আন কাৰোবাৰ লগত তেনে এটা অৱস্থাত দেখিলাহেঁতেন সকলো পাহৰি স্বাভাৱিক হৈ থাকিব পাৰিলাহেঁতেন নে?’
‘ভৱিষ্যতে আৰু কেতিয়াও এনেকুৱা নহয়। মোক বিশ্বাস কৰা অলি।’
‘বিশ্বাস হৃদয়ৰ মাজত লুকুৱাই থোৱা কোনো মূৰ্ত বস্তু নহয় যে ইচ্ছা কৰিলেই উলিয়াই আনি য’তে ত’তে স্থাপন কৰিব পৰা যায়।’ ৰঞ্জন কোঠাৰ পৰা ওলাই যায়। নিস্ফল আক্ৰোশত অলিয়ে কটা জীয়া মাছৰ দৰে চটফটাবলৈ ধৰে।
ৰাতিৰ পাছত দিন পাৰ হৈ যায়, দিনৰ পাছত ৰাতি। সিহঁতৰ বাবে সময় একে থাকে।... আৰু এদিন অলিক স্তম্ভিত কৰি বাতৰি কাকতত প্ৰকাশ পায় সেই খবৰটো— ‘উগ্ৰপন্থীৰ আক্ৰমণত পত্নীসহ ব্যৱসায়ী নিহত।’ কাষতে ধনী ব্যৱসায়ী স্বামীৰ সৈতে নৱ পৰিণীতা বৰ্ণাৰ ফটো। দাবী অনুযায়ী উগ্ৰপন্থীক ধন দিব নোৱাৰাৰ বাবেই এই ঘটনা। স্তব্ধ হৈ পৰে অলি। কি নৃশংস! এক প্ৰচণ্ড অপৰাধবোধ আৰু গ্লানিয়ে তাইক অবশ কৰি পেলাইছে। আচৰিতভাৱে এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নাপায় ৰঞ্জনৰ মুখত। পূৰ্বৰ নিলিপ্তিৰে চাহ খাই খাই ৰঞ্জনে পেপাৰ পঢ়ে। অলিৰ লগত দুই এটা কথা পাতে। ভাত খাই সময়ত কলেজলৈ ওলাই যায়।
পদুলিত অপসৃয়মান হোৱা ৰঞ্জনৰ শৰীৰ কোনো ভয়ানক, অদ্ভুত বস্তু চোৱাদি অলিয়ে চাই থাকে। সেইদিনা অলপ পলমকৈ উভতি আহিল ৰঞ্জন। হাতত বজাৰৰ বেগ। অলিয়ে আগদিনাই আনিবলৈ দিয়া ফুলৰ গুটি আৰু জগজিত সিঙৰ এটা গজলৰ কেচেটো তেওঁ আনিবলৈ পাহৰা নাই।
গা বেয়া বুলি বিছনাত পৰি থকা অলিৰ ওচৰত বহি ৰঞ্জনে কথা পাতে। এগিলাচ কুহুমীয়া গাখীৰ অলিক আগৰ দৰেই জোৰ কৰি খুৱায়। ছেমিনাৰ পেপাৰ এখনৰ কাম কৰিবলগীয়া আছে বুলি সোনকালে ষ্টাডিৰূমত সোমোৱা ৰঞ্জনক এবাৰ ভুমুকিয়াই চালে অলিয়ে। শকত ভলিউমৰ দুখন কিতাপ মেলি কিবা আঁক বাঁক কৰি আছে। তাই আঁতৰি আহিল। এক অসহায় ভীতিয়ে তাইক বৰ্ণাৰ প্ৰসংগ উলিওৱাৰ পৰা বিৰত ৰাখিলে। ডাইনিঙত বহোতেও স্বাভাৱিক ৰঞ্জন। অলিয়ে একো খাব নোৱাৰিলে। খোৱাৰ পাছত দুয়ো অলপ সময় টিভি চালে। তাৰ পাছত ৰঞ্জন ষ্টাড়িৰূমত শুবলৈ গ’ল।
বিছনাত পৰি চটফটাই থাকিল অলিয়ে। আঃ কি নিৰ্মম! তাইৰ চকুৰ আগত ভাঁহি থাকিল বৰ্ণাৰ ৰঙা গোলাপৰ দৰে মুখখন।... আৰু সেইছবিৰ আগে-পিছেএটা অস্পষ্ট দৃশ্য— ষ্টাডিৰূমত আলিংগনাবদ্ধ দুটা শৰীৰ... দুটা কাতৰ সুঠাম বাহু, তৃপ্তিৰ আৱেশত মুদ খাই আহিব ধৰা এযুৰি চকু... ঘন ঘন উশাহৰ কিছু পকনীয়া...
ঢহমহকৈ অলি উঠি বহিল। এগিলাচ পানী খালে। তাই ৰঞ্জনক বৰ্ণাৰ কথা সুধিব। এতিয়াই সুধিব। কেনেদৰে ইমান নিৰ্লিপ্ত হৈ শুব পাৰিছে ৰঞ্জন….. কেনেদৰে...
ৰঞ্জন শুব পৰা নাছিল। সন্তৰ্পনে ষ্টাডি ৰূমৰ দুৱাৰ খুলি অলিয়ে দেখিলে বিছনাত পৰি দুয়ো হাতৰ তলুৱাত মুৰ ৰাখি চিলিঙলৈ শূন্য দৃষ্টিৰে চাই আছে ৰঞ্জনে। তাই কাষ চাপি আহিল। ভীষণ বিধ্বস্ত দেখাইছে ৰঞ্জনক। ৰঙা পৰা চকু দুটাৰ সৈতে মুখখনত যেন সহস্ৰ যুগৰ বিষাদ আৰু অপেক্ষাৰ অৱসাদ। তাই কাষতে বহাতো ৰঞ্জনে গম নাপালে। এইবাৰ অলিয়ে ৰঞ্জনৰ চুলিত হাত থ’লে।
‘ৰণ'
অলিলৈ চালে ৰঞ্জনে। উদভ্ৰান্ত অথচ বৰ মৰ্মভেদী আছিল সেই দৃষ্টি।
নীৰৱ মুহূৰ্ত কেইটামান পাৰ হৈ গ’ল। ৰঞ্জনক যেন ঠিকমতে বুজিব পৰা নাই অলিয়ে।
‘বৰ্ণাৰ এনে হ’ব বুলি মই কেতিয়াও ভবা নাছিলো ৰণ! আজিও তুমি ক’বানে— তাইৰ শৰীৰৰ [ ৯৪ ] বাদে………।’ অলি ৰৈ গ’ল। তাইৰ অস্বস্তি ভাঙি যেন ব-হু-ত দুৰৰ পৰা ভাঁহি আহিল ৰঞ্জনৰ কণ্ঠ—
‘...তাইক স্পৰ্শ কৰাৰ আগতে তাই মোৰ হৃদয় চুইছিল অলি... কিন্তু কোনো পৰিস্থিতিতে মই তোমাক হেৰুৱাব খোজা নাছিলো।’ হুমুনিয়াহত পাক খাই খাই ওলাই অহা ৰঞ্জনৰ কথাখিনিয়ে খিৰিকীৰ পৰ্দাখন যেন মৃদুকৈ কঁপালে। ক্ৰমশঃ সেই কঁপনিটো প্ৰসাৰিত হ’ল কোঠাটোৰ ইষৎ নীলা পোহৰখিনিলৈ... তাৰ পাছত অলিৰ হাত দুখনলৈ। হাতত কঁপনিটো গুজি লৈয়ে অলিয়ে ৰঞ্জনৰ চুলিত আঙুলি বুলালে। প্ৰত্যয় আৰু মমতাৰ বহুত আশ্বাস আছিল নেকি সেই স্পৰ্শত! ৰঞ্জনে অলিৰ বুকত মুখ গুজি উচুপিবলৈ ধৰিলে।
বাহিৰত সোঁ সোঁকৈ এজাক বতাহ বলিছিল। ক’ৰবাত এটি নিশাচৰ চৰায়ে ৰৈ ৰৈ বিনাইছিল। কোনোবা এটা বিন্দুত যেন মিলি গৈছিল বতাহৰ সোঁ সোঁৱনি... চৰাইৰ বিননি... ৰঞ্জনৰ উচুপনি... আৰু ৰঞ্জনৰ চুলিৰ মাজত পথ হেৰুৱাই পেলোৱা অলিৰ হাতৰ অস্ফুট বুলনি...।❐ ❐