অন্তঃগাথা
অ’টোৰ পৰা নামি বাৰাণ্ডাত থিয় দিয়ালৈকে আলাসতে যেন ওপঙিহে ৰ’ল অলি। ৰঞ্জনক ‘চাৰপ্ৰাইজ’ দিয়াৰ পৰিকল্পনাটো ঠিকে আছে যদিও আনন্দ-আবেগক চম্ভালি ল’বলৈ তাই অধিক সচেতন হ’বলগীয়া হৈছে। বিয়াৰ পাছত প্ৰথমবাৰৰ বাবে ৰঞ্জনৰ পৰা এসপ্তাহ আঁতৰত থাকিল তাই। কালি ৰঞ্জনে ফোন কৰোতেও তাই কৈছিল, ‘কাইলৈ নহয় ৰণ—প্লিজ। পৰহিলৈ যাম। আৰুবা কেতিয়া এনেদৰে অহা হয় সৰু খুৰাৰ ঘৰলৈ।’ শেঁতা হৈ গৈছিল ৰঞ্জনৰ কণ্ঠ, ঠিক আছে, তোমাৰ ইচ্ছা। কিন্তু, তোমাক খুব মিচ কৰিছো অলি। ক’তো ভাল লগা নাই। একো কামতে মন বহা নাই।’...আৰু তাৰ পাছতে একো কামতে মন নবহা হ’ল অলিৰ। আজি পুৱা ৬ বজাতে তাই গুৱাহাটীমুখী গাড়ীত উঠি দিলে। কলিং বেল নবজোৱাকৈ দুৱাৰখন খুলি তাই ডয়িং ৰুমত সোমাল। তিনি বাজিছে। এই সময়ত কলেজৰপৰা আহি মুখ-হাত ধুই বাতৰি কাকত বা আলোচনী লৈ ষ্টাডিৰুমত বহেৰঞ্জন। চেণ্ডেলযোৰ খুলি বেগটো চোফাৰ ওপৰতে থৈ তাই যিমান পাৰে শব্দ নোহোৱাকৈ ষ্টাডিৰুমৰ ফালে আগবাঢ়িল।
ষ্টাডিৰূমৰ পৰ্দাখন কোচাই আশ্চৰ্য আতংকত স্থানু হৈ গ’ল অলি। তাইৰ বাবে বৰ অপ্ৰত্যাশিত আছিল সেই দৃশ্য। বিছনাৰ নিচেই কাষতে খিৰিকীৰ ওচৰত আলিংগনাবদ্ধ দুটি শৰীৰ। উদ্দাম। ঘৰ্মাক্ত। ...ৰঞ্জনৰ নিবিড় আৰু ক্ষুধাতুৰ আলিংগনত তৃপ্ত, অস্থিৰ হৈ পৰিছে বৰ্ণা। তাইৰ ৰক্তিম, আকুল অধৰে ঘূৰ্মূটিয়াই ফুৰিছে ৰঞ্জনৰ কপাল, বাহু, বুকুত... আৰু তাইৰ অৰ্ধউন্মুক্ত বুকুৰ উঠা-নামা বোৰত প্ৰচণ্ড অস্থিৰতাৰে কিবা এটা বিচাৰি চলাথ কৰিছেৰঞ্জনে— তাইৰ স্বামী ৰঞ্জনদীপ শইকীয়াই।
মাটিত যেন পোত খাই গৈছিল অলিৰ দুভৰি। তাই ৰৈ থাকিল। শব্দহীন, গতিহীন এখণ্ড সময় তাইৰ সন্মুখত ওপঙি থাকিল।
অলিৰ নিৰ্বাক উপস্থিতিৰ উমান পোৱা নাছিল আদিম আনন্দ আহৰণত ব্যস্ত ৰঞ্জন-বৰ্ণাৰ যুগল শৰীৰে। ঘন ঘন উশাহৰ পকনীয়াবোৰৰ সৈতে এক হ’ব ধৰা শৰীৰ দুটা বিছনাৰ ফালে আগবাঢ়ি গ’ল।...আৰু ঠিক সেই সময়ত অলি জ্ঞানশূন্য হৈ মজিয়াত পৰি গ’ল।
****