পৃষ্ঠা:লাহৰী.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫১
লাহৰী


কমলতে লাহৰী-কমলৰ যুগল-মূৰ্ত্তি দেখা পোৱা হল। লাহৰীৰ আইতাকে যে কমলক নেদেখিলে ক্ষন্তেকো থাকিব নোৱাৰা হৈ পৰিল। কমল আগত থাকিলে, ঘনে ঘনে তেওঁৰ লাহৰীলৈ মনত পৰে হয়, কিন্তু কমলৰ কোমল ভাব-গতি দেখি তেওঁ অন্তৰৰ জ্বলা-জুই বৰকৈ জ্বলি আকৌ নিমিষতে চেঁচনি পৰা যেন পায়। কীৰ্ত্তিনাথ গোহাঞিয়েও কমলক দেখিলেই আঁকোৱালি চপাই ধৰি লৰাৰ দৰে কোলাত তুলি লয়। পাচলৈ তেৱোঁ কমলক নেদেখিলে থাকিব নোৱাৰা হল। বুদ্ধিমান কমলে এই কথা বুজিব পাৰি, পাচলৈ প্ৰায় সদায় কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰত হে থকাহি হল; কৃষ্ণৰাম গোহাঞিৰ ঘৰত কেৱল তেওঁ সময়মতে খাবলৈ হে যায়। কৃষ্ণৰাম গোহাঞি বৰ জ্ঞানী মানুহ, কমলৰ এনে জ্ঞান আৰু বুদ্ধিৰ পৰিচয় পাই তেওঁ সেই বাবে সন্তোষ হে পাইছিল। এই দৰে থাকি থাকি কমল পাচলৈ কীৰ্ত্তিনাথ গোহাঞি আৰু কৃষ্ণৰাম গোহাঞিৰ অতি আদৰৰ উমৈহতীয়া পুত্ৰৰ দৰে হৈ উঠিল।