পৃষ্ঠা:সম্ভৱতঃ.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অধিক ব্যস্ত হ’ল। অৱসৰৰ সময়খিনিত অধিক স্নেহ আৰু মমতাৰে তেওঁ অলিক আৱৰি ৰখাৰ চেষ্টা কৰিলে। কিন্তু স্বপ্নভংগৰ যন্ত্ৰণা আৰু অসহায়তাৰ দহন লৈ খং-অভিমানৰ এক দেৱালৰ সিপাৰে অকলশৰীয়া হৈ পৰিল অলি।

 সেই ঘটনাটোৰ পাছৰ পৰা ৰঞ্জনৰ ছাত্ৰী বৰ্ণা নামৰ ছোৱালীজনী এদিনৰ বাবেও সিহঁতৰ ঘৰলৈ অহা নাই। অলিৰ দুহাত খামুচি ধৰি গভীৰ আবেগেৰে ৰঞ্জনে বুজাইছে তাইক, ‘বিশ্বাস কৰা অলি— তাইৰ শৰীৰটোৰ বাদে আন একোৱেই মোক আকৰ্ষণ কৰা নাছিল। শৰীৰৰ ডাল-পাত মেলি ঠন ধৰি উঠিছিল তাই। ধৰি লোৱা প্ৰখৰ গ্ৰীষ্মৰ দুপৰ এটাত মই সেই ছাঁত খন্তেকৰ বাবে জিৰাইছিলোঁ।’

 অলি জিকাৰ খাই উঠে। ইংৰাজী সাহিত্যৰ ছাত্ৰী আছিল তাই। ডান, হাবাৰ্টৰ মেটা ফিজিকেল পয়েট্ৰী পঢ়িছে। প্ৰেমৰ বাবে শৰীৰৰ অপৰিহাৰ্যতাক বিশ্বাস কৰি মনৰ পৰা তাই কেতিয়াবাই আঁতৰাই পেলাইছে প্লেট নিক প্ৰেমৰ ধাৰণা। কিন্তু তাই এতিয়াও বিশ্বাস কৰিব পৰা নাই এজন প্ৰেমিকে, হৃদয়ৰ স্পৰ্শত উজ্জ্বল হৈ উঠিব পৰা এজন পুৰুষে কেৱল শৰীৰৰ তাগিদাত কোনো নাৰীৰ নগ্নতাত চলাথ কৰি ভ্ৰমিব পাৰে।

 স্বাভাৱিক জীৱনৰ ছন্দপতন ঘটে ৰঞ্জন-অলিৰ। মৰম লগা মাত-কথা, কোমল স্বভাৱৰ অলি দিনে দিনে উগ্ৰ হৈ উঠে। ডাইনিঙত বহি ভাতৰ পাতত হাত দিয়েই স্বভাৱজাত নম্ৰতা এৰি তাই প্ৰশ্নবান এৰে— ‘কিমান চাইজৰ ব্ৰা পিন্ধিছিল বৰ্ণাই?’

 খং আৰু আক্ৰোশত তাই কঁপি উঠে। বিতত হৈ তলমূৰ কৰা ৰঞ্জনৰ চকুৰ সন্মুখতে ঠন্‌ ঠন্‌কৈ ভাগি যায় আয়নাৰ গিলাচ, চীনামাটিৰ দিছ।

 ‘প্লিজ অলি... অলি... মানুহৰ ভুল হয়েই। মই ডাঙৰ অপৰাধ কৰিছোঁ। তোমাক ভীষণ কষ্ট দিছোঁ। জানো মই। কিন্তু, তোমাক ভাল পাওঁ অলি। সন্মুখলৈ চাবলৈ যত্ন কৰাচোন।... আৰু কেতিয়াও নহয় এনেকুৱা।’ হিতাহিত জ্ঞান শূন্যপ্ৰায় হোৱা অলিৰ মূৰত হাত বুলাবলৈ যত্ন কৰে ৰঞ্জনে। অলি কান্দোনত ভাগি পৰে— ‘আমাৰ বিয়াৰ এবছৰো পূৰ হোৱা নাছিল ৰণ। ক’ত কি ভুল হৈছিল মোৰ... মই এতিয়া কেনেদৰে থান থিত লগাই ল’ম ভাগি যোৱা বিশ্বাসবোৰ... কিদৰে আস্থা ৰাখিম তোমাৰ ওপৰত!’

 ক্ৰমশঃ দিনবোৰ পাৰ হৈ গৈ থাকে। খুব সূক্ষ্মভাৱে ৰঞ্জনক পৰ্যবেক্ষণ কৰিবলৈ আৰম্ভ কৰে অলিয়ে। নাই! বৰ্ণাক লগ কৰাৰ, তাইৰ বাবে মন বেয়া কৰাৰ কোনো চিহ্নই প্ৰকট হৈ নুঠে তেওঁৰ অভিব্যক্তিত।... আৰু কিছু খবৰ সংগ্ৰহ কৰি অলি নিশ্চিত হয় যে ৰঞ্জনে সঁচাকৈয়ে নিজস্ব বৃত্ত এটা গঢ়ি লৈছে যাৰ ভিতৰত বৰ্ণাৰ কোনো স্থিতি নাই।

 অলি আহত হয়। কিদৰে ক'ব পাৰে ৰঞ্জনে— ‘তাইৰ শৰীৰটোৰ বাদে মুখৰ গঢ়ো মই মনত পেলাব নোৱাৰো!’ অপ্ৰেম, অবিশ্বাসৰ পৃথিৱী এখন কল্পনা কৰে তাই। নগ্ন শৰীৰ কিছুমান লৈ কিলবিল কৰি থাকে এদল হৃদয়হীন মানুহে। কোনেও কাৰো মুখলৈ নাচায়। বৰ্ণনা নিদিয়ে শাওন কঢ়িয়াই ফুৰা সজল চকুৰ। মেঘকৃষ্ণ চুলিৰ। তাত মানুহৰ পৰিচয় হয় শৰীৰৰ গঠনেৰে, যেনে— কল গছৰ দৰে উৰুৰ তিৰোতাজনী, বাদামী নিপলৰ হালি পৰা স্তনৰ ছোৱালীজনী...। আৰু পুৰুষবোৰ! তাই শিয়ৰি উঠে। অসহ্যকৰ। অসহ্যকৰ।

 ৰাতি বহল বিছনাখনৰ চুক এটাত নিস্তেজ হৈ অলি পৰি থাকে। নিজকে তাইৰ কটা গছ এডালৰ দৰে লাগে। এসময়ত ডাল আছিল। ঠাল-ঠেঙুলীত সেউজীয়া পাত আছিল৷ সেউজীয়া পাতবোৰ বতাহত কঁপিছিল... ডালত পৰি চৰায়ে গান গাইছিল। কটাৰ পাছত সেউজীয়া হেৰুৱাই, গান হেৰুৱাই গছডাল বাগৰি পৰিল.….. এসময়ত পাতবোৰ শুকাই গ’ল.….. প্ৰখৰ ৰ’দৰ দহন আৰু বৰষুণৰ তীব্ৰতা সহি

সহি ভাগৰুৱা হৈ পৰা গছডালক শেলুৱৈ, কাঠফুলাই ছানি ধৰিলে। —এই গছডালকে খুব কাতৰ হৈ

সম্ভৱতঃ ● ৯০