পৃষ্ঠা:লাহৰী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

থাকিলে এনে হে লাগে, যেন কোনোবা দেৱকন্যা হে পৃখিৰীলৈ নামি আহি সেই দৰে ইপাহী-সিপাহীকৈ ফুলবিলাক চুমি চুমি ফুৰিছেহি। কেতিয়াবা গছৰ পাতৰ আৰত গা-টি আৰ হৈ থাকোঁতে লাহৰীয়ে হালি গৈ যেতিয়া ফুলৰ গোন্ধ লয়, তেতিয়া নিলগৰপৰা চাই পঠিয়ালে ফুল ইপাহেই নে সিপাহেই ঠিক কৰাই টান হৈ পৰে। আমি ওপৰত কোৱা সম্বন্ধ যদি সঁচা নহয়, তেন্তে লাহৰীৰ নো ফুলৰ লগত প্ৰকৃত কি সম্বন্ধ, আমি এতিয়াও ঠিৰাংকৈ কব নোৱাৰিছোঁ এথোন। লাহৰী যেতিয়া ফুলনিলৈ সোমায়, তেতিয়া তেওঁ পুখুৰীৰ চাৰিওপাৰৰ প্ৰত্যেক জুপি ফুলৰ ওচৰলৈ গৈ, প্ৰত্যেক জুপি ফুলৰে এপাহীকৈ ফুল আৰু এটিকৈ কলি তুলি আনি,এটি ধুনীয়া জোপাৰ মাজত দুবৰিবনৰ ওপৰত বহি তেওঁ নানা আৰ্হিৰে মালা গাঁথি, দুধাৰমান তেওঁ আপুনি পিন্ধে, বাকী কেইধাৰ সৰু সৰু গছৰ ডালত আৰি থৈ অলপ আঁতৰৰপৰা চাই থাকেগৈ। নিতৌ সন্ধিয়া নলগালৈকে লাহৰীয়ে এই দৰেই ফুলনিত সোমাই ফুলকুৱঁৰী হৈ থাকেগৈ। কিন্তু, পাঠক! লাহৰীয়ে এই দৰে জোপাৰ মাজত সোমাই মালা পিন্ধি অলপ আঁতৰি গছত আৰি থোৱা ফুললৈ একে ঠৰে চাই থকা দেখিলে-ফুলকুৱঁৰীতকৈও আৰু কাৰোবালৈ মনত পৰে,—নিলগৰপৰা চাই পঠিয়ালে এনে হে বোধ হয়, যেন ৰাধিকাই হে কুঞ্জলতাৰ মাজত শ্ৰীকৃষ্ণক ধ্যান কৰি পৱিত্ৰ প্ৰেমৰ ভাৱত ভোল গৈ ৰৈছে! পাঠকসকলে ইয়াতে মনৰ হাবিয়াস পলুৱাই এই মোহিনী মূৰ্ত্তিকে চাই থাওক; আমি আকৌ সিবিলাকৰ মৰমৰ হেৰোৱা ধন বিচাৰি যাওঁ।