লাহৰীক ধৰি নিয়াৰ পাচতে দিনদহেক পামপুৰৰ পলোৱা মানুহবিলাক ঘৰলৈ উলটি অহা নাই। সকলোৰে ঘৰ-বাৰী একেবাৰে এৰা-পলৰীয়া ঘৰৰ দৰে হৈছে। নিজম পামপুৰ একেবাৰে নিজান নিমাত। মাজে মাজে ছেগ বুজি দুষ্ট মানুহবিলাকে যাৰ য'ত যি পাইছে, অবাধে লৈ গৈছেহি! ইফালে হাবিত মানুহবিলাকে পেটৰ ভোকত কল্মলাই ফুৰিছে। আজি পামপুৰৰ এনে শোক-লগা অৱস্থাত ভালৰ চৰাই-চিৰিকতিয়েও বিষাদৰ সুৰেৰে সমবেদনা জনাইছে। ভাবিলে শোক লাগে, এসময়ত অসম দেশ অৰাজক পাই, নৰ-ৰাক্ষস কিছুমানে দুখীয়া-নিচলা অসমীয়াৰ এনে দুৰ্গতি কৰিছিল! এনেবিলাক দুখ-দুৰ্গতি নিজে দেখা বা ভোগ কৰাৰ কথাকে নকওঁ, এতিয়া লোকৰ মুখে শুনিলেও, চকুলো নুটুকি থাকিব নোৱাৰি! তৃতীয় দিনা জানিবা বিষয়া বিলাকে ঘৰলৈ উলটিবলৈ ধৰিলে। চতুৰ্থ দিনা বিষয়া জনচাৰেক আহি দেখে, দেখোন অন্য উৎপাত, একো নাই; মানে বিয়া ভাঙ্গি সেই দিনাই উলটিলে। সিবিলাকে হাবিয়ে-বননিয়ে মানুহ পঠিয়াই বাকী মানুহবিলাককো মতাই অনালে। প্ৰথমে কীৰ্তিনাথ গোহাঞি কিম্বা আন কোনো বিষয়াই মানৰ হঠাৎ এই উৎপাতৰ কাৰণ একোকে বুজিব নোৱাৰিছিল। তাৰ পাচত, পাষণ্ড ৰত্নেশ্বৰৰ কথালৈ কীৰ্তিনাথ গোহাঞিৰ মনত পৰিল। তেতিয়া হে তেওঁ বুজি উঠিল যে, সেই পাষণ্ডয়ে এই প্ৰতিশোধ দিলে।
পৃষ্ঠা:লাহৰী.pdf/১০৮
অৱয়ব