পৃষ্ঠা:লাহৰী.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪৯
লাহৰী

কমলৰ মানত আজি সংসাৰ মৰুময়, সমূলি অসাৰ আৰু আন্ধাৰ ! কমলে লৰাকালতে মৰমৰ আইতাক আৰু দেউতাকক হেৰুৱায়ো ইমান বেজাৰ, এনে শোক পোৱা নাছিল। কমলে লাহৰীলৈ লিখা চিঠিত সকলো সঁচা কথাকে লিখিছিল। লাহৰীৰ যদি ধনবৰৰ লগতে বিয়া হলহেঁতেন, তেও কমল মহাসুখে থাকিলহেঁতেন; লাহৰীৰ সাংসাৰিক সুখ-দুখ তেওঁ চকুৰে চাই থাকিবলৈ পালেহেঁতেন। আজি কমলে এই সংসাৰৰ ভিতৰত তেওঁৰ একেটি মাথোন শান্তিৰ প্ৰতিমা একেবাৰে হেৰুৱালে ! আজি কমলে নিজৰ জীৱনতকৈয়ো অধিক আদৰৰ বস্তুটিৰ এনে আলাই-আথানী দেখিলে! বুজন হৈছে বুলিও, কমলৰ প্ৰাণ নিচেই কোমল,কমলৰ হিয়া অতি আলসুৱা; আৰ্চীৰ দৰে সি ইফালে চালে সিফাল দেখা নিৰ্ম্মল। এতিয়া যে এনে বিপদ-ধুমুহাই পাই কমলৰ কোমল প্ৰাণ ক’ৰাবলৈ উৰুৱাই নিব! এতিয়া যে নিঠুৰ শোক-শেলে ভেদি কমলৰ কুমলীয়া হিয়া থকাসৰকা কৰিব ! লাহৰী-লতা সিফালে উৱঁলিয়েই গল নে কি, তাৰ চিন্ নাই; ইফালে কমল-গছ, সেই লতা-বান্ধনী এৰুৱাই নিয়াত, মৃদু মলয়াতে হলি পৰা হয়! এইহেন ভয়ঙ্কৰ বিপদৰ ধুমুহাত পৰি কোমল কমল গছ এতিয়া কেনেকৈ তিষ্ঠি থাকে? ইফালে লাহৰী-কমলৰ প্ৰেম-বান্ধনীৰ প্ৰণয়-সূতা অনন্ত নোহোৱা হলে তো কথাই আহৰি, ইমান পৰ কমলক দেখিবলৈকে পোৱা নগলহেঁতেন কেতিয়াবাই টেঁটু-চেপা খাই তেওঁৰ প্ৰাণ অন্ত হলহেঁতেন। হাঁয়, আসন্ন বিপদতো ধৈৰ্য্য ধৰা কমল আজি সমূলি অধিৰ, একেবাৰে বাতুল ! কাৰ কি হৈছে, কোন্ ক′ত আছে, কমলে আজি একো কব নোৱাৰে। কব পাৰে, কেৱল লাহৰীৰ কথা; লাহৰীৰ গুণ সাত দিন সাত ৰাতি বিনালেও আজি তেওঁৰ ওৰ নপৰে। তেওঁ দেখিছে মাথোন পাষণ্ডহঁতে লাহৰীক ধৰি নিয়া ৷ কৃষ্ণৰাম গোহাঞি কোন্,তেওঁৰ ঘৈণী নো কোন্,কীৰ্ত্তিনাথ গোহাঞি