দেখিবলৈ ভাল সৰু সৰু গছৰ একোটি জোপা। সেই জোপাৰ ভিতৰত গছ-গছনি একো নাই;মাথোন দুটিমান মানুহ থিয় হব পৰা একোডোখৰ দুবৰিবনেৰে ছাতি খোৱা ঠাই সেই ৰঙ্গা,বগা,হালধীয়া ধুনীয়া ধুনীয়া গছেৰে বেৰি থোৱা হৈছে। আৰু, প্ৰতি দহ হাতৰ অন্তৰত একোজুপিকৈ সেই বাটৰ দুকাষে দুশাৰী সুমথিৰা টেঙ্গা। পুখুৰীৰ পাৰলৈ অলপ নিলগৰপৰা চাই পঠিয়ালে এটি বৰ সুন্দৰ উদ্যানৰ ছবি৷ তাতে আকৌ নানা তৰহৰ ফুলবোৰ ফুলি জক্মকাব লাগিছে। ৰঙা ৰঙা সুম্থিৰা টেঙ্গা ডাল ভৰি ভৰি লাগি ফুলৰ ওপৰে তিৰ্বিৰাব লাগিছে। এই পুখুৰীৰ পাৰত ফুলনিৰ মাজে মাজে ফুৰাৰ কথাকে নকওঁ, তালৈ নিলগৰপৰা চাই থাকিলেও হিয়া জুৰায়;বহুত দুখে-ভাগৰে অহা মানুহে ভোক-পিয়াহ সকলো পাহৰি যায়। তাতে এতিয়া আবেলি-বেলিকা। পছিম ফালৰপৰা সেন্দুৰীয়া ৰ’দ পৰি সেই শোভাৰ জেউতি আৰু মনমোহাকৈ চৰাইছে!
তাৰ পাচত, এবাৰ পদূলিলৈ ওলাওঁ। পদূলিৰ বিষয়ে বহলাই নকলেও হব। পিচফালৰ পুখুৰীৰ বিতোপন শোভা চায়ে আগফালৰ পদুলিৰ শোভাও অনুমান কৰিব পাৰি। পদুলিৰ দুকাষে দুখনি দুহাতমান বহল দীঘলী ফুলনি। বাট-চৰাৰ দুকাষে দুজুপি বকুল ফুল। পদূলিমূৰত থিয় হোৱা মাত্ৰকে আমোল্মোল গোন্ধত মুগ্ধ হোৱা যায়। বাট-চৰাৰ সমুখতে ৰাজবাটৰ সিপাৰে এটি সৰু পঢ়াশালি। তাতে বিষয়াসকলৰ আৰু আন মানুহৰ লৰা-ছোৱালীয়ে পঢ়েহি। এই পঢ়াশালিটি কীৰ্ত্তিনাথ গোহাঞিদেৱে বহু যত্নেৰে স্থাপন কৰে। তেওঁ নিজে গুৱাহাটীলৈ গৈ এখন ভাল শিক্ষিত পণ্ডিত আনি এই পঢ়াশালিৰ অধ্যাপক পাতে। আৰু, তেওঁৰ উৎসাহতে আন-আন বিষয়াসকলেও যোগ দি পঢ়াশালিটিৰ অৱস্থা বৰ টনকিয়াল কৰি ৰাখিছিল।
পাঠকসকলে,বোধ কৰোঁ,তেওঁবিলাকৰ চেনেহী লাহৰীৰ কথা আকৌ শুনিবলৈ আশা পালি আছে। আমি সিবাৰ লাহৰীক দুবছৰীয়াটি হওঁতেই