পৃষ্ঠা:সম্ভৱতঃ.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ‘তুমি কিয় এনে কৰিলা?’

 ‘এনেকুৱা ঘটনা বহুতৰ জীৱনতে ঘটে অলি। আমাৰ দুয়োৰে বাবে এয়া তুমি পাহৰিবই লাগিব।’

 ‘যদি তুমি মোক আন কাৰোবাৰ লগত তেনে এটা অৱস্থাত দেখিলাহেঁতেন সকলো পাহৰি স্বাভাৱিক হৈ থাকিব পাৰিলাহেঁতেন নে?’

 ‘ভৱিষ্যতে আৰু কেতিয়াও এনেকুৱা নহয়। মোক বিশ্বাস কৰা অলি।’

 ‘বিশ্বাস হৃদয়ৰ মাজত লুকুৱাই থোৱা কোনো মূৰ্ত বস্তু নহয় যে ইচ্ছা কৰিলেই উলিয়াই আনি য’তে ত’তে স্থাপন কৰিব পৰা যায়।’ ৰঞ্জন কোঠাৰ পৰা ওলাই যায়। নিস্ফল আক্ৰোশত অলিয়ে কটা জীয়া মাছৰ দৰে চটফটাবলৈ ধৰে।

 ৰাতিৰ পাছত দিন পাৰ হৈ যায়, দিনৰ পাছত ৰাতি। সিহঁতৰ বাবে সময় একে থাকে।... আৰু এদিন অলিক স্তম্ভিত কৰি বাতৰি কাকতত প্ৰকাশ পায় সেই খবৰটো— ‘উগ্ৰপন্থীৰ আক্ৰমণত পত্নীসহ ব্যৱসায়ী নিহত।’ কাষতে ধনী ব্যৱসায়ী স্বামীৰ সৈতে নৱ পৰিণীতা বৰ্ণাৰ ফটো। দাবী অনুযায়ী উগ্ৰপন্থীক ধন দিব নোৱাৰাৰ বাবেই এই ঘটনা। স্তব্ধ হৈ পৰে অলি। কি নৃশংস! এক প্ৰচণ্ড অপৰাধবোধ আৰু গ্লানিয়ে তাইক অবশ কৰি পেলাইছে। আচৰিতভাৱে এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নাপায় ৰঞ্জনৰ মুখত। পূৰ্বৰ নিলিপ্তিৰে চাহ খাই খাই ৰঞ্জনে পেপাৰ পঢ়ে। অলিৰ লগত দুই এটা কথা পাতে। ভাত খাই সময়ত কলেজলৈ ওলাই যায়।

 পদুলিত অপসৃয়মান হোৱা ৰঞ্জনৰ শৰীৰ কোনো ভয়ানক, অদ্ভুত বস্তু চোৱাদি অলিয়ে চাই থাকে। সেইদিনা অলপ পলমকৈ উভতি আহিল ৰঞ্জন। হাতত বজাৰৰ বেগ। অলিয়ে আগদিনাই আনিবলৈ দিয়া ফুলৰ গুটি আৰু জগজিত সিঙৰ এটা গজলৰ কেচেটো তেওঁ আনিবলৈ পাহৰা নাই।

 গা বেয়া বুলি বিছনাত পৰি থকা অলিৰ ওচৰত বহি ৰঞ্জনে কথা পাতে। এগিলাচ কুহুমীয়া গাখীৰ অলিক আগৰ দৰেই জোৰ কৰি খুৱায়। ছেমিনাৰ পেপাৰ এখনৰ কাম কৰিবলগীয়া আছে বুলি সোনকালে ষ্টাডিৰূমত সোমোৱা ৰঞ্জনক এবাৰ ভুমুকিয়াই চালে অলিয়ে। শকত ভলিউমৰ দুখন কিতাপ মেলি কিবা আঁক বাঁক কৰি আছে। তাই আঁতৰি আহিল। এক অসহায় ভীতিয়ে তাইক বৰ্ণাৰ প্ৰসংগ উলিওৱাৰ পৰা বিৰত ৰাখিলে। ডাইনিঙত বহোতেও স্বাভাৱিক ৰঞ্জন। অলিয়ে একো খাব নোৱাৰিলে। খোৱাৰ পাছত দুয়ো অলপ সময় টিভি চালে। তাৰ পাছত ৰঞ্জন ষ্টাড়িৰূমত শুবলৈ গ’ল।

 বিছনাত পৰি চটফটাই থাকিল অলিয়ে। আঃ কি নিৰ্মম! তাইৰ চকুৰ আগত ভাঁহি থাকিল বৰ্ণাৰ ৰঙা গোলাপৰ দৰে মুখখন।... আৰু সেইছবিৰ আগে-পিছেএটা অস্পষ্ট দৃশ্য— ষ্টাডিৰূমত আলিংগনাবদ্ধ দুটা শৰীৰ... দুটা কাতৰ সুঠাম বাহু, তৃপ্তিৰ আৱেশত মুদ খাই আহিব ধৰা এযুৰি চকু... ঘন ঘন উশাহৰ কিছু পকনীয়া...

 ঢহমহকৈ অলি উঠি বহিল। এগিলাচ পানী খালে। তাই ৰঞ্জনক বৰ্ণাৰ কথা সুধিব। এতিয়াই সুধিব। কেনেদৰে ইমান নিৰ্লিপ্ত হৈ শুব পাৰিছে ৰঞ্জন….. কেনেদৰে...

 ৰঞ্জন শুব পৰা নাছিল। সন্তৰ্পনে ষ্টাডি ৰূমৰ দুৱাৰ খুলি অলিয়ে দেখিলে বিছনাত পৰি দুয়ো হাতৰ তলুৱাত মুৰ ৰাখি চিলিঙলৈ শূন্য দৃষ্টিৰে চাই আছে ৰঞ্জনে। তাই কাষ চাপি আহিল। ভীষণ বিধ্বস্ত দেখাইছে ৰঞ্জনক। ৰঙা পৰা চকু দুটাৰ সৈতে মুখখনত যেন সহস্ৰ যুগৰ বিষাদ আৰু অপেক্ষাৰ অৱসাদ। তাই কাষতে বহাতো ৰঞ্জনে গম নাপালে। এইবাৰ অলিয়ে ৰঞ্জনৰ চুলিত হাত থ’লে।

 ‘ৰণ'

 অলিলৈ চালে ৰঞ্জনে। উদভ্ৰান্ত অথচ বৰ মৰ্মভেদী আছিল সেই দৃষ্টি।

 নীৰৱ মুহূৰ্ত কেইটামান পাৰ হৈ গ’ল। ৰঞ্জনক যেন ঠিকমতে বুজিব পৰা নাই অলিয়ে।

 ‘বৰ্ণাৰ এনে হ’ব বুলি মই কেতিয়াও ভবা নাছিলো ৰণ! আজিও তুমি ক’বানে— তাইৰ শৰীৰৰ

সম্ভৱতঃ ● ৯৩