সমললৈ যাওক

সম্ভৱতঃ/শূন্যতাৰ স্বপ্ন গাথা

ৱিকিউৎসৰ পৰা
[ ১০০ ]


শূন্যতাৰ স্বপ্ন গাথা



“........আৰু পাইনৰ সেউজীয়াৰ মাজে মাজে দৌৰি ফুৰাৰ কি যে আমেজ বনজ্যোৎস্না! ফট ফটীয়া ৰাতিপুৱাবোৰত পাহাৰীয়া ৰাস্তাৰে আমি দৌৰি ফুৰো। মই আৰু ৰিকু – ৰিকুৰ কথা কৈছোতা তোমাক — মোৰ ভাইটি। সদায়ে আমাৰ মাজত কম্পিটিচন হয় আমাৰ ঘৰৰ কাষৰ কেঁকুৰিটোৰ পৰা দৌৰি কোনে প্ৰথমে বাৰ্নছ চাহাবে কৰি থৈ যোৱা আপেলৰ বাগানৰ কাষ পাবগৈ পাৰো।’

 ‘তুমি দৌৰি খুব ভাল পোৱা, নহয়নে?’

 ‘হয়তো পাওঁ, মই খুব ভাল ফুটবলো খেলিব পাৰোঁ জানানে? ঘূৰণীয়া বলটোৰ পাছে পাছে দৌৰি ইয়াক নিজৰ নিয়ন্ত্ৰণলৈ অনা কামটোত সুকীয়া মজা আছে। ই কৰ্চৰ কিতাপৰ দৰেই এটা অধ্যয়ন কৰিবলগীয়া বিষয়।’

 ‘বাহ! বৰ ধুনীয়াকৈ কথা ক’ব জানা তুমি।’

 ‘আৰু পাহাৰ বগোৱাতো মোৰ ভীষণ চখ জানানে! চাবা মই এদিন নামজ্বলা পৰ্বতাৰোহী হ’ম। এতিয়ালৈকে অৱশ্যে মই হিমালয়লৈ যোৱা নাই। কিন্তু পাপাই কৈছে বি এ ফাইনেল দিয়াৰ পাছত মই ইচ্ছা কৰিলে আমাৰ ইয়াত থকা ‘এক্সপ্ল'ৰেচন ফাষ্ট’ নামৰ ক্লাবটোত যোগ দিব পাৰিম। এই ক্লাবৰ পৰা প্ৰত্যেক বছৰতে হিমালয়ৰ যিকোনো শৃংগলৈ অভিযান উলিওৱা হয় -।’

 ম’বাইল ফোনৰ মাজেৰে অনৰ্গল ভাহি আহি থাকিল অংকুৰ নামৰ ল’ৰাজনৰ উৎসাহ ভৰা মাতটো। সি কৈ গ’ল পৃথিৱীৰ আটাইতকৈ উচ্চ পৰ্বত শিখৰত থিয় দি আকাশ অভিমুখে দুবাহু প্ৰসাৰিত কৰাৰ কথা, তাৰ স্বপ্ন আৰু উড়ন্ত হেপাঁহৰ বৰ্ণিল পৃথিৱীখনৰ কথা।

 .....আৰু মুগ্ধ শ্ৰোতা বনজ্যোৎস্না।

 সন্ধ্যাৰ এই নিৰিবিলি সময়খিনি ক্ৰমশঃ তাইৰ বাবে একান্ত আকাংক্ষাৰ হৈ পৰিছে। ঘৰুৱা শিক্ষকজনৰ সৈতে বিৰক্তিদায়ক দুঘন্টা সময় অতিবাহিত কৰাৰ পাছত নিজৰ কোঠাৰ খিৰিকীৰ কাষত বহি ৰয় বনজ্যোৎস্না। এটা শূন্যতাৰ স্বপ্ন গাথা নিৰ্দিষ্ট সময়ত অংকুৰে ফোন কৰে। তাইৰ দুচকুত শিপা গজি বহা এন্ধাৰখিনিলৈ যেন লগে লগে এচপৰা পোহৰ বাগৰি আহে! হুমুনিয়াহ আৰু বন্ধ বায়ুৰ আৰ্তিৰে ভৰি থকা কোঠালিটোলৈ যেন শীতল বতাহৰ বুকুৰে বগুৱাবাই সোমাই [ ১০১ ] আহে বহু দুৰণিৰ এটি সুৰীয়া বাহীৰ মাত!

 বনজ্যোৎস্না – অংকুৰৰ এই সম্পৰ্কৰ আৰম্ভনি হৈছিল মাত্ৰ এমাহ আগতে। অংকুৰে বন্ধু এজনৰ নম্বৰ ডায়েল কৰোতে ভুলবশতঃ বনজ্যোৎস্নাৰ ম’বাইল বাজি উঠিছিল। তাৰ পাছত দুয়ো বন্ধু হৈ পৰিল। সেৰেঙা ফোন কলবোৰ ক্ৰমশঃ সঘন হ’বলৈ ধৰিলে।...... আৰু এদিন বনজ্যোৎস্নাই অনুভৱ কৰিলে দিনটোৰ শেষৰ ঠিক আন্ধাৰ প্ৰগাঢ় হ’বলৈ ধৰা সময়খিনিত যদিহে অংকুৰে ফোন নকৰে তেনেহ’লে চৌপাশে জ্বলি উঠা হেজাৰ পোহৰেও তাইৰ বুকুৰ এন্ধাৰ আঁতৰাব নোৱাৰে।

 ........মই যে ইমান কথা কৈ আছো –তুমি কেৱল হা-না, বাঃ কৰি গৈছা, কিয়? তোমাৰ কথা কোৱা। নতুন কিবা –’ ফোনৰ সিটো পাৰত অংকুৰৰ আব্দাৰ মিশ্ৰিত কন্ঠ। তাৰ কণ্ঠৰ লগতে আন এক ৰিমঝিম শব্দও শুনা পালে বনজ্যোৎস্নাই।

 ‘বৰষুণ দিছে অংকুৰ?’

 ‘কেনেকৈ জানিলা?’

 ‘শব্দ শুনিছো।’

 ‘বাঃ! তুমি কম নহয় দেই। সঁচাকৈয়ে বৰষুণ দিছে। চোৱা বেলকনিত বহি সন্মুখত বৰষুণ লৈয়েই মই তোমালৈ ফোন কৰি আছো, অথচ বৰষুণ যে দিছে মোৰ হুচেই নাই। কিন্তু তুমি সিপাৰৰ পৰাই শুনা পালা বৰষুণ শব্দ।’

 ‘বৰষুণত তিতি থকা পাইন গছবোৰ কেনেকুৱা লাগিছে দেখিবলৈ অংকুৰ?’

 ‘বঢ়িয়া। হেই - হেই – বৰ আচৰিত কথা সোধা তুমি। কবিতা চবিতা লিখাৰ অভ্যাস আছে নেকি?

 খিলখিলাই হাঁহি উঠিল বনজ্যোৎস্নাই। মেঘালয়ৰ এখন চহৰৰ দাঁতিকাষৰীয়া ঠাই এখনত ছবিৰ দৰে ধুনীয়া ঘৰ এটাৰ বেলকনিত বহি থকা ধুনীয়া ল’ৰাটোৱে পাহাৰী জুৰিৰ দৰে লগা সেই হাঁহিৰ শব্দ শুনিলে আৰু হুমুনিয়াহ এৰিলে। সম্ভৱতঃ এই ধুনীয়া হাঁহিৰ গৰাকিনী তাৰ সমবয়সীয়া ছোৱালীজনীৰ লগত কেতিয়াও দেখা-দেখি নহ’ব তাৰ। অদ্ভুত এটা বিষাদে তাক চুই গ’ল।

 পাছদিনা সন্ধ্যা অংকুৰে তাইক কৈছিল নামনি অসমত থকা খুৰাকৰ ঘৰত তামোল গছ বগাই তামোল পাৰি অনাৰ বিচিত্ৰ অভিজ্ঞতাৰ কথা।

 ......আৰু সিহঁতৰ কলেজৰ এষ্টাৰ নামৰ ট্ৰাইবেল ল’ৰা এটাই ৰিকুক জোকোৱাৰ পাছত তাক আৰু লগৰ দুটাক ৰিকু আৰু অংকুৰে কেনেকৈ পিটিলে তাৰ দীঘলীয়া বিৱৰণ।

 ‘তুমি বৰ সাহসী ল’ৰা।’ বনজ্যোৎস্না।

 ‘মোৰ জানানে মাৰ্চিয়েল আৰ্ট শিকাৰো ভীষণ ইচ্ছা আছে। পাপাই নিদিয়ে। কিন্তু, লগৰ দুটাৰ পৰা মাৰ্চিয়েল আৰ্টৰ বহু কলা কৌশল মই শিকিছো।’

 সেইদিনা অংকুৰে বনজ্যোৎস্নাৰ এখন ফটো বিচাৰিলে। ইয়াৰ আগতে ই-মেইল যোগে কথা পতাৰ প্ৰসংগও উলিয়াইছিল সি। কিন্তু বনজ্যোৎস্নাৰ কম্পিউটাৰ নাই। ইন্টাৰনেট কাফেলৈ যাবলৈ অসুবিধা।

[ ১০২ ]  ‘ঠিকনাটো লিখি যোৱা। মই গৈ কৈছো।’ দুবাৰ সুধি বনজ্যোৎস্নাই ঠিকনাটো মনত ৰাখিলে।

 ‘মোৰ ফটো নালাগে?’ অংকুৰ।

 ‘মই ঠিকনা দিয়াৰ পাছত তুমি যদি কেতিয়াবা আমাৰ ঘৰলৈ আহা আৰু মোক দেখি তোমাৰ ভাল নালাগে - যদি তুমি আফচোচ কৰিবলৈ আৰম্ভ কৰা কি এজনী ছোৱালীৰ লগত ইমান সময় নষ্ট কৰি কথা পাতিলো - তেতিয়া?’

 ‘ধেৎ! কেতিয়াও তেনেকুৱা নহয়। কাৰণ মই কেতিয়াও তোমাক লগ কৰিবলৈ নাযাওঁ।’

 ‘কিয়?’ এইবাৰ আচৰিত হোৱাৰ পাল বনজ্যোৎস্নাৰ।

 ‘মোৰো ভয় আছে। —মোকো বেয়া লাগিব পাৰে তোমাৰ।’

 ঠিক হ’ল, প্ৰথমে বনজ্যোৎস্নাই ফটো পঠাব। সেই ফটো পোৱাৰ পাছত অংকুৰে তাৰ ফটো পঠাই দিব।

 ক্ৰমশঃ এক মধুৰ অবাৰ্চীন অনুভূতিত ডুব যাব ধৰিলে বনজ্যোৎস্না। মহানগৰীৰৰ নীলাচল পাহাৰৰ দাঁতিকাষৰীয়া সিহঁতৰ ঠাইখিনিলৈ ইতিমধ্যে বসন্ত আহিছিল।

 ফাগুনৰ ৰুক্ষ-ধূলিয়ৰি বতাহে ছিৰিলা-ছিৰিলিকৈ ফালি থৈ যোৱা গছ-গছনিৰ ওপৰত বৰষুণ পৰিছিল এজাক দুজাককৈ। খিৰিকীৰ কাষত বহিলে মাজে মাজে সেমেকা শীতল বতাহে হাড়লৈকে কঁপাই গৈছিল।

 ঋতু পৰিৱৰ্তনৰ এই বিচিত্ৰ সময়খিনিয়ে বনজ্যেৎস্নাৰ মনতো সিঁচি দিছিল বিচিত্ৰ কিছু আবিৰ, মন মতলীয়া কৰা কিছু সুগন্ধ।

 বৰষুণৰ শব্দ, মেঘৰ গাজনি আৰু বতাহৰ ৰুৱনিৰ শব্দ শুনি খিৰিকীৰ কাষত ঘন্টাৰ পাছত ঘন্টা পাৰ কৰি দিয়া বনজ্যোৎস্নাই এদিন নিচেই পুৱাতে কুলিৰ মাত শুনিলে। ক’ৰবাত পাতৰ আঁৰত লুকাই কুলিয়ে বিনাইছে - কু..... উ.... কু...... উ

 গোটেই দিনটো কুলিৰ বিনন্দীয়া মাতটো বুকুত লৈ ফুৰিলে ছোৱালীজনীয়ে। বগা গোলাপৰ মাজত ফটোৰ বাবে মাকৰ কেমেৰাৰ সন্মুখত থিয় দিয়াৰ সময়তো বনজ্যোৎস্নাৰ বুকুৰ মাজত বিনাই আছিল কুলিৰ মাতটোৱে।

 সৰুকৈ কেমেৰাৰ শব্দ – হ’ল – ‘ক্লিক’।

 দুদিনৰ পাছত বনজ্যোৎস্নাৰ ফটোখন বগা খাম এটাৰ ভিতৰত সোমাল। ফটোখনতো ব্যাপ্ত হৈ আছিল নেকি কুলিৰ এটা সুৱদি আকুল মাত!

 ফটোখন পোৱাৰ দিনা উৎসাহী শুনা গ’ল অংকুৰৰ কণ্ঠ - ‘কি ভীষণ ধুনীয়া তুমি বনজ্যোৎস্না! ৰিকুৱে কৈছে তোমাৰ চকু দুটা নীলা পখিলাৰ নিচিনা। মোৰ কিন্তু ফটোখন হাতত লৈ এনে লাগিছে তুমি যেন দেখি আছা। আচ্ছা, তুমি ফটোখনত মন মাৰি আছা যে ইমান! যেন বান বিধ্বস্ত মানুহ। ৰিফিউজি কেম্পত আছা।’

 ‘তুমি ক’ত দেখিলা বান বিধ্বস্ত মানুহ?’

 ‘দেখিছো আৰু –। মেঘালয়ত থাকো যদিও আমি প্ৰতি বছৰে অসমলৈ দুবাৰকৈ যাওঁ। উজনি অসমৰ শিৱসাগৰ, তেজপুৰ, লক্ষীমপুৰলৈও গৈছো মই। তুমি অসমৰ চব [ ১০৩ ] ঠাই চাইছা?’

 ‘ওঁহো।’

 ‘গুৱাহাটীৰ বহু ঠাই অৱশ্যে মই ফুৰা নাই। কামাখ্যা, কলাক্ষেত্ৰ বালাজিলৈ গৈছো। পাপাই কয় – শুক্ৰেশ্বৰ ঘাটৰ পৰা লুইতত সুৰ্যাক্ত চাই বোলে বৰ ভাল লাগে। তুমি নিশ্চয় চাইছা। পাপাই উমানন্দৰ কথাও বৰকৈ কয়। সোণালী বান্দৰে তাত বোলে হাতৰ পৰা বিস্কুট থপিয়াই খায়।.…..... আৰু কামাখ্যা মন্দিৰৰ পৰা ওপৰলৈ ভুৱনেশ্বৰী নামৰ এটা মন্দিৰ আছে......’

 পিছৰ কথাখিনি ক্ৰমশঃ অস্পষ্ট হৈ আহিছে। লুইতৰ বুকুত বেলি ডুব যোৱাৰ দৃশ্যটো মনত পেলাবলৈ বনজ্যোৎস্নাই আপ্ৰাণ চেষ্টা কৰিছে। সিহঁতৰ ঘৰৰ পিছফালৰ টিলাটোৰ ওপৰত সৰুতে জুমপাতি খেলিছিল সিহঁতে। কেতিয়াবা এন্ধাৰ হোৱাৰ সময়লৈকে টিলাটোৰ ওপৰৰ শিল এচটাত বহি বন্দনা আৰু তাই গান গাইছিল। লুইতলৈ, লুইতৰ বোঁৱতি পানীত প্ৰতিবিম্বিত বেলিটোলৈ কেতিয়াবা ৰ-লাগি গইছিলনে তাই! পোহৰ আৰু এন্ধাৰৰ নিজস্ব ৰং, ঘনত্ব আৰু আবেদন বনজ্যোৎস্নাৰ মনত 'মাছে, কিন্তু সূৰ্যাস্ত .......তাইৰ খুব আফচোচ হ’ল। কিয় এবাৰো সুৰ্যাস্তৰ সৌন্দৰ্য উপভোগ নকৰিলে তাই!

 পিছদিনা অংকুৰৰ ফোন আহোতে বহুখিনি সজীৱ বনজ্যোৎস্না। তাইৰ মাতত পাৰ বাগৰি যোৱা উলাহৰ ঢৌ।

 ‘এইমাত্ৰ শুক্ৰেশ্বৰ পাৰ্কৰ পৰা উভতি আহিলো অংকুৰ। বহুদিনৰ পাছত তুমি কোৱাৰ বাবেই সুৰ্যাস্ত চাবৰ বাবে তালৈ গৈছিলো। সঁচায়ে অপূৰ্ব। ...... আকাশত ডাৱৰ আছিল। নদীৰ সোঁত আৰু ডাৱৰৰ চপৰাবোৰৰ পিঠি কমলাবুলীয়া কৰি তুলিছিল মাৰ যাব খোজা বেলিয়ে। ........ ডুবাৰ সময়ত নদীৰ বুকুত ওলমি থকা মস্ত ৰঙা কাঁহী এখন যেন হয় বেলিটো। আৰু জানানে – বেলি ডুবাৰ পাছতো অলপ সময়লৈ আকাশখন সোণালী হৈ থাকে। সেই সোণালী ৰং প্ৰতিবিম্বিত হয় নদীৰ বুকুত। অপূৰ্ব!’

 ‘এদিন তোমাৰ লগত সুৰ্যাস্ত চাম বনজ্যোৎস্না। বহু বছৰৰ পাছত —। এনেকুৱা সময়বোৰত আচলতে কিছু এড্‌ভেঞ্চাৰ থাকিলে ভাল হয়। ধৰি লোৱা মস্ত বগা ঘোঁৰা এটা ঢেঁকুৰাই মই তোমাক অৰণ্যৰ লুংলুঙীয়া বাট এটাৰে নদীৰ তীৰলৈ লৈ গ’লো। ....... নদীৰ ওপৰত এখন দলং ....... দলঙৰ খুটাত ঘোঁৰাটো বান্ধি থৈ আমি দলঙৰ ওপৰত উঠিলো। ....... নৈ পৰীয়া বতাহে আমাক চুই যাব। বতাহৰ সোঁ-সোঁৱনি আৰু নদীৰ নিজস্ব শব্দৰ মাজত দলঙৰ ৰেলিঙত আউজি আমি বাট চাই ৰ’ম বেলি ডুবা পৰলৈ.........।’

 ‘সেয়া কেতিয়াও হৈ নুঠিব অংকুৰ।’ .......বেদনাৰে ভাৰাক্ৰান্ত হৈ উঠিল বনজ্যোৎস্নাৰ কণ্ঠ।

 ‘হয়তো নহ’ব’। হঠাতে হতাশগ্ৰস্ত হৈ পৰিল অংকুৰো।

 ‘তথাপি ভাবি ভাল লাগে নহয় নে? বাৰু বনজ্যোৎস্না, এদিন তুমি মোৰ বাবেই উমানন্দলৈ যাবা আৰু মোক সোণালী বান্দৰৰ কথা ক’বা। ক’বা নে? তোমাৰ চকুৰেই ম‍ই উমানন্দ চাম।’

 বাহিৰত বতাহ বলি আছিল। ক্ৰমশঃ তীব্ৰ হৈ আহিছিল বতাহৰ গতি। মেঘৰ [ ১০৪ ] গৰ্জন বনজ্যোৎস্নাৰ কাণত পৰিল। তাইৰ অভ্যন্তৰতো এজাক ধুমুহা বলিছিল। দুয়োজাক ধুমুহাৰ সন্মিলিত আৰাওত তাইৰ কাণত নিচুকনি গীতৰ দৰে বাজি থকা অংকুৰৰ মাতটো হেৰাই থাকিল। খেপিয়াই খেপিয়াই খিৰিকীখন বন্ধ কৰিবলৈ চেষ্টা কৰোতে বতাহে বেঁকাকৈ উৰুৱাই অনা কেইটামান বৃষ্টিকণাই বনজ্যোৎস্নাক কোবাই গ’ল। তাইৰ নীলা চকুযুৰিৰ পৰাও একে সময়তে এজাক বৰষুণ নামি আহিল।

 দুৱাৰমুখত ৰৈ মাকে চাই ৰৈছিল চকুৰ জটিল ৰোগত মাত্ৰ ন-বছৰ বয়সতে দৃষ্টি শক্তি হেৰুৱাই পোলোৱা তেওঁৰ ধুনীয়া জীয়েকলৈ।

 কেইঘন্টামানৰ আগতে মাত্ৰ জীয়েকৰ আব্বাৰ মতে শুক্ৰেশ্বৰ পাৰ্কলৈ তাইক লৈ গৈছিল তেওঁ। ডুবন্ত বেলি আৰু নদীৰ বৰ্ণনা দিছিল গুণগুণাই জীয়েকৰ কাণত।

 কিন্তু বনজ্যোৎস্নাই তেওঁৰ পোন কথাকেইটা নিজৰ মতে সজাই ইমান সুন্দৰকৈ ক’লে ফোনত কথা পতা ল’ৰাজনক! কি বা হ’ল এতিয়া – জীয়েকৰ মুখত দেখোন ওন্দোলা আকাশখন উবুৰি হৈ পৰিছে।.. বনজ্যোৎস্নাৰ মাকৰ চকুত থকা আকাশখনো ওন্দোলি উঠিল, এই যেন বৰষুণ সৰিব।

 পৰিশিষ্টঃ প্ৰিয় পাঠক, বনজ্যোৎস্নাৰ কাহিনী আপুনি শুনিলে। আহকচোন এতিয়া অংকুৰৰ ওচৰলৈ যাওঁ। আচলতে কৈশোৰ অতিক্ৰম কৰা যুৱক-যুৱতীহালৰ মগ্ন সান্ধ্য আলাপৰ মই সাক্ষী আছিলো। এডভেঞ্চাৰপ্ৰিয় অংকুৰক এবাৰ দেখা পাবলৈ মোৰো তীব্ৰ হেঁপাহ জাগিছিল। সেয়া দেখিছেনে – ছবিৰ দৰে ধুনীয়া ঘৰ এটাৰ বেলকনিত মৰম লগা ল’ৰা এজন বহি আছে। কৈশোৰে মেলানি মগাৰ পাছতো ল’ৰাটোৰ মুখত লাগি ৰৈছে কৈশোৰৰ নিষ্কলুষ সাৰল্যৰ আভা-। তেৱেই অংকুৰ। ঘৰৰ সন্মুখৰ পাহাৰীয়া পথটোত দীঘল হৈ পৰিছে পাইনৰ ছাঁ। তাৰ সিপাৰৰ সমতল ঠাইখিনিত কেইজনমান কিশোৰে ফুটবল খেলিছে। তাৰ মাজৰে সেই যে ৰঙা স্পৰ্টিং আৰু ক'লা হাফপেন্ট পিন্ধা চটফটীয়া ল’ৰাজন — সি ৰিকু, অংকুৰৰ ভায়েক।

 ঘূৰণীয়া বলটোৰ পাছে পাছে ৰিকুৰ দুভৰি দৌৰি আছে। স্বচ্ছন্দ সেই দুভৰিলৈ চাই বাৰে বাৰে কিৰিলিয়াই উঠিছে অংকুৰে।

 সেয়া — বিপক্ষক আৰু এটা গ’ল দিলে ৰিকুয়ে। আনন্দত হাত জোকাৰি বহি থকাতে দুলিবলৈ ধৰিছে অংকুৰ। এজুম ল’ৰাই ৰিকুক দাঙি ধৰিছে। অংকুৰলৈ চাই হাত জোকাৰিছে ৰিকুৱে।

 .....এসময়ত পাইনৰ দীঘল ছাঁবোৰৰ অৱয়ৱ আৰু দীঘল আৰু অস্পষ্ট হৈ আহিল। ল’ৰাজাকে খেল সামৰাৰ যো-জা কৰিলে।

 অলপ পাছতে ৰিকু আহি অংকুৰৰ কাষত থিয় দিলেহি।

 ‘খেল চালা দাদা?

 ‘অ’। তুমি এনেদৰে খেলিলে সোনকালেই ষ্টেটৰ হৈ খেলিবলৈ চাঞ্চ পাবা।

 ‘লনলৈ যাবা?’ ৰিকুয়ে সুধিলে।

 ‘যাম’। অংকুৰে কাষতে আউজাই থোৱা কিবা এটালৈ হাত মেলিলে।

 প্ৰিয় পাঠক, পাতল এন্ধাৰৰ মাজতো মই স্পষ্টভাৱে দেখা পালো বেলকনিৰ [ ১০৫ ] গ্ৰীলত আউজাই থোৱা এডাল পেং।

 ‘নালাগে দিয়া, মই লৈ যাম।’ ৰিকুয়ে অংকুৰক বাধা দি হুইল চেয়াৰখন ঠেলিব খুজিলে। আজন্ম পংগু ককায়েকৰ প্ৰতি তাৰ মৰম আৰু চিন্তাৰ শেষ নাই।

 হঠাতে কিবা এটা কথা মনলৈ অহাৰ দৰে ব্যস্ত হৈ হাতৰ ঘড়ীলৈ চালে অংকুৰে।

 ‘এতিয়া নহয় ৰিকু। অলপ পাছত। মই এতিয়া বনজ্যোৎস্নালৈ ফোন কৰিম।’

 ‘ঠিক আছে তেন্তে। তুমি ফোন কৰা। মই হাত-ভৰি ধুই ফ্ৰেচ হৈ আহো —।’

 চটফটীয়া ল’ৰাটো দেও দি দি ভিতৰলৈ সোমাই গ’ল। অংকুৰে বনজ্যোৎস্নাৰ নম্বৰ ডায়েল কৰিলে।

 ‘হেলো।’ বনজ্যোৎস্না।

 ভীষণ উৎসাহভৰা কণ্ঠেৰে অংকুৰে কৈ গ’ল — ‘বাঃ তুমি আচৰিত দেই! .......কি কৰি আছিলা? ফোন উঠাওতে ইমান দেৰি লাগেনে? .......ফুটবল খেলি এইমাত্ৰ ঘৰ সোমাইছো জানা। মই আজি ফিলিপহঁতৰ টিমক দুগোল দিলো। সকলোৱে কৈছে এনেদৰে খেলিলে সোনকালেই মই ষ্টেটৰ হৈ খেলিব পাৰিম.........।’