পৃষ্ঠা:সম্ভৱতঃ.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বুকুলৈ চপাই আনিবলৈ দুহাত মেলি দিয়ে ৰঞ্জনে। অলিয়ে চক খাই উঠে। তাই কেৱল শৰীৰ নহয়। হ’ব নোৱাৰে।.. তাইৰ মুখখন মনত আছেনে ৰঞ্জনৰ। বুকুৰ সোমাজত থকা ক’লা তিল দুটা মনত ৰখাৰ দৰে ৰঞ্জনে মনত ৰাখিব পাৰিছেনে তাইৰ ছেলাউৰিৰ তলতো এটা তিল আছে। হাঁহিলে তাইৰ বাঁও গালত টোল পৰে। অনিৰ্ণেয় এন্ধাৰ পকনীয়া এটাই তাইক অচিন গহ্বৰ এটালৈ টানি নিয়ে।

 এই শৰীৰ জহি যোৱাৰ পাছত কি বিচাৰিব ৰঞ্জনে তাইৰ ওচৰত। কি বিচাৰিব!

 ‘অলি, অলি...’ তাইৰ হাতত ধৰা ৰঞ্জনৰ হাতখনলৈ চাই সচকিত হৈ অলিয়ে ফোঁপাই ফোঁপাই উচুপিবলৈ ধৰি— ‘মোক নুচুবা। মোক নুচুবা।’

 সেইদিনা দেওবাৰ আছিল৷ ৰঞ্জনৰ বন্ধু ইঞ্জিনীয়াৰ প্ৰমথেশ কাকতিৰ বিবাহ-বাৰ্ষিকীৰ পাৰ্টিলৈ অনিচ্ছা সত্ত্বেও যাবলৈ মান্তি হৈছিল অলি। পাৰ্টিত অনভ্যস্ত অলি এমূৰৰ চোফা এখনত দুগৰাকী চিনাকি মহিলাৰ সৈতে বহি মানুহবোৰৰ আলেখ লেখ চাই থাকিল।... আৰু দুৱাৰমুখত সেয়া বৰ্ণা। হয়। বৰ্ণা আহিছে। দূগৰাকী বান্ধৱীৰ সৈতে গাঢ় নীলা ৰঙৰ চেলোৱাৰ পিন্ধা বৰ্ণা নামৰ বিশেষ ছোৱালীজনী অলিৰ সন্মুখেদিয়েই পাৰ হৈ গ’ল। অলিৰ সন্মুখত উজ্জ্বল পোহৰবোৰ ক্ৰমশঃ কমি আহি প্ৰায় নোহোৱা হ’ল। থিয়েটাৰ মঞ্চৰ স্পটলাইটৰ দৰে দুটা একক আৰু সুতীব্ৰ পোহৰত কেৱল দুলি থাকিল ৰঞ্জন আৰু বৰ্ণাৰ অবয়ৱ। অদৃশ্য মানুহৰ মৃদু কোলাহলৰ মাজত অলিয়ে নিবিষ্ট মনেৰে নিৰীক্ষণ কৰিবলৈ ধৰিলে অবয়ৱ দুটা। বৰ্ণাক দেখাৰ পাছতো জড়তাবিহীনভাৱে বন্ধুৰ লগত কথা পাতি থাকিল ৰঞ্জনে। এবাৰ অলিৰ ওচৰত আহি বহিল।... নাই। সচকিত হোৱাৰ, কিবা পোৱা বা হেৰুওৱাৰ কোনো চিহ্ন প্ৰকট হোৱা নাই ৰঞ্জনৰ মুখত। আনকি, সচেতন বা অৱচেতনভাৱে অথবা কৌতুহলী দৃষ্টিৰে পুনৰ এবাৰো তেওঁ বৰ্ণাৰ ফালে উভতি নাচালে। আৰু বৰ্ণা— ফুলৰ দৰে ধুনীয়া অথচ খৰস্ৰোতা নদীৰ দৰে উগ্ৰ যেন লগা ছোৱালীজনীৰ অবয়ৱত কেনেবাকৈ যেন ফুটি উঠিছে এক সুতীব্ৰ বিষাদৰ ৰেশ। এই বিষাদ প্ৰলেপে তাইক অধিক কমনীয় কৰি তুলিছে। অলিয়ে লক্ষ্য কৰিলে তাইৰ চকুৰ গুৰিত ক’লা দাগ পৰিছে, শীতৰ নদীৰ দৰে তাই শীৰ্ণ হৈ আহিছে। বৰ্ণাই সচেতনভাৱেই ৰঞ্জনৰ ফালে চাইছে। তাইৰ দৃষ্টিত মাজে মাজে প্ৰত্যাশা আৰু মাজে মাজে হতাশাৰ বিদ্যুৎৰেখা চমকি উঠিছে।... এবাৰ ৰঞ্জনৰ নিচেই ওচৰলৈ গৈ তাই আন কোনো ব্যক্তিৰ লগত কথা পাতিলে আৰু স্থিৰ দৃষ্টিৰে ৰঞ্জনৰ মুখলৈ চালে। তেওঁ ইতিমধ্যে উভতি লৈ আন এজনৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছিল। বৰ্ণাৰ দুচকুত অলপ অশ্ৰু বিৰিঙিব খুজিছিল নেকি! অলি উঠি গ’ল।

 ‘বৰ্ণা, ভালে আছা?’ অলিয়ে নিচেই কাষত ৰৈ তাইক সুধিলে। চমকি উঠিল বৰ্ণা। সেই দুৰ্ঘটনাটোৰ পাছত তাই আৰু অলিক লগ পোৱা নাছিল। তাই সম্ভৱতঃ ভবাও নাছিল লগ পালে অলিয়ে তাইক মাতিব। সামান্য হাঁহি ইতিবাচকভাৱে মূৰ দুপিয়ালে বৰ্ণাই।

 ‘পৰীক্ষা কেনে হ’ল?’ অলিয়ে আত্মীয়তাৰে সুধিলে।

 ‘পাৰ হৈ গৈছে আৰু৷’

 তলমূৰকৈ বৰ্ণা ৰৈ থাকিল। ম্লান হ’ব খুজিও উজ্জ্বল হৈ থকা ছোৱালীজনীৰ ওচৰত নিজকে বৰ নিষ্প্ৰভ যেন লাগিল অলিৰ। এইজনী ছোৱালীৰ মুখৰ গঢ় মনত নাই ৰঞ্জনৰ —এই ৰঙা গোলাপৰ দৰে কোমল অথচ উগ্ৰ ধুনীয়া মুখখন!

 ‘মেডাম, আমি যাওঁ। আপুনি বহিব চাগৈ অলপ সময়।’

 এসময়ত অলিক মাত লগাই বৰ্ণা ওলাই গ’ল। কাষতে বহি প্ৰমথেশৰ লগত কথা পাতি থকা ৰঞ্জনে এবাৰো উভতি নাচলে। সেইদিনা ঘৰলৈ আহি উগ্ৰমূৰ্তি ধৰিলে অলিয়ে।

 ‘তুমি বৰ্ণাক কিয় এনেদৰে এভইড কৰিবা? তাইৰ শৰীৰ স্পৰ্শ কৰাৰ পাছত তুমি কিয় জনাৰ চেষ্টা নকৰিবা তাইৰ হৃদয়ত তোমাৰ স্পৰ্শৰ দাগ আছেনে নাই?’

সম্ভৱতঃ ● ৯১