কোন্, লাহৰীৰ আইতাক নো কোন্, কমলে আজি কাৰো সম্বন্ধ-ভেদ নুবুজা হল। যেয়ে যি কথাকে সোধে, কমলে উত্তৰত কেৱল লাহৰীৰ কথা হে কয়। নাইবা, জীৱনী-শক্তি-শূন্য শেঁতা মুখখনি এফলীয়াকৈ কাঠৰ পুতলাটিৰ দৰে কমলে জলকা লাগি চাই থাকে। ইচ্ছাময়ৰ কি অলৌকিক মহিমা! মানুহক এই দৰেও তেওঁ পুতলা নচুৱায়! যি কমল পামপুৰৰ ভিতৰত শান্ত, ধীৰ আৰু গহীন স্বভাৱৰ এটি পটন্তৰ আছিল, আজি সেই কমল এনে অস্থিৰ আৰু বাতুল! যি কমলে বুঢ়া বিষয়া আৰু চুবুৰীয়াৰ
ওচৰত লাজতে মুছকঁছ যায়, আজি সেই কমলৰ লাজ নো কি, তাৰ বোধ নাই; যাৰে-তাৰে আগত তেওঁ “লাহৰী” “লাহৰী” বুলি চিয়ঁৰিব লাগিছে । কমলে যে লাহৰীক ইমান ভাল পায়, লাহৰী যে কমলৰ এনে হৃদয়ৰ গুপুত ধন আছিল, ইমান দিনে লাহৰীৰ আইতাক আৰু দেউতাকত বাজে আন
কেৱে নাজানিছিল।
এই দৰে উন্মাদ অৱস্থাতে কমলৰ দহ-বাৰ দিনমান গল। সেই কেইদিনৰ ভিতৰত তেওঁ কৃষ্ণৰাম গোহাঞিৰ ঘৰত কেইদিন আছিল কব নোৱাৰে। তাৰ পাচত, লাহে লাহে কালৰ গতিত কমল আকৌ দিনে দিনে তিল পৰিমাণে ধীৰ হৈ আহিল। কিন্তু লগে লগে তেওঁৰ আন্তৰিক সন্তাপ ভাল পৰিমাণে বাঢ়িবলৈ ধৰিলে। দিনে দিনে কমল শুকাই-ক্ষীণাই যাবলৈ ধৰিলে। কীৰ্ত্তিনাথ গোহাঞিয়ে কমল আৰু লাহৰীৰ এনে অকৃত্ৰিম প্ৰণয়ৰ কথা ভালেমান দিন ভাৰ্য্যাৰ মুখৰপৰা শুনিছিল যদিও, লাহৰী-কমলৰ প্ৰণয়-বান্ধ যে এনে অকৃত্ৰিম আৰু ইমান দৃঢ়তম আছিল, তাৰ সম্ভেদ্ তেওঁ আগেয়ে নাপাইছিল। এতিয়া, কমলৰ এনে পৱিত্ৰ প্ৰেমৰ চিনাকি পাই কীৰ্ত্তিনাথ গোহাঞিয়ে আত্ম সম্মানৰ নিমিত্তে স্বাৰ্থপৰ কাৰ্য্য কৰাৰ বাবে অনুতাপ কৰিবলৈ ধৰিলে। স্বামী-ভাৰ্য্যা দুযো এতিয়া কমল-গছৰ গাত লাহৰী-লতাৰ সাঁচ চাই মন পতিয়াবলৈ ধৰিলে। সিবিলাকে