পৃষ্ঠা:সম্ভৱতঃ.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৃদয় আৰু স্মৃতিৰ বাজি লগাই ‘অপূৰ্ণতা’ বিচাৰি ফুৰিছে, এয়াতো এক ধৰণৰ অভাৱেই। নহ’লে সময় হয়তো ইমান অবিশ্বাসী হৈ নুঠিলহেঁতেন!

 সন্ধ্যা লাগিল।.... বহুত দিনৰ পাছত অনসূয়াই এই সময়ত গা ধুলে। তাৰ পিছত বগা শাৰী এখন পিন্ধি তাই লাইটবোৰ নুমুৱাই দিলে। প্ৰতিটো কোঠাতে ধুপ জ্বলালে আৰু বনৰীয়া ফুলৰ গোন্ধ এটা বিচাৰি বাহিৰলৈ ওলাই আহিল। জোনাকি পৰুৱাৰ ঢিমিক-ঢামাক পোহৰবোৰ শূন্যত ওপঙি ফুৰিছে। তাই আকাশলৈ চালে— ‘আকাশ! তোমাৰ বিশালতা মোলৈ বিয়পোৱা’ তাই গুণগুণালে। এইবাৰ সুহুৰিটো দেও দি দেও দি আহিল আৰু তাইৰ শৰীৰৰ কলকল ৰক্তস্ৰোতত মিলি যাবলৈ উথপথপ লগালে। এনতে পল্লৱে দুহাতেৰে তাইৰ কঁকালত মেৰিয়াই ধৰিলে— ‘ইমান এন্ধাৰত থাকিবলৈ কি হ’ল অনু? মই তোমাৰ কাষত বহুত সময় থিয় দি আছো। তুমি গমেই নোপোৱা।’ খুব মৰমেৰে ক’লে পল্লৱে। সুহুৰিটো এটোপাল অশ্ৰু হৈ তাইৰ চকুৰপৰা সৰি পৰিল। ‘তোমাৰ বাবেই ৰৈ আছো’ তাই তলমূৰকৈ ক’লে।

 ‘হাৰে! কান্দিবলৈ আকৌ কি হ’ল?’ পল্লৱে ব্যস্ত হৈ তাইক আলফুলকৈ বুকুৰ মাজলৈ টানি আনিলে। টানি আনিলে।

 ‘মোক এটি সন্তান লাগে পল’ তাই বিৰবিৰাই কৈ গ’ল— ‘মই হেৰাই যাব বিচৰা নাই... মই ‘মা’ হ’ব ‘বিচাৰিছো।”

 বনৰীয়া ফুলৰ গোন্ধ এটা বতাহত উটি আহিল। তাইৰ পৰা নিৰ্দিষ্ট দূৰত ৰৈ সুহুৰিটোৱে তাইক জোকাবলৈ ধৰিলে। তাইৰ অভ্যন্তৰত তেতিয়া আন এটা সত্তাই বিৰবিৰাই আছিল—

 ‘....নহয়, নহয়— তুমি নহয়, শৈবাল, তোমাৰ অভ্যন্তৰৰ দুখ আৰু অপূৰ্ণতাখিনিহে অনুভৱৰ সুৰুঙাৰে মোৰ মাজলৈ সোমাই আহিছে। অসমীয়া সাহিত্যৰ প্ৰসিদ্ধ লেখক তুমি। তোমাৰ লেখাৰ প্ৰচ্ছন্ন বেদনাবোধ মোক হেৰুওৱাৰ বাবেইনে? কোৱা কোৱা—। তুমি ‘হয়’ বুলি ক’লে মই ‘ধনী’ আৰু ‘দুখী’ হ’ম। যদি ‘নহয়’ বুলি কোৱা মই নিঃস্ব হৈ যাম। শূন্য বতাহত ভৰ দি বাঢ়ি আহিব অসহ্যকৰ সুখ। মই সুখৰ ঘূৰ্ণীত এনেদৰে নিঃশেষ হৈ যাবলৈ

নিবিচাৰো, কেতিয়াও নিবিচাৰো...।’❐ ❐

সম্ভৱতঃ ● ৯৯