পৃষ্ঠা:সম্ভৱতঃ.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ‘এটা কথা কোৱা অলি— যদি তুমি বৰ্ণাৰ লগত মোক তেনে এটা অৱস্থাত নেদেখিলাহেঁতেন আৰু তোমাক মই ক’লোহেঁতেন মইবৰ্ণাৰ প্ৰেমত পৰিছো — তোমাৰ কষ্ট এতিয়াতকৈ কম হ’লহেঁতেন নেকি?

 অলি ৰৈ যায়। বিয়াৰ পূৰ্বৰ কোনো আবেগজৰ্জৰ মুহূৰ্তত তায়েইতো কৈছিল— ‘ৰণ, মোৰ শাৰীৰিক কিবা অভাৱৰ বাবে তুমি যদি আন কৰোবাৰ ওচৰ চাপা মই কষ্ট পাম। কিন্তু, তাতকৈয়ো মোৰ অধিক কষ্ট হ’ব যদি তুমি মোৰ হৃদয়ক নেওচা দি আন কাৰোবাৰ হৃদয় বিচাৰা, প্ৰেম বিচাৰা।’ জুইৰ দৰে তীক্ষ্ণ হৈ আহে অলিৰ কণ্ঠ। ‘তুমি তাইৰ প্ৰেমত পৰিছিলা?’

 ‘ওহোঁ। দ্যেট ৱাজ জাষ্ট এ টেম্প'ৰেৰি...’

 ‘প্লিজ ষ্টপ’ইট।’ অলিয়ে হাত ভৰি এচাৰি চিঞৰি উঠে।

 ‘অলি—জীৱনত তোমাৰ বাদে আন কোনো নাৰীয়ে মোৰ হৃদয় চুব পৰা নাই।’ ৰঞ্জন আগবাঢ়ি আহে।‘মোক এবাৰৰ বাবে ক্ষমা কৰি নিদিবানে?’ উচুপনি এটা খামুচি অলি বিছনাত ঢলি পৰে আৰু তেনেদৰেই টোপনি যায়। নিদ্ৰিত প্ৰেয়সী পত্নীৰ কাষত বহি নিদ্ৰাহীন ৰাতিটোৰ দুটা প্ৰহৰ পাৰ কৰি দিয়ে ৰঞ্জনদীপ শইকীয়াই।

****

 অবিশ্বাস আৰু সংশয়ৰ প্ৰচণ্ড ব্যৱধান অতিক্ৰম কৰি অলি এদিনৰ বাবেও ৰঞ্জনৰ কাষলৈ নগ'ল। এক মাৰাত্মক জেদে তাইৰ হৃদয়ত, তাইৰ তেজত পানীৰ বাবে অপেক্ষা কৰি থকা মৰা সূঁতি এটাৰ স্তব্ধতাখিনি বিয়পাই দিছিল। আৰু অলিৰ স্বাভিমান, কঠোৰতাক মূল্য দি ৰঞ্জনে ষ্টাডিৰূমত শুবলৈ আৰম্ভ কৰিছিল। কিন্তু, বৰ আশ্চৰ্যকৰভাৱে দুয়ো উপলব্ধি কৰিছিল যে বিচ্ছিন্ন, ভিন্নমুখী জীৱন যাপন কৰিলেও দুয়োৰে মাজত এনে দৃঢ় বন্ধন আছে, পৰস্পৰৰ ওচৰত ইমান নিৰাপদ আশ্ৰয় আছে যে একেখন পৃথিৱীতে পৰস্পৰৰ পৰা বহু আঁতৰি জীয়াই থকাটো সম্ভৱ নহ'ব।

 এদিন বৰ্ণাই ফোন কৰিলে অলিলৈ। শ্বিলঙত থকা যোৰহাটৰ ব্যৱসায়ী এজনৰ লগত তাইৰ বিয়া।

 ‘মেডাম, মই কাৰ্ড পঠাইছো।’ বিয়ালৈ আপোনালোক আহিবই লাগিব। ছাৰক ক’ব।

 ‘তুমি সুখী নে বৰ্ণা?’

 ‘সুখী হ’বলৈ যত্ন কৰিম। পাৰিলে মোক ক্ষমা কৰি দিব মেডাম।’

 খবৰটোৱে ৰঞ্জনৰ মনত কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰিলে। অন্ততঃ বাহ্যিক দৃষ্টিত তেনে যেনেই লাগিল। স্বাভাৱিকতেই বৰ্ণাৰ বিয়ালৈ সিহঁতৰ যোৱা নহ’ল।

 বিয়াৰ দিনা ৰাতিৰ আহাৰৰ পাছত ৰঞ্জনৰ ৰূমত পানী এগিলাচ দিবলৈ গৈ অলিয়ে দেখিলে দুই হাত মূৰৰ তলত ৰাখি চিলিংখনলৈ শূন্য দৃষ্টিৰে চাই আছে ৰঞ্জনে।

 ‘কি ভাবিছা?’ ৰঞ্জনৰ খুব কাষত বহি মৰমেৰে সুধিলে তাই। আচলতে সেইদিনা বৰ্ণাৰ বাবে তেওঁৰ হৃদয়ত প্ৰেম আৰু আবেগৰ ঢৌ আছে বুলি বুজিব পৰা হ'লেই অলি সুখী হ'লহেঁতেন।‘মোৰ ডিপাৰ্টমেণ্টৰ খুব চোকা ছাত্ৰ এজন আজি ঢুকাইছে। ৰাস্তা পাৰ হওঁতে গাড়ীয়ে চেপি মাৰিলে। বৰ ব্লাইট ষ্টুডেণ্ট আছিল। জিনিয়াছ..’, ৰঞ্জনে উত্তৰ দিলে। সঁচাকৈয়ে পাছদিনা বাতৰি কাকতত খবৰটো পঢ়িলে অলিয়ে।

 দিনবোৰলৈ কোনো নতুনত্ব নাহিল। ৰঞ্জনক নিৰীক্ষণ কৰি থকা অলি ভাগৰি পৰিল। সঁচাকৈয়ে বৰ্ণাৰ শৰীৰহে চিনি পাইছিল ৰঞ্জনে। হৃদয়ৰ কোনো অনিৰ্বচনীয় অনুভূতি সাঙোৰ খাই থকা নাছিল ৰঞ্জনৰ স্পৰ্শত। হৃদয়ৰ অনুপস্থিতিত মঙহৰ বাবে ক্ষুধাৰ্ত হৈ পৰিছিল তাইৰ স্বামী। তাই উপলব্ধি

কৰিলে। এয়া তাইৰ বাবে কষ্টকৰ আছিল। তাই বাৰে বাৰে ৰঞ্জনৰ মুখামুখি হয়—

সম্ভৱতঃ ● ৯২