পৃষ্ঠা:লাহৰী.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪৮
লাহৰী


কত নো গুণ গাবলৈ ধৰিছে, তাৰ আদি-অন্ত নাই। স্বৰূপতে, ধনবৰ দুষ্ট আৰু অসৎ স্বভাৱৰ লৰা আছিল যদিও, সেই আপদীয়া বিয়াৰ সম্পৰ্কত তেওঁ একেবাৰে নিৰ্দ্দোষী। কিন্তু, অদৃষ্টত যাৰ য’ত যেনেকৈ মৰণ নিৰ্দ্দিষ্ট আছে তাক কোনে খণ্ডাব পাৰে? পুত্ৰ-শোকত বিমোৰ হৈ শূলধৰ বৰগোহাঞিৰ আৰু পামপুৰত তিষ্ঠিবলৈ ইচ্ছা নোহোৱা হল; সেই দুৰ্ঘটনাৰ পাচত এমাহমান থাকি, তেওঁ মাটি-বাৰী, বয়-বস্তু বেচি, বিষয়াসকলৰ ওচৰত বিদায় লৈ, পামপুৰ এৰি তেজপুৰৰ ফালে গলগৈ।

 সিবিলাকক সিমানতে বিদায় দি, আমি আকৌ পাঠকসকলক কমলৰ বিলাই দেখুৱাবলৈ লৈ যাওঁ। আজি পাঠকসকলে পামপুৰৰ চাৰিওফালে বিলাই-বিপত্তিকে হে দেখিব। বাটে, ঘাটে, ঘৰে, বাহিৰে, মতা, মাইকী, লৰা, ছোৱালী সকলোৰে মুখত কেৱল এই দুৰ্ঘটনাৰ বেজাৰৰ কথা হে শুনিব; সকলোকে আজি শোকত বিমোৰ হোৱা দেখিব। হাঁয় ! যি পামপুৰ এবাৰ সুখৰ ঠাই, শান্তিধাম বুলি বৰ্ণোৱা হৈছিল, আজি সেই পামপুৰত এনে অশান্তি! কমলে সেই দিনা নো কিমান গঁতা খালে,কিমান কিল খালে, কিমান ককৰ্থনা সহিব লগীয়া হৈছিল, তথাপি তেওঁ প্ৰাণৰ প্ৰাণ মৰমৰ লাহৰীৰ লগত লগ লাগিবলৈ নাপালে! পাচতো, কমলে লাহৰীৰ ছঁয়া চাই পিচত লৰিবলৈ ছেগ নাপালে। কমলক ধৰি নিবৰ দেখিয়েই হে যে লাহৰীয়ে ফৰিং-উফৰাদি আহি তেনে বিপদৰ জুইত পৰিলে সেই কথাৰ সোঁৱৰণীয়ে কমলৰ কোমল হিয়া অনুতাপত দগ্ধ কৰিবলৈ ধৰিলে। কমলে এটোপা চকু-পানীৰে সকলো বেজাৰ ধুই নিশ্চিন্ত থাকিব বুলি লাহৰীলৈ লিখিছিল; আজিচোন সাতখন সাগৰৰ পানী আনি ধুৱালেও কমলৰ একেটি বেজাৰৰ চিনকে ধুই গুচাব নোৱাৰা হল। হাঁয় ! আগেয়ে লাহৰীক বাউলী হব দেখিলে, কমলে নিজে স্থিৰ থাকি তেওঁক সান্ত্বনা দিছিল; আজি নিজৰ তেনে অৱস্থাত কমলক শান্তি দিয়ে কোনে!