পৃষ্ঠা:সম্ভৱতঃ.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাদে………।’ অলি ৰৈ গ’ল। তাইৰ অস্বস্তি ভাঙি যেন ব-হু-ত দুৰৰ পৰা ভাঁহি আহিল ৰঞ্জনৰ কণ্ঠ—

 ‘...তাইক স্পৰ্শ কৰাৰ আগতে তাই মোৰ হৃদয় চুইছিল অলি... কিন্তু কোনো পৰিস্থিতিতে মই তোমাক হেৰুৱাব খোজা নাছিলো।’ হুমুনিয়াহত পাক খাই খাই ওলাই অহা ৰঞ্জনৰ কথাখিনিয়ে খিৰিকীৰ পৰ্দাখন যেন মৃদুকৈ কঁপালে। ক্ৰমশঃ সেই কঁপনিটো প্ৰসাৰিত হ’ল কোঠাটোৰ ইষৎ নীলা পোহৰখিনিলৈ... তাৰ পাছত অলিৰ হাত দুখনলৈ। হাতত কঁপনিটো গুজি লৈয়ে অলিয়ে ৰঞ্জনৰ চুলিত আঙুলি বুলালে। প্ৰত্যয় আৰু মমতাৰ বহুত আশ্বাস আছিল নেকি সেই স্পৰ্শত! ৰঞ্জনে অলিৰ বুকত মুখ গুজি উচুপিবলৈ ধৰিলে।

 বাহিৰত সোঁ সোঁকৈ এজাক বতাহ বলিছিল। ক’ৰবাত এটি নিশাচৰ চৰায়ে ৰৈ ৰৈ বিনাইছিল। কোনোবা এটা বিন্দুত যেন মিলি গৈছিল বতাহৰ সোঁ সোঁৱনি... চৰাইৰ বিননি... ৰঞ্জনৰ উচুপনি... আৰু ৰঞ্জনৰ চুলিৰ মাজত পথ হেৰুৱাই পেলোৱা অলিৰ হাতৰ অস্ফুট বুলনি...।❐ ❐

সম্ভৱতঃ ● ৯৪